জনজাতি পৰিক্ৰমা মন্ত্ৰালয়

জনজাতীয় স্বাস্থ্য আৰু নিউট্ৰিচন প’ৰ্টেল-‘স্বাস্থ্য’, নেচনেল অভাৰচীজ প’ৰ্টেল আৰু নেচনেল ট্ৰাইবেল ফেল’শ্বিপ প’ৰ্টেল মুকলি

Posted On: 17 AUG 2020 4:25PM by PIB Guwahati

জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰদ্বাৰা আজি এলানি পদক্ষেপ গ্ৰহণ কৰা হয়, য’ত অন্তুৰ্ভুক্ত হৈ আছে জনজাতীয় স্বাস্থ্য আৰু নিউট্ৰিচন প’ৰ্টেল-‘স্বাস্থ্য’, নেচনেল অভাৰচীজ প’ৰ্টেল, নেচনেল ট্ৰাইবেল ফেল’শ্বিপ প’ৰ্টেল আৰু স্বাস্থ্য-নিউট্ৰিচনৰ ই-নিউজলেটাৰ ‘অলেখ’ৰ মুকলি। অনু্ষ্ঠানত উপস্থিত আছিল কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা মন্ত্ৰী শ্ৰী অৰ্জুন মুণ্ডা, কেন্দ্ৰীয় ৰাজ্যিক জনজাতীয় মন্ত্ৰী শ্ৰীমতী ৰেণুকা সিং ছাৰুতা, কেবিনেট সচিব শ্ৰী ভি.পি জয় আৰু মন্ত্ৰালয়ৰ অন্যান্য বিষয়ববীয়াসকল। জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয়া সচিব শ্ৰী নৱলজীত কাপুৰে মন্ত্ৰালয়ৰ পাৰদৰ্শিতা ডেশ্ববৰ্ডৰ প্ৰেজেণ্টেচন দাঙি ধৰে, য’ত ১১খন আঁচনি আৰু বিভিন্ন পদক্ষেপৰ আলোকপাত কৰা হয়।  

শ্ৰী অৰ্জুন মুণ্ডাই জনজাতীয় স্বাস্থ্য আৰু নিউট্ৰিচনক লৈ প্ৰস্তুত কৰা ‘স্বাস্থ্য’ নামৰ প’ৰ্টেলৰ শুভাৰম্ভ কৰে। এই পৰ্টেলে দেশৰ জনজাতীয় লোকসকলৰ স্বাস্থ্য আৰু নিউট্ৰিচন সম্পৰ্কীয় সকলো তথ্য প্ৰদান কৰিব। ‘স্বাস্থ্য’ পৰ্টেলটোৱে লগতে উদ্ভাৱনীমূলক চিন্তা-চৰ্চা, গৱেষণা, ক্ষেত্ৰ অধ্যয়ন আদিক লৈও তথ্য প্ৰচাৰ কৰিব। জনজাতীয় মন্ত্ৰালয়ে স্বাস্থ্য আৰু নিউট্ৰিচনৰ বাবে পৰিমল স্বাস্থ্যক চেণ্টাৰ অৱ এক্সিলেন্স ফৰ ন’লেজ মেনেজমেণ্টক স্বীকৃতি দিছে। পৰ্টেলটো http://swasthya.tribal.gov.in অনআইচি ক্লাউডত হ’ষ্ট কৰা হৈছে।

অনুষ্ঠানত শ্ৰী অৰ্জুন মুণ্ডাই কয়, সকলোৰে বাবে স্বাস্থ্যসেৱা উপলব্ধ কৰোৱাতো আমাৰ প্ৰধানমন্ত্ৰীৰ অন্যতম প্ৰধান প্ৰাধান্যৰ বিষয়। বিগত সময়ছোৱাত যদিও ৰাজহুৱা স্বাস্থ্যৰ মান উন্নত হৈছে, তথাপি জনজাতীয় লোক আৰু অ-জনজাতীয় লোকৰ মাজত থকা পাৰ্থক্য এতিয়াও অটুট আছে।  আমি এই ব্যৱধান হ্ৰাস কৰিব বিচাৰিছো। মই আনন্দিত যে স্বাস্থ্য পৰ্টেলটো সুন্দৰভাৱে মুকলি হৈছে। আমাৰ দেশৰ জনজাতীয় লোকসকলক সেৱা আগবঢ়োৱাৰ আমাৰ যি লক্ষ্য আছে, সেই লক্ষ্যৰ দিশত পৰ্টেলটো প্ৰথম প্ৰয়াস। সকলো অংশীদাৰৰ সমৰ্থনত আমি প্ৰধানমন্ত্ৰীৰ সুস্থ ভাৰত লক্ষ্য পূৰণৰ দিশত কাম কৰিব পাৰিম বুলি মই আশাবাদী।

তেওঁ লগতে জানিবলৈ দিয়ে যে মন্ত্ৰালয়ে ফেচবুকৰ সৈতে অংশীদাৰিত্বত গোয়িং অনলাইন এছ লীডাৰ্ছ(GOAL)কাৰ্যসূচী আৰম্ভ কৰিছে। এই কাৰ্যসূচীৰ জৰিয়তে মন্ত্ৰালয়ে দেশৰ ৫০০০ জনজাতীয় যুৱকক প্ৰশিক্ষণ আগঢ়াব আৰু তেওঁলোকক গাঁও পৰ্যায়ৰ ডিজিটেল যুৱ নেতা হিচাপে সক্ষম কৰি তুলিব। কাৰ্যসূচীৰ ৰোডমেপ অহা ৫ ছেপ্তেম্বৰৰ শিক্ষক দিৱসৰ দিনা মুকলি কৰা হব।

ডিবিটি পৰ্টেল সন্দৰ্ভত শ্ৰী অৰ্জুন মুণ্ডাই কয় যে জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ে শেহতীয়াকৈ ডিবিটি মিছনৰ তত্ত্বাৱধানত ৬৬সংখ্যক কোচ গল্ড এৱাৰ্ড লাভ কৰিছে। তথ্য-প্ৰযুক্তিৰে সমৃদ্ধ স্কোলাৰশ্বিপ আঁচনিৰ মাধ্যমেৰে জনজাতীয় লোকৰ সৱলীকৰণৰ বাবে মন্ত্ৰালয়ে এই বঁটা লাভ কৰিবলৈ সক্ষম হয়।

শ্ৰীমতী ৰেণুকা সিং ছাৰুতাই পষেকীয়া ই-নিউজলেটাৰ অলেখ উন্মোচন কৰে। জনজাতীয় লোকসকলৰ স্বাস্থ্য উন্নত কৰা আৰু তেওঁলোকৰ কল্যাণ সাধন কৰিবলৈ জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয় সংকল্পবদ্ধ বুলি উল্লেখ কৰি তেওঁ কয়, কোভিড মহামাৰীৰ সময়ছোৱাত দেশৰ জনজাতীয় সমূদায়ৰ স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ ক্ষেত্ৰত যিসকল ব্যক্তি আৰু সংগঠনে অবিৰতভাৱে কাম কৰি আছে, তেওঁলোকৰ ওচৰত মই গভীৰ কৃতজ্ঞতা স্বীকাৰ কৰিছো। মই আশা কৰিছো যে এই নিউজলেটাৰে আমাৰ সকলো অংশীদাৰৰ কামসমূহ সঠিকৰূপত উপস্থাপন কৰিব আৰু পৰস্পৰৰ সফলতা আৰু বিফলতাৰ পৰা শিকিবলৈ অনুপ্ৰাণিত কৰিব। মই আপোনালোকক জনাবলৈ পাই আনন্দিত যে GOAL কাৰ্যসূচীৰ জৰিয়তে জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয় আৰু ফেচবুকে জনজাতীয় যুৱক-যুৱতীসকলৰ উদ্যোগিক দক্ষতা বৃদ্ধিৰ বাবে ডিজিটেল প্লেটফৰ্মত প্ৰশিক্ষণ আগবঢ়াব। মই দৃঢ় বিশ্বাসী যে ই তেওঁলোকক সামাজিক আৰু অৰ্থনৈতিক খণ্ডত এগৰাকী সফল ব্যক্তি কৰি তুলিব।

 

*****



(Release ID: 1646653) Visitor Counter : 306