প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কৃষি আন্তঃগাঁথনি পুঁজিৰ অধীনত ১ লাখ কোটি টকাৰ অৰ্থনৈতিক পেকেজ মুকলি প্ৰধানমন্ত্ৰীৰ

পিএম-কিষাণৰ অধীনত আধাৰ সংযোজিত বেংক একাউন্টলৈ প্ৰত্যক্ষ লাভ হস্তান্তৰৰ জৰিয়তে প্ৰায় ৮.৫ কোটি কৃষকলৈ ১৭০০০ কোটি টকা হস্তান্তৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে

কেন্দ্ৰীয় খণ্ডৰ আঁচনিখনে কেবিনেটৰ অনুমোদন লাভৰ ৩০ দিনৰ ভিতৰত কৃষি আন্তঃগাঁথনি পুঁজিৰ অধীনত ২২৮০ ৰোধিক কৃষক সমিতিসমূহলৈ ১০০০ কোটি টকা অনুমোদন

কৃষকৰ আয় দুগুণৰ লক্ষ্যৰে এতিয়া উদ্যোগী হ’বলৈ সাজু কৃষকঃ প্ৰধানমন্ত্ৰী

Posted On: 09 AUG 2020 12:13PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৃষি আন্তঃগাঁথনি পুঁজিৰ অধীনত ১ লাখ কোটি টকাৰ অৰ্থনৈতিক পেকেজৰ এখন নতুন কেন্দ্ৰীয় খণ্ডৰ আঁচনি মুকলি কৰে। এই আঁচনিখনে সমূহীয়া কৃষি-কাৰ্যৰ আহিলা আৰু শস্য-চপোৱাৰ পৰৱৰ্তী সময়ৰ কৃষি আন্তঃগাঁথনি সৃষ্টিত কৃষক, পিএচিএছ, এফপিঅ’, কৃষি-উদ্যোগী আদিক সহায় কৰিব। এই সমলসমূহে কৃষকক তেওঁলোকৰ উৎপাদিত শস্যৰ বৰ্ধিত মূল্য লাভ কৰাত সক্ষম কৰি তুলিব কিয়নো ইয়াৰদ্বাৰা তেওঁলোকে মজুত কৰিবলৈ সক্ষম হ’ব আৰু অধিক মূল্যত ব্যয় কৰাকে প্ৰমুখ্য কৰি নষ্ট হ্ৰাস, সংসাধন আৰু মূল্য সংযোজন বৃদ্ধি কৰিবলৈ সক্ষম হ’ব।

আজি, এই আঁচনিখনক কেবিনেটে আনুষ্ঠানিকভাৱে অনুমোদন জনোৱাৰ মাত্ৰ ৩০ দিন পাছতে, ২২৮০ ৰোধিক কৃষক সমিতিসমূহলৈ ১০০০ কোটি টকাৰো অধিক প্ৰথমটো অনুমোদন জনোৱা হয়। এই অনুষ্ঠানটি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে সম্পন্ন হয় আৰু ইয়াত সমগ্ৰ দেশৰ লাখ-লাখ কৃষক, এফপিঅ’, সমবায়, পিএচিএছ আৰু নাগৰিকে যোগদান কৰে।

একেটা অনুষ্ঠানতে, প্ৰধানমন্ত্ৰীজনে পিএম-কিষাণ আঁচনিৰ অধীনত প্ৰায় ৮.৫ কোটি কৃষকলৈ ১৭,০০০ কোটি টকাৰ ৬ষ্ঠ কিস্তিও মুকলি কৰি দিয়ে। এটা বুটামৰ টিপাতে তেওঁলোকৰ আধাৰ প্ৰতিপাদিত বেংক একাউন্টলৈ প্ৰত্যক্ষভাৱে এই নগদ লাভ হস্তান্তৰ কৰা হয়। এই হস্তান্তৰকে ধৰি, ২০১৮ ৰ ০১ ডিচেম্বৰত আঁচনিখনৰ শুভাৰম্ভণিৰেপৰা ১০ কোটিৰো অধিক কৃষকৰ হাতত ৯০,০০০ কোটিৰো অধিক ধন আগবঢ়োৱা হৈছে।

প্ৰাইমেৰী এগ্ৰিকালচাৰ ক্ৰেডিট ছ’চাইটিসমূহৰে মত-বিনিময়

এই আঁচনিখনৰ আৰম্ভণিৰ হিতাধিকাৰীসকলৰ অন্যতম কৰ্ণাটক, গুজৰাট আৰু মধ্য প্ৰদেশৰ ৩ প্ৰাইমেৰী এগ্ৰিকালচাৰ ক্ৰেডিট ছ’চাইটিৰ সৈতে প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেল ধৰণৰে মত-বিনিময় কৰে। প্ৰধানমন্ত্ৰীয়ে এই সমিতিসমূহৰ প্ৰতিনিধিসকলৰে আলোচনা কৰি তেওঁলোকৰ সাম্প্ৰতিক কাম-কাজৰ আৰু এই ঋণ ব্যৱহাৰ কৰিবলৈ তেওঁলোকে কিদৰে পৰিকল্পনা কৰিছে তাৰ বুজ লয়। সমিতিসমূহে প্ৰধানমন্ত্ৰীজনক তেওঁলোকে সদস্য কৃষকসকলে তেওঁলোকৰ উৎপাদিত শস্যৰ বিনিময়ত অধিক মূল্য লাভৰ নিশ্চিতিত সহায়ক হৈ উঠাকৈ গুদাম নিৰ্মাণ, গ্ৰেডিং আৰু ছৰ্টিং ইউনিট স্থাপনৰ পৰিকল্পনাৰ কথা সদৰী কৰে।

ৰাষ্ট্ৰক সম্বোধন

প্ৰাইমেৰী এগ্ৰিকালচাৰ ক্ৰেডিট ছ’চাইটিসমূহৰে মত-বিনিময় কৰি উঠি, ৰাষ্ট্ৰবাসীক সম্বোধন কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে এই আঁচনিখনৰপৰা কৃষক আৰু কৃষি খণ্ড লাভান্বিত হ’ব বুলি বিশ্বাস প্ৰদৰ্শন কৰে। তেওঁ কয়, এই আঁচনিখনে কৃষক আৰু কৃষি খণ্ডলৈ অৰ্থনৈতিক সকাহ আগবঢ়াব আৰু বিশ্বৰে ফেৰ মাৰিবলৈ ভাৰতৰ সামৰ্থ্য বৃদ্ধি কৰিব।

প্ৰধানমন্ত্ৰীজনে দোহাৰে যে ৱেৰহাউছিং, শীতল শৃংখল আৰু খাদ্য সংসাধনৰ দৰে শস্য-চপোৱাৰ পৰৱৰ্তী সময়ৰ ব্যৱস্থাপনা সমাধানত বিনিয়োগৰ অৰ্থে ভাৰতত এক বিশাল সম্ভাৱনা আছে আৰু জৈৱিক আৰু শক্তিবৰ্ধক খাদ্য আদিৰ ক্ষেত্ৰটো বিশ্বৰে অন্যতম হোৱাৰ সম সম্ভাৱনাই বিদ্যমান। তদুপৰি তেওঁ উল্লেখ কৰে যে এই আঁচনিখনে কৃষিৰ ষ্টাৰ্ট-আপসকলক এটা উত্তম সুযোগ আগবঢ়াইছে যাৰদ্বাৰা তেওঁলোক লাভান্বিত হ’ব আৰু তেওঁলোকৰ কাম-কাজৰ গতিও ত্বৰান্বিত হৈ পৰিব, ইয়াৰ ফলশ্ৰুতিতে দেশৰ প্ৰতিটো প্ৰান্তৰ কৃষকসকলক সংযোজিত কৰাৰ এটা বাতাবৰণ প্ৰস্তুত হৈ উঠিব।

পিএম-কিষাণ আঁচনিখনৰ দ্ৰুত ৰূপায়ণত প্ৰধানমন্ত্ৰীয়ে সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ লগতে উল্লেখ কৰে যে এই কাৰ্যক্ৰমৰ পৰিসৰ ইমানেই বিশাল যে আজি মুকলি কৰা পুঁজিয়ে যিমান পৰিমাণৰ লোকক স্পৰ্শ কৰিছেগৈ তাৰ তুলনাত বহু দেশৰ জনসংখ্যায়ে কম হ’ব। তদুপৰি তেওঁ সকলোধৰণৰে পঞ্জীয়নৰপৰা বিতৰণলৈ সমগ্ৰ প্ৰক্ৰিয়াটোৰ জৰিয়তে ৰূপায়ণ আৰু কৃষকক সহায়ত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবে ৰাজ্যসমূহক অভিনন্দন জ্ঞাপন কৰে।

এই কাৰ্যসূচীত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং টোমৰো উপস্থিত থাকে।

কৃষি আন্তঃগাঁথনি পুঁজি

কৃষি আন্তঃগাঁথনি পুঁজি হৈছে সুত অৰ্থসাহাৰ্য্য আৰু ক্ৰেডিট নিশ্চয়তাৰ জৰিয়তে শস্য-চপোৱাৰ পৰৱৰ্তী সময়ৰ ব্যৱস্থাপনা আন্তঃগাঁথনি আৰু সমূহীয়া কৃষি-কাৰ্যৰ আহিলাৰ অৰ্থে ব্যৱহাৰ্য প্ৰকল্পত বিনিয়োগৰ কাৰণে মধ্যমীয়া-দীৰ্ঘম্যাদী ঋণ যোগান ব্যৱস্থা। এই আঁচনিখনৰ ম্যাদ ২০২০ বিত্তীয় বৰ্ষৰপৰা ২০২৯ বিত্তীয় বৰ্ষলৈকে (১০ বছৰ)। এই আঁচনিখনৰ অধীনত, বছৰি ৩% সুত অৰ্থসাহাৰ্য্য আৰু ২ কোটি টকালৈকে ঋণৰ অৰ্থে চিজিটিএমএছই আঁচনিৰ অধীনত ক্ৰেডিট নিশ্চয়তা ক’ভাৰেজৰ সৈতে বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহৰদ্বাৰা ১ লাখ কোটি টকা ঋণ হিচাপে আগবঢ়োৱা হ’ব। ইয়াৰ হিতাধিকাৰী হ’ব পাৰিব কৃষক. পিএচিএছ, বিপণন সমবায় সমিতি, এফপিঅ’, এছএইচজি, যুটীয়া দায়বদ্ধতা গোট (জেএলজি), বহুমুখী সমবায় সমিতি, কৃষি-উদ্যোগী, ষ্টাৰ্টআপ আৰু কেন্দ্ৰীয়/ৰাজ্যিক সংস্থা বা স্থানীয় নিকায়ৰদ্বাৰা অৰ্থসাহাৰ্য্যপ্ৰাপ্ত ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব প্ৰকল্প।

পিএম-কিষাণ

সকলো ভূমিৰগৰাকী কৃষকলৈ (নিৰ্দিষ্ট বৰ্জনৰ মানদণ্ড সাপেক্ষে) তেওঁলোকৰ কৃষি সম্বন্ধীয় অভাৱ দূৰ কৰা আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক সহায়ৰ অৰ্থে নগদ লাভৰদ্বাৰা আয়ৰ বৃদ্ধিৰ নিমিত্তে ২০১৮ ৰ ডিচেম্বৰত পিএম-কিষাণ আঁচনিৰ শুভাৰম্ভ কৰা যায়। এই আঁচনিখনৰ অধীনত, তিনিটা সম কিস্তিত যোগ্য হিতাধিকাৰী কৃষকসকললৈ প্ৰতি বছৰে ৬০০০/- টকাৰ বিত্তীয় লাভ আগবঢ়োৱা যায়।

কৃষি খণ্ডটোৰ কাৰণে এটা নতুন প্ৰত্যুষ

প্ৰধানমন্ত্ৰীজনৰ তত্ত্বাৱধানত ভাৰত চৰকাৰৰদ্বাৰা গ্ৰহণ কৰা এলানি সংস্কাৰৰ এইসমূহ হৈছে শেহতীয়া পদক্ষেপ। সন্মিলিতভাৱে ঘোষিত এই ব্যৱস্থাসমূহে ভাৰতৰ কৃষি খণ্ডৰ কাৰণে নতুন প্ৰত্যুষৰ উন্মেষ ঘটাব আৰু ভাৰতৰ কৃষকৰ কল্যাণ আৰু জীৱিকাৰ স্থায়িত্বৰ অৰ্থে চৰকাৰখনৰ অংগীকাৰকে প্ৰতিভাত কৰি তুলিব।

***

AM/AP/SB



(Release ID: 1644620) Visitor Counter : 287