উপ-ৰাষ্ট্ৰপতি সচিবালয়

ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকাই এক ধৰণৰ বতাহ সলনিৰ ইংগিত বহণ কৰিছে

সদনৰ কৰ্মকুশলতা, বিধায়িনী কাম-কাজৰ সাফল্য, সদন-কমিটিসমূহত উপস্থিতিৰ হাৰ বৃদ্ধিৰ প্ৰৱণতা পৰিলক্ষিত হৈছে


ক’ৰোনাৰ আবদ্ধ সময়চোৱাই তেওঁক আগতকৈয়ো অধিক পৰিমাণে ব্যস্ত ৰাখিলে বুলি মন্তব্য কৰিছে শ্ৰী নাইডুৱে


অৰ্থনৈতিক শক্তিয়েহে ৰাষ্ট্ৰক মাত মতাৰ সামৰ্থ্য প্ৰদান কৰে, সেয়ে অৰ্থনীতিক ততালিকে সমৃদ্ধিৰ পথলৈ ঘূৰাই আনিবলৈ আহ্বান উপ ৰাষ্ট্ৰপতিৰ


২০২২চনৰ বাবে নিৰ্দ্ধাৰিত লক্ষ্যৰ লগতে ২০৩০চনৰ ভিতৰত বহনক্ষম উন্নয়ণৰ লক্ষ্যত উপনীত হোৱাৰ বাবে কৰ্মত ব্ৰতী হোৱাৰ আহ্বান


উপ ৰাষ্ট্ৰপতি আৰু ৰাজ্যসভাৰ সভাপতি হিচাপে শ্ৰী নাইডুৰ তিনিটা বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে প্ৰকাশিত গ্ৰন্থৰ উন্মোচন আজি

Posted On: 11 AUG 2020 3:58PM by PIB Guwahati

সকলো পূৰ্বানুমান, সকলো ধাৰণাকে ভুল প্ৰতিপন্ন কৰি ক’ৰোনাই আবদ্ধ কৰি ৰখা বিগত চাৰিটা মাহত তেওঁ পূৰ্বতকৈয়ো অধিক ব্যস্ততাৰেহে দিন অতিবাহিত কৰিছে বুলি অভিমত ব্যক্ত কৰিছে দেশৰ উপ ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি শ্ৰী এম ভেংকায়া নাইডুৱে। তেওঁ কয়, নতুন পৰিৱেশ পৰিস্থিতিৰ সৈতে নিজকে সহজে মিলাই ল’ব পৰাৰ বাবেই তেওঁৰ বাবে এয়া তেনেই সম্ভৱ হৈছে।

উপ ৰাষ্ট্ৰপতি আৰু ৰাজ্যসভাৰ সভাপতি হিচাপে তিনিটা বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ৰী নাইডুৱে কয়, ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকাই এক ধৰণৰ বতাহ সলনিৰ ইংগিত বহণ কৰিছে। সদনৰ শেহতীয়া কৰ্মকুশলতা, বিধায়িনী কাম-কাজৰ সাফল্য, সদন-কমিটিসমূহত উপস্থিতিৰ হাৰ এই প্ৰথমবাৰৰ বাবে ৫০শতাংশৰো অধিক পৰিমাণে বৃদ্ধিৰ প্ৰৱণতা আদিয়ে এই কথাকে প্ৰতিপন্ন কৰিছে।

এই উপলক্ষে উপ ৰাষ্ট্ৰপতি ভৱনত ‘তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে’ আনুষ্ঠিত কৰা অনুষ্ঠানটোত ‘কানেক্টিং, কমিউনিকেটিং, চেঞ্জিং’ শীৰ্ষক গ্ৰন্থখন আনুষ্ঠানিক ভাবে উন্মোচন কৰে ‘প্ৰতিৰক্ষা মন্ত্ৰী’ শ্ৰী ৰাজনাথ সিঙে। একেখন গ্ৰন্থৰ ইলেক্ট্ৰনিক তাঙৰণ মুকলি কৰে ‘তথ্য আৰু সম্প্ৰচাৰ’ বিভাগৰ মন্ত্ৰী শ্ৰী প্ৰকাশ জাৱড়েকাৰে। প্ৰকাশন বিভাগে যুগুতাই উলিওৱা ২৫১পৃষ্ঠা জোৰা গ্ৰন্থখনত বিগত তিনিটা বছৰত শ্ৰী নাইডুৱে অংশগ্ৰহণ কৰা বিভিন্ন  অনুষ্ঠান, কাৰ্যক্ৰম আদিৰ বিভিন্ন তথ্যৰ লগতে ৩৩৪খন আলোকচিত্ৰৰ বৰ্ণাঢ্য সম্ভাৰ সন্নৱিষ্ট কৰা হৈছে।

ভাষণ প্ৰসংগত শ্ৰী নাইডুৱে কয় যে, ক’ৰোনাৰ আগৰ সময়চোৱাত তেওঁ প্ৰতি মাহে ২০টা মান কাৰ্যক্ৰমত অংশ গ্ৰহণ কৰি ৭০টা ৰাজহুৱা সমাৰোহত ভাষণ দিয়াৰ উপৰি ১৪খন সমাৱৰ্তনত অংশগ্ৰহণ কৰিছিল। পিচে, আবদ্ধকালীন সময়চোৱাত নতুন পৰিস্থিতিৰ সৈতে নিজৰ কৰ্মসূচীৰ পৰিৱৰ্তন সাধন কৰি আৰু প্ৰযুক্তিয়ে প্ৰদান কৰা সুযোগৰ সদ্ব্যৱহাৰ কৰি তেওঁ অধিক সংখ্যক ব্যক্তিৰ সৈতে সংযোগ স্থাপন কৰিবলৈ লয় বুলি উল্লেখ কৰে। এই সন্দৰ্ভত তথ্য সদৰী কৰি তেওঁ কয় যে, এইখিনি সময়ত তেওঁ ১৬০০ৰো অধিক ব্যক্তিৰে টেলিফোনৰে বাৰ্তালাপ কৰি মহামাৰীৰ বাবে উদ্বিগ্ন হোৱাৰ পৰিৱৰ্তে সংযম আৰু সতৰ্কতাৰে বিধি-নিৰ্দেশনা সাৰোগত কৰি এই প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ লগতে দৈনন্দিন জীৱনৰ সাধাৰণ অভ্যাসৰ সামান্য সাল-সলনি কৰি গণ-মাধ্যমসমূহৰ উচিত ব্যৱহাৰৰে পৰিস্থিতি চম্ভালি ল’বলৈ আহ্বান জনাইছিল। ইয়াৰ বাবে তেওঁ বিভিন্ন প্ৰবন্ধ পাতি লিখাৰ উপৰি  ৩৫০টা টুইট আৰু ৫৫টা ফেচবুক পোষ্টো প্ৰেৰণ কৰি ক’ৰোনা ভাইৰাছ, ইয়াৰ সংক্ৰমণ ক’ভিড মহামাৰী আৰু ইয়াৰ সৈতে মোকাবিলা কৰাৰ দিহা সম্পৰ্কে জন সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছিল বুলি জানিবলৈ দিয়ে উপ ৰাষ্ট্ৰপতিগৰাকীয়ে। এই কাৰ্যক তেওঁ ‘মিছন কানেক্ট’ বুলি অভিহিত কৰে।

যোৱা ২০১৭চনৰ ১১আগষ্টত ৰাজ্যসভাৰ সভাপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰে পৰা বিগত তিনিটা বছৰত সদনৰ কাম-কাজ সন্দৰ্ভত মন্তব্য কৰি শ্ৰী নাইডুৱে ‘বতাহ সলনি হৈছে’ বুলি মন্তব্য কৰে। এই সন্দৰ্ভত বিভিন্ন তথ্য উল্লেখ কৰি এই কথাৰ সত্যতা প্ৰতিপন্ন কৰা উপ ৰাষ্ট্ৰপতিয়ে যোৱা তিনিটা বছৰত ৰাজ্যসভাই অনুমোদন জনোৱা ৯৩খন বিধেয়কৰ ৬০খন, অৰ্থাত্ মুঠ বিধেয়কৰ ৬৫শতাংশই যোৱা তিনিখন অধিৱেশনত অনুমোদিত হোৱাৰ কথা বিশেষ ভাবে উল্লেখ কৰে। প্ৰসংগক্ৰমে তেওঁ ৰাজ্যসভাত ততকালীন সময়ত বিভিন্ন দলৰ স্থিতিৰ ভিন্নতা থকাৰ পিচতো ‘তিনি তালাক বিধেয়ক’, ‘নাগৰিকত্ব সংশোধনী বিধেয়ক’ আৰু ‘জম্মু আৰু কাশ্মীৰৰ পুনৰ্গঠন’ সম্পৰ্কীয় বিধেয়কৰ দৰে অতিকে গুৰুত্বপূৰ্ণ বিধেয়কৰ অনুমোদন সম্ভৱ হোৱাৰ কথা বিশেষ ভাবে উল্লেখ কৰে উপ ৰাষ্ট্ৰপতিয়ে।

শ্ৰী নাইডুৱে স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ২০২২চনটো উদযাপন কৰাৰ বাবে দেশে ধাৰ্য কৰা লক্ষ্যত উপনীত হব পৰাকৈ সকলো নাগৰিকৰ লগতে সকলো অনুষ্ঠান-প্ৰতিষ্ঠানক স্বাধীনতা সংগ্ৰামীসকলৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ উত্সৰ্গিত মনোভাবেৰে ৰাষ্ট্ৰ নিৰ্মাণৰ মহান ব্ৰতত ব্ৰতী হ’বলৈ আহ্বান জনায়। একেদৰে, ২০৩০চনৰ ভিতৰত বহনক্ষম উন্নয়ণৰ লক্ষ্যত উপনীত হোৱাৰ বাবে কৰ্মত ব্ৰতী হ’বলৈও আহ্বান জনায় তেওঁ।

প্ৰসংগক্ৰমে, অৰ্থনৈতিক শক্তিয়েহে বিশ্ব প্ৰেক্ষাপটত ভাৰতৰ বাবে সম্ভ্ৰম আদায় কৰিব পৰা স্থান আৰু মাত মতাৰ সামৰ্থ্য আদায় কৰিব পাৰিব বুলি অভিমত প্ৰকাশ কৰি, দেশৰ অৰ্থনীতিক ততালিকে সমৃদ্ধিৰ পথলৈ ঘূৰাই আনাৰ বাবে সংশ্লিষ্ট সকলো পক্ষকে আত্মনিয়োগ কৰাৰ আহ্বান জনায়  উপ ৰাষ্ট্ৰপতিয়ে।

***************

VRRK/MS/MSY/DP/KB



(Release ID: 1645208) Visitor Counter : 183