পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়

মন্ত্ৰালয়ৰ সকলো আঞ্চলিক কাৰ্যালয় এখন চাঁদৰ তললৈ অনা হৈছে

১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ১৯টা সংহত আঞ্চলিক কাৰ্যালয়

পোষ্ট কৰা হৈছে: 18 AUG 2020 4:58PM by PIB Guwahati

পৰিৱেশ, বন আৰু জলবায়ু পৰিৱর্তন মন্ত্ৰালয়ৰ কাম-কাজত গতিশীলতা অনা, সংশ্লিষ্ট সকলোৰে কাষত যিকোনো বিষয় ক্ষিপ্ৰতাৰে গৈ পোৱা, প্রাপ্য সম্পদৰ উপযুক্ত ব্যৱহাৰ কৰাৰ উদ্দেশ্যে ১৯টা সুসংহত আঞ্চলিক কাৰ্যালয় গঢ়ি তোলা হ’ব৷ অহা ১ অক্টোবৰৰ পৰা এই কাৰ্যালয়ে কাম কৰিব৷

১০টা আঞ্চলিক সদৰ কাৰ্যালয়, চাৰিটা ভাৰতৰ বন সমীক্ষাৰ আঞ্চলিক কার্যালয়, ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ কৰ্তৃপক্ষৰ ৩টা আঞ্চলিক কেন্দ্ৰ, কেন্দ্ৰীয় চিৰিয়াখানা প্ৰাধিকৰণৰ চাৰিটা আঞ্চলিক কাৰ্যালয়, বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰৰ ৫টা আঞ্চলিক কাৰ্যালয় আৰু তিনিটা উপ-আঞ্চলিক কার্যালয়ৰ জনসম্পদৰ সহায়ত এই সুসংহত আঞ্চলিক কাৰ্যালয় চলিব৷

১৯টা সুসংহত আঞ্চলিক কাৰ্যালয়ৰ বিষয়ে তলত সবিশেষ উল্লেখ কৰা হ’লঃ

ক্ৰ. নং.

সুসংহত আঞ্চলিক সদৰ কার্যালয়

যিবোৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত আছে

(i)

শ্বিলং

মণিপুৰ, মেঘালয়, মিজোৰাম, ত্রিপুৰা

(ii)

ৰাঁচি

ঝাৰখণ্ড, বিহাৰ

(iii)

ভূৱনেশ্বৰ

ওড়িশা

(iv)

বাংগালুৰু

কর্ণাটক, কেৰালা, গোৱা, লাক্ষাদ্বীপ

(v)

চেন্নাই

তামিলনাডু, পুডুচেৰী, আন্দামান আৰু নিকোবৰ

(vi)

লক্ষ্ণৌ

উত্তৰ প্ৰদেশ

(vii)

ভুপাল

মধ্যপ্ৰদেশ

(viii)

নাগপুৰ

মহাৰাষ্ট্ৰ

(ix)

চণ্ডীগড়

চণ্ডীগড়, হাৰিয়ানা, পাঞ্জাৱ

(x)

ডেৰাদুন

উত্তৰাখণ্ড

(xi)

জয়পুৰ

ৰাজস্থান, দিল্লী

(xii)

গান্ধীনগৰ

গুজৰাট, দমন আৰু দিউ আৰু দাদৰা আৰু নগৰ হাভেলী

(xiii)

বিজয়ৱাড়া

অন্ধ্ৰ প্ৰদেশ

(xiv)

ৰায়পুৰ

চত্তীশগড়

(xv)

হায়দৰাবাদ

তেলেংগানা

(xvi)

ছিমলা

হিমাচল প্ৰদেশ

(xvii)

কলকাতা

পশ্চিমবংগ আৰু ছিকিম

(xviii)

গুৱাহাটী

অসম, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশ

(xix)

জম্মু

লাদাখ, জম্মু-কাশ্মীৰ

 

এই ১৯টা সুসংহত আঞ্চলিক কাৰ্যালয়ৰ প্ৰধানসকলক পৰিৱেশ, বন আৰু জলবায়ু পৰিৱর্তন মন্ত্ৰালয়ৰ আঞ্চলিক বিষয়া হিচাপে গণ্য কৰা হ’ব৷ কাৰ্যালয়সমূহে মন্ত্ৰালয়ৰ বিভিন্ন প্ৰতিশ্ৰুতি বাস্তবায়িত কৰাৰ কাম কৰিব৷

***

GK/DB


(ৰিলিজ আই ডি : 1647420) অতিথি কক্ষ : 210
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Marathi , Bengali , Punjabi , Odia , Tamil