প্ৰতিৰক্ষা মন্ত্ৰালয়

উত্তৰাখণ্ডত ২০খন গাঁৱৰ যোগাযোগৰ বাবে ৩সপ্তাহতে ১৮০ ফুট দৈৰ্ঘ্যৰ বেইলী ব্ৰিজ নিৰ্মাণ কৰিলে সীমান্ত পথ সংস্থাই

Posted On: 17 AUG 2020 11:56AM by PIB Guwahati

উত্তৰাখণ্ডৰ পিথৰাগড় জিলাৰ জৌলজীৱি ছেক্টৰত সঘন ভূমিস্খলন আৰু প্ৰৱল বৃষ্টিপাত সত্ত্বেও সপ্তাহৰ ভিতৰতে সীমান্ত পথ সংস্থাই ১৮০ ফুট দৈৰ্ঘ্যৰ এখন বেইলি ব্রিজ নির্মাণ কৰে৷ ২৭ জুলাইত এলেকাটোত ডাৱৰ বিস্ফোৰণ আৰু বৃষ্টিপাতৰ ফলত ৫০ মিটাৰ দৈৰ্ঘ্যৰ কংক্রিটৰ দলং ভাঙি যায়। এলেকাটোৰ নলাসমূহেৰে তীব্ৰ গতিত বোকামাটি গৈ থাকে৷ এই প্রাকৃতিক দুৰ্যোগত বহু লোকে প্রাণ হেৰুৱাৰ লগতে পথ যোগাযোগ বিধ্বস্ত হৈ পৰে৷

ইয়াৰ পাছতে সীমান্ত পথ সংস্থাই অঞ্চলটোত দলং নির্মাণৰ কাম আৰম্ভ কৰে৷ কিন্তু সঘন ভূমিস্খলন আৰু প্ৰৱল বৃষ্টিপাতৰ ফলত সংশ্লিষ্ট এলেকালৈ দলং নিৰ্মাণৰ সামগ্ৰী কঢ়িয়াই নিয়াত সমস্যাই দেখা দিছিল৷ কিন্তু ইয়াৰ মাজতে ১৬ আগষ্টত দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ কৰি তোলে৷ ইয়াৰ ফল বান দূর্গত জৌলজীৱি গাঁৱম পৰা মুন্সিয়াৰিৰ সৈতে যোগাযোগ সম্ভৱ হৈ পৰে৷ সেই অঞ্চলৰ ২০খন গাঁৱৰ ১৫,০০০ লোকৰ বাবে সাহায্য প্ৰদানৰ কাম আৰম্ভ কৰাটো সম্ভৱ হৈছে। স্থানীয় সাংসদ শ্রী অজয় তামটাই জৌলজীৱিৰ পৰা ২৫ কিলোমিটাৰ দূৰত্বৰ লুমটি আৰু মোৰি গাঁৱৰ বাব এই ভগ্ন দলঙে সৰ্বাধিক সমস্যাৰ সৃষ্টি কৰিছিল৷ দলং নিৰ্মাণৰ ফলত গাঁওসমূহৰ সৈতে যোগাযোগ স্থাপন হৈছে। সেই দুখন গাঁৱত প্রাকৃতিক দুৰ্যোগত প্রাণ হানিৰ সংখ্যা সৰ্বাধিক৷ এই দলং নিৰ্মাণ হোৱাৰ ফলত সংশ্লিষ্ট গাঁওসমূহত উদ্ধাৰ কাৰ্য আৰম্ভ কৰাটো সম্ভৱ হৈছে৷

*****

ABB/Nampi/KA/DK/Savvy/ADA/DB


(Release ID: 1646644) Visitor Counter : 149