উপ-ৰাষ্ট্ৰপতি সচিবালয়

জনসংখ্যা বৃদ্ধিৰ লগে লগে উন্নয়নৰ সমস্যা সম্পর্কে সজাগ কৰিলে উপ-ৰাষ্ট্ৰপতি

ৰাজনৈতিক দল আৰু জন প্ৰতিনিধিসকলক এই বিষয়ত সাধাৰণ জনতাক শিক্ষিত কৰি তোলাৰ আহ্বান উপ-ৰাষ্ট্ৰপতিৰ

ভাৰতৰ বহু বছৰ পুৰণি যৌথ পৰিয়াল ব্যৱস্থা পুনৰ ঘূৰাই অনাৰ আহ্বান উপ-ৰাষ্ট্ৰপতিৰ

জ্যেষ্ঠ লোকসকলক কৰা অৱহেলা বা তেওঁলোকৰ ক্ষেত্ৰত বেয়া খবৰে উদ্বিগ্ন কৰি তোলেঃ উপ-ৰাষ্ট্ৰপতি

লিংগ বৈষম্যই আমাৰ সমাজত সুস্থিৰতাত বিৰুপ প্ৰভাৱ পেলাবঃ উপ-ৰাষ্ট্ৰপতি

উপ-ৰাষ্ট্ৰপতিয়ে সকলো ধৰণৰ লিংগ বৈষম্যমুক্ত এখন সমাজ গঢ়াৰ আহ্বান জনায়

সংসদ আৰু ৰাজ্যিক বিধান সভাত মহিলাৰ বাবে উপযুক্ত সংৰক্ষণৰ ব্যৱস্থা কৰাৰ আহ্বান

‘ভাৰতত জন্ম অনুসৰি লিংগ অনুপাতৰ স্থিতি’ আৰু ‘ভাৰতত জ্যেষ্ঠ নাগৰিকৰ সংখ্যাঃ স্থিতি আৰু সহায়ক ব্যৱস্থাপনা’ শীর্ষক দুখন প্ৰতিবেদন প্ৰকাশ

Posted On: 20 AUG 2020 1:31PM by PIB Guwahati

উপ-ৰাষ্ট্ৰপতি শ্রী এম ভেংকাইয়া নাইডুৱে দেশত জনসংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে উন্নয়নৰ সমস্যাসমূহৰ সমাধান কৰাটো আৰু কঠিন হৈ পৰা বুলি সজাগ কৰি দিয়ে৷

আজি ভাৰতত জন্ম অনুসৰি লিংগ অনুপাতৰ স্থিতি আৰুভাৰতত জ্যেষ্ঠ নাগৰিকৰ সংখ্যাঃ স্থিতি আৰু সহায়ক ব্যৱস্থাপনাশীর্ষক দুখন প্ৰতিবেদন প্ৰকাশ কৰে উপ-ৰাষ্ট্ৰপতিয়ে৷ ইণ্ডিয়ান এছ’চিয়েচন ফৰ পার্লিমেণ্টেৰিয়ান ফৰ পপুলেচন এণ্ড ডেভেলপমেণ্ট(আইএপিপিডি) এই প্ৰতিবেদন দুখন প্ৰস্তুত কৰিছে।

প্ৰতিবেদন প্ৰকাশৰ পাছত অনলাইনযোগে আগবঢ়োৱা বক্তব্যত উপ-ৰাষ্ট্ৰপতিয়ে জনসংখ্যা আৰু উন্নয়নৰ দিশত দৃষ্টি দিয়াৰ বাবে আইএপিপিডিক উচ্চ প্ৰশংসা কৰে৷ তেওঁ কয় যে বিশেষজ্ঞসকলে কৰা অনুমান অনুসৰি ২০৩৬ চনৰ মাজত ভাৰতৰ জনসংখ্যা প্রায় ১৫২ কোটি হ’ব৷

নাগৰিকসকলক মৌলিক সেৱা প্ৰদানৰ কথা উল্লেখ কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে দেশত ২০ শতাংশ লোকে এতিয়াও দৰিদ্ৰ সীমা ৰেখাৰ তলত বসবাস কৰে৷ দেশত এতিয়াও বহু নিৰক্ষৰ লোক আছে৷ যাৰফলত দেশে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে৷ এই প্ৰসংগত তেওঁ সাধাৰণ লোকসকলৰ পৰিয়াল পৰিকল্পনাৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিয়ে৷ উপ-ৰাষ্ট্ৰপতিয়ে কয় যে প্ৰধানমন্ত্রীয়ে যোৱা বছৰ স্বাধীনতা দিবসৰ ভাষণত সৰু পৰিয়ালৰ নীতি অনুসৰণ কৰি সমগ্ৰ দেশবাসীক উন্নয়নৰ ক্ষেত্ৰত অবদান আগবঢ়োৱাৰ বাবে যি আহ্বান জনাইছিল তাৰ প্ৰতি সকলোৱে সমৰ্থন কৰা উচিত৷

শ্ৰী নাইডুৱে বিভিন্ন ৰাজনৈতিক দল আৰু জন প্ৰতিনিধিসকলক এই গুৰুত্বপূর্ণ বিষয়ত দৃষ্টি আকর্ষণ কৰাৰ লগতে সাধাৰণ জনতাক শিক্ষিত কৰি তোলাৰ আহ্বান জনায়৷

ভাৰতত বহু বছৰ পুৰণি যৌথ পৰিয়াল ব্যৱস্থা পুনৰ ঘূৰাই অনাৰ আহ্বান জনায় শ্রী নাইডুৱে কয় যে আমাৰ দেশৰ এই পৰিয়াল ব্যৱস্থা অৱশ্যে অন্যান্য দেশৰ বাবে আদর্শ হৈ উঠিব পাৰে৷

শ্রী নাইডুৱে ভাৰতৰ ঐতিহ্যমণ্ডিত যৌথ পৰিয়াল ব্যৱস্থাপনাত জ্যেষ্ঠসকলে শ্ৰদ্ধা লাভ কৰা বুলিও অৱগত কৰে৷ উপ-ৰাষ্ট্ৰপতিয়ে কয় যে জ্যেষ্ঠসকল হ’ল পৰিয়ালৰ সন্মান আৰু সংস্কাৰৰ ৰক্ষক, ন্যায় পৰায়ন আৰু ঐতিহ্যৰ বাহক৷ তেওঁ লগতে কয় যে যৌথ পৰিয়ালসমূহত শিশুসকলে জ্যেষ্ঠ প্ৰজন্মৰ আদৰ, স্নেহ, যত্ন, প্ৰেম, পৃষ্ঠপোষকতা আৰু নীতি আদর্শত ডাঙৰ হয়৷

উপ-ৰাষ্ট্ৰপতি নাইডুৱে কয় যে জ্যেষ্ঠ লোকসকলক কৰা অৱহেলা বা তেওঁলোকৰ ক্ষেত্ৰত বেয়া খবৰে তেওঁক উদ্বিগ্ন কৰি তোলে৷ নৱ প্ৰজন্মক জ্যেষ্ঠ নাগৰিকসকলৰ সৈতে সমন্বয় আৰু সংযোগ বজাই ৰখাৰ আহ্বান জনাই শ্রী নাইডু কয় যে অসুস্থ জ্যেষ্ঠসকলৰ চিকিসা সুনিশ্চিত কৰাৰ দৰে বিষয়সমূহক গুৰুত্বসহকাৰে বিচাৰ কৰিব লাগিব৷ উপ-ৰাষ্ট্ৰপতি কয় যে সমাজত লিংগ সমতা অনাটো প্ৰয়োজন৷ শিশুৰ জন্মৰ পূৰ্বেই লিংগ নির্ধাৰণ আৰু গর্ভপাতৰ দৰে ঘটনা ৰোধ কৰিবলৈ আইন যথেষ্ট কঠোৰ কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে৷ সমাজৰ পৰা লিংগ বৈষম্য দূৰ কৰাৰো আহ্বান জনায় উপ-ৰাষ্ট্ৰপতিয়ে৷ বিদ্যালয়সমূহত নৈতিক শিক্ষাৰ প্ৰসাৰত আহ্বান জনাই উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ইয়াৰ জৰিয়তে শিশুসকলৰ বিকাশৰ লগে লগে সময়মতে দায়বদ্ধ আৰু সংবেদনশীল নাগৰিক হৈ উঠিব৷ কন্যাসকলৰ বিনামূলীয়া বাধ্যতামূলক শিক্ষা সুনিশ্চিত কৰাৰ লগে লগে কন্যা ভ্রুণ হত্যা, বিবাহৰ সময়ত যৌতুক প্ৰদানৰ দৰে ঘটনা ৰোধ কৰিবলৈ আইন কঠোৰভাবে প্ৰয়োগ কৰাৰো আহ্বান জনায়৷ তেওঁ কয় যে মহিলাসকলক সম্পত্তিৰ সমান ভাগ দিব লাগিব যাতে তেওঁলোক আর্থিকভাবে সবল হৈ উঠিব পাৰে৷ উপ-ৰাষ্ট্ৰপতিয়ে কয় যে সাংসদ আৰু সকলো ৰাজ্যৰ বিধানসভাত মহিলাসকলৰ বাবে পর্যাপ্ত আসন সংৰক্ষণ নিশ্চিত কৰিব লাগিব৷ এই ক্ষেত্ৰত সকলো গুৰুত্বপূর্ণ ৰাজনৈতিক দলে ঐক্যমতত উপনীত হোৱাৰ আহ্বান জনায়৷ উপ-ৰাষ্ট্ৰপতিয়ে কয় যে মহিলাসকল ৰাজনৈতিকভাৱে সবল নহ’লে দেশৰ অগ্ৰগতি অসম্ভৱ৷

উপ-ৰাষ্ট্ৰপতিয়ে দৰিদ্ৰ লোকসকলৰ নিৰক্ষৰতা দূৰীকৰণ, লিংগ বৈষম্যৰ দৰে সামাজিক কুফল নির্মূলত জনপ্ৰতিনিধি, পৰিকল্পনাবিদ, ৰাজনৈতিক দল আৰু অন্যান্য গুৰুত্বপূর্ণ অংশীদাৰসকলক একেলগে আগুৱাই অহাৰ আহ্বান জনায়৷ তেওঁ এই ক্ষেত্ৰত সংবাদ মাধ্যমক আৰু অধিক প্ৰচাৰ চলোৱাৰ আহ্বান জনায়৷

অনুষ্ঠানত আইএপিপিডিৰ অধ্যক্ষ তথা ৰাজ্যসভাৰ প্রাক্তন উপাধ্যক্ষ অধ্যাপক পি জে কুৰিয়ান, আইএপিপিডিৰ সচিব শ্ৰী মনমোহন শৰ্মা, ড০ সুদেশ নাংগিয়া, ড০ প্ৰেম তলৱাৰকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

*********

VRRK/MSY/MS/DP/DB



(Release ID: 1647476) Visitor Counter : 271