স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

দিল্লী এইমছত স্বেচ্ছামূলক ৰক্তদান শিৱিৰ উদ্বোধন কৰিলে ড০ হৰ্ষ বৰ্ধনে

স্বেচ্ছামূলক ৰক্তদান মানৱ সেনা আটাইতকৈ মূল্যবান পথঃ ড০ হৰ্শ বৰ্ধন

Posted On: 14 AUG 2020 1:43PM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে আজি দিল্লী এইমছত এটা স্বেচ্ছামূলক ৰক্তদান শিৱিৰ উদ্বোধন কৰে৷ দেশ আৰু নাগৰিকসকলৰ জীৱন সুৰক্ষাৰ নামত প্ৰাণ আহুতি দিয়া শ্বহীদ সেনা জোৱানসকলৰ লগতে ক’ভিড যোদ্ধাসকলৰ নামত স্বাধীনতা দিৱস উপলক্ষে এইমছৰ দ্বাৰা এই শিৱিৰৰ আয়োজন কৰা হয়৷ অনুষ্ঠানত অতিথি হিচাপে দুটা পৰিয়ালক আমন্ত্ৰণ কৰা হয়, ইয়াৰে এটা শ্বহীদ জোৱান পৰিয়াল আৰু আনটো প্ৰয়াত ক’ভিড যোদ্ধাৰ পৰিয়াল৷ অনুষ্ঠানত এইমছৰ সঞ্চালক ড০ ৰণদীপ গুলেৰীয়াকে ধৰি একাংশ বিশিষ্ট চিকিসক উপস্থিত থাকে৷

 

ৰক্তদান শিৱিৰত ফেচ শ্বিল্ড, মাস্ক, গ্ল’ভছৰ ব্যৱহাৰৰ লগতে শাৰীৰিক দূৰত্ব বজাই ৰখাৰ বিষয়টো নিশ্চিত কৰাৰ বাবে ড০ হৰ্ষ বর্ধনে সন্তোষ প্ৰকাশ কৰে৷ অনুষ্ঠানত এইমছত কর্মৰত স্বাস্থ্যকর্মী, ক’ভিড যোদ্ধা প্ৰয়াত হীৰালাল আৰু কার্গিল যুদ্ধৰ শ্বহীদ লেন্স নায়ক ৰাজবীৰ সিঙৰ পৰিয়ালৰ সদস্যসকলক সন্মান জনোৱা হয়৷

এই উপলক্ষে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড০ হর্ষ বর্ধনে কয় যে ক’ভিড-১৯ মহামাৰী প্ৰতিৰোধৰ বাবে দিয়া লকডাউনৰ সময়ত দেশত ৰক্তদান শিৱিৰ কমকৈ অনুষ্ঠিত হোৱাৰ পৰিপ্ৰেক্ষিতত দেশত বিভিন্ন চিকিসালয়ত তেজৰ সংকটে দেখা দিছে, সেই সংকট দূৰ কৰিবলৈ এই ধৰণৰ শিৱিৰে সহায় কৰিব৷ আমাৰ যিসকল ক’ভিড যোদ্ধাই প্রাণ হেৰুৱালে তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবলৈ তেওঁ সকলোকে আহ্বান জনায়৷ স্বাস্থ্য মন্ত্ৰী বর্ধনে কয় যে দেশত আৰোগ্য হোৱা ৰোগীৰ হাৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে আৰু সংক্ৰমিত লোকৰ মৃত্যুৰ হাৰ হ্ৰাস পাইছে৷ ইয়াৰ জৰিয়তে প্ৰধানমন্ত্রীৰ নেতৃত্বত ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত দেশে সফলতা অৰ্জন কৰা পৰিলক্ষিত হৈছে৷ দেশত ব্যাপক হাৰত পৰীক্ষণ সক্ষমতা সৃষ্টিৰে পৰীক্ষাগাৰৰ সংখ্যা ১,৪৫০টালৈ বৃদ্ধি কৰা হৈছে, যাৰ জৰিয়তে আজিৰ দিনটোত ৮.৪লাখতকৈ অধিক নমূনা পৰীক্ষা সম্পূৰ্ণ কৰা হৈছে৷ তেওঁ আশা কৰে যে ভাৰতৰ বৈজ্ঞানিকসকলে অতি শীঘ্ৰে ক’ভিড-১৯ৰ প্ৰতিষেধক আৰু টিকা উদ্ভাৱন কৰিবলৈ সক্ষম হ’ব৷

অনু্ষ্ঠান কেইবাগৰাকী ফেকাল্টি আৰু স্বেচ্ছামূলক ৰক্তাদাতা উপস্থিত থাকে৷

****

 

MV/SG/DB



(Release ID: 1646203) Visitor Counter : 144