ভুবিজ্ঞান মন্ত্ৰালয়

কেৰালা আৰু মাহেত অহা ২৪ ঘণ্টাত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে

কৰ্ণাটকৰ দক্ষিণ উপকূলৱৰ্তী এলেকা আৰু তামিলনাডুটো অহা ২-৩দিন ধাৰাষাৰ বৰষুণ হ’ব পাৰে

উত্তৰ-পশ্চিম ভাৰতত ৯ আগষ্টত আৰু পশ্চিম হিমালয়ান অঞ্চলত ৯ৰ পৰা ১১ আগষ্টলৈ বৰষুণ হ’ব

Posted On: 08 AUG 2020 3:34PM by PIB Guwahati

ভাৰতীয় বৰত বিজ্ঞান বিভাগৰ নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় বতৰৰ আগজাননী কেন্দ্ৰ/আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে

উত্তৰ-পূব আৰৱ সাগৰ আৰু সংলগ্ন এলেকাত এক স্পষ্ট নিম্নচাপ অৱস্থান কৰিছে৷ এয়া লাহে লাহে পশ্চিমৰ দিশে ৰাওনা হ’ব৷ ইয়াৰ ফলত গুজৰাটত বৰষুণৰ পৰিমাণ হ্ৰাস পাব৷

মৌচুমী বায়ু স্বাভাৱিক হৈ থকাৰ লগতে অহা দিন কেইটাতো সক্রিয় থাকিব৷

দক্ষিণ-পশ্চিম/পশ্চিম দিশে মৌচুমী বায়ুৰ প্ৰবাহ আৰৱ সাগৰৰ ওপৰত সক্রিয় হৈ আছে আৰু পশ্চিম উপকূলৱৰ্তী এলেকাৰ দিশে লাহে লাহে বিয়পি পৰিছে৷ অহা দুদিনত মৌচুমী বায়ুৰ এই আগমণ অব্যাহত থাকিব৷

সক্রিয় মৌচুমী বায়ুৰ ফলত অহা ২৪ ঘণ্টাত কেৰালা আৰু মাহেত কেতবোৰ স্থানত ধাৰাষাৰ তথা মুষলধাৰ বৰষুণ হোৱা সম্ভাৱনা আছে৷ এই এলেকাসমূহত অহা ২৪ ঘণ্টাতো প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা দেখা গৈছে৷

একেদৰে কর্ণাটক আৰু তামিলনাড়ুৰ উপকূল আৰু দক্ষিণাংশত অহা ২-৩ দিন ধাৰাষাৰ বৃষ্টিপাত হ’ব৷ কর্ণাটকৰ দক্ষিণাংশ আৰু উপকূলৱৰ্তী এলেকা আৰু তামিলনাড়ুৰ পশ্চিমঘাট এলেকাৰ দিশত অহা ২৪ ঘণ্টাত ধাৰাষাৰ বৰষুণৰ আগজাননী দিয়া হৈছে। বৃষ্টিপাতৰ পৰিমাণ কাইলৈৰ পৰা উত্তৰ-পশ্চিম ভাৰতত লাহে লাহে বৃদ্ধি পাব৷ হিমালয়ৰ পশ্চিমাঞ্চলৰ ৰাজ্যসমূহত ৯-১১ আগষ্টত পাতলীয়া আৰু মজলীয়া বৰষুণৰ সম্ভাৱনা আছে৷

উত্তৰ আৰু সংলগ্ন পশ্চিম-মধ্য বংগোপসাগৰৰ ওপৰত কাইলৈ এক নিম্নচাপ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে৷

ইয়াৰ ফলত ওড়িশাত ৯ৰ পৰা ১১ আগষ্টলৈকে আৰু মধ্য ভাৰতৰ পূব আৰু সংলগ্ন অঞ্চলত মুষলধাৰ বৰষুণৰ আগজাননী দিয়া হৈছে। বিদর্ভ আৰু চত্তীশগড়ত ১০ৰ পৰা ১২আগষ্টলৈকে বৰষুণৰ সম্ভাৱনা আছে৷ ওড়িশাত অহা ১০ আগষ্টত মুষলধাৰ বৰষুণৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে সদৰি কৰিছে৷

***

NB/KGS/(IMD Release)/DB



(Release ID: 1644622) Visitor Counter : 140