উপ-ৰাষ্ট্ৰপতি সচিবালয়
স্বাধীনতা সংগ্ৰামৰ লক্ষ লক্ষ বীৰ-সেনানীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদিলে উপ ৰাষ্ট্ৰপতিয়ে
দেশত এক সাংস্কৃতিক নৱজাগৰণ সূচনা কৰাৰ আহ্বান
আমাৰ প্ৰগতি-সন্ধানী যাত্ৰাৰ পাথেয় হওক অন্ত্যোদয় আৰু সৰ্বোদয় : উপ ৰাষ্ট্ৰপতি
২০২২চনৰ ভিতৰত সৰ্বান্তঃকৰণে আত্মনিৰ্ভৰ হ’ব লাগিব ভাৰত : উপ ৰাষ্ট্ৰপতি
Posted On:
15 AUG 2020 2:42PM by PIB Guwahati
দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসত স্বাধীনতা সংগ্ৰামৰ লক্ষ লক্ষ বীৰ-সেনানীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদিলে উপ ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকায় নাইডুৱে। এক ফে’চবুক বাৰ্তাত শ্ৰী নাইডুৱে কয় যে, আমাৰ ৰাষ্ট্ৰীয় কিংবদন্তিসকলকতো আমি স্মৰণ কৰোৱেই, কিন্তু একে সময়তে স্বতন্ত্ৰতা সংগ্ৰামৰ নামী আনামী লক্ষ লক্ষ সেনানীকো স্মৰণ কৰাৰ প্ৰয়োজন আছে; এওঁলোকৰ বহুতেই হয়তো নিজ নিজ অঞ্চলত জনপ্ৰিয়তাৰ শিখৰ স্পৰ্শতো কৰিছিলেই, বৃটিছৰ বিৰুদ্ধে দুৰ্দান্ত সাহসৰো নিদৰ্শন দাঙি ধৰিছিল।
ফে’চবুক বাৰ্তাটোত শ্ৰী নাইডুৱে, আল্লুড়ি সীতাৰামা ৰাজু, চিন্নাস্বামী সব্ৰমন্য ভাৰতীয়াৰ, মাতাংগিনী হাজ্ৰা, বেগম হজৰত্ মহল, পাণ্ডুৰাং মহাদেৱ বাপত, পট্টী শ্ৰীৰামুলু, অৰুণা আছফ আলী, গৰিমেল্লা সত্যনাৰায়াণা, লক্ষ্মী ছেহগল, বিৰছা মুণ্ডা, পাৰ্বতি গিৰী, টিৰত্ সিং, কনকলতা বৰুৱা, কন্নেগণ্টি হনুমন্থু, শ্বহীদ খুদিৰাম বোস, ভেলু নচিয়াৰ, কিট্টুৰ চেন্নামা, বীৰাপাণ্ডিয়া কট্টাবম্মন, ভি অ’ চিদাম্বৰম পিল্লাই, সুব্ৰমনিয়া শিৱা, সূৰ্য সেন, আছফাকুল্লা খান, বটুকেশ্বৰ দত্ত, পিংগলি ভেংকায়া, দূৰ্গাবাই দেশমুখ, শ্ৰী অৰৱিন্দ ঘোষ আৰু মেডাম বিকাজী কামাৰ দৰে একাংশ স্বতন্ত্ৰতা সেনানীয়ে আগবঢ়োৱা অৰিহণাৰ স্মৰণ কৰে।
‘লকডাউন’ৰ সময়চোৱাই তেওঁক কিতাপ পঢ়াৰ বাবে ভালকৈয়ে সময় উলিয়াই দিছিল বুলি উল্লেখ কৰি এইখিনি সময়ত তেওঁ মহান নেতাসকলৰ জীৱন আৰু কীৰ্তি সম্পৰ্কে পঢ়াৰ সুযোগ উলিয়াই লৈছিল বুলি উল্লেখ কৰে।
বৃটিছৰ শাসনে ভাৰতৰ প্ৰগতিৰ গতি অৱৰুদ্ধ কৰাই নহয় বহু ক্ষেত্ৰত ইয়াক অৱনমিত কৰাৰ লগতে আমাক আমাৰ সাংস্কৃতিক মূলৰ পৰা বিচ্ছিন্নও কৰিছিল বুলি মন্তব্য কৰে উপ ৰাষ্ট্ৰপতিয়ে। বৃটিছ ঔপনিৱেশিক শাসনৰ বাবেই বৰ্ণাঢ্য অতীতৰ সৈতে ভাৰতে বহু ক্ষেত্ৰত সম্পৰ্ক হেৰুৱাবলগীয়া হৈছিল বুলি মন্তব্য কৰা উপ ৰাষ্ট্ৰপতিগৰাকীয়ে আমাৰ ৰাষ্ট্ৰীয় ভাষাসমূহৰ সাহিত্য আৰু কলা সন্মত প্ৰকাশনীসমূহৰ নতুন চৰ্চা হ’ব পৰাকৈ এক সাংস্কৃতিক নৱজাগৰণ সৃষ্টিৰ বাবে সকলোৰে প্ৰতি আহ্বান জনায়।
বাৰ্তাটোত তেওঁ, দেশৰ প্ৰগতি-সন্ধানী যাত্ৰাৰ বাবে অন্ত্যোদয় আৰু সৰ্বোদয়ক পাথেয় কৰি লোৱাত গুৰুত্ব আৰোপ কৰে। ইফালে, ২০২২চনৰ ভিতৰত ভাৰত সৰ্বান্তঃকৰণে আত্মনিৰ্ভৰ হৈ উঠা উচিত বুলিয়ো মন্তব্য কৰে উপ ৰাষ্ট্ৰপতিয়ে।
****
VRRK/MS/MSY/DP/KB
(Release ID: 1646198)
Visitor Counter : 226