উপ-ৰাষ্ট্ৰপতি সচিবালয়

কালজয়ী মহাকাব্য ৰামায়ণত বর্ণিত ধর্মৰ সার্বজনীন বাণী প্ৰচাৰৰ বাবে জনসাধাৰণক আহ্বান উপ-ৰাষ্ট্ৰপতিৰ

অযোধ্যাত ৰামৰ মন্দিৰ পুনৰ নিৰ্মাণক লৈ সন্তুষ্টি প্ৰকাশ কৰিলে উপ-ৰাষ্ট্ৰপতিয়ে

ৰামায়ণ এতিয়াও আমাৰ বাবে সমানেই প্রাসংগিক-উপ-ৰাষ্ট্ৰপতি

উপ-ৰাষ্ট্ৰপতিয়ে ৰাম ৰাজ্যক কৰুনা, শান্তিপূর্ণ সহাৱস্থান আৰু সু-শাসনৰ জনতাকেন্দ্রিক শাসন প্ৰতিষ্ঠাৰ এক আদর্শগত ভেঁটি বুলি বৰ্ণনা কৰে

प्रविष्टि तिथि: 02 AUG 2020 12:07PM by PIB Guwahati

উপ-ৰাষ্ট্ৰপতি শ্রী এম ভেংকায়া নাইডুয়ে কালজয়ী মহাকাব্য ৰামায়ণত বর্ণিত ধর্ম তথা ধার্মিকতাৰ সার্বজনীন বার্তা বুজাৰ লগতে প্ৰচাৰ আৰু মূল্যবোধৰ ভিত্তিত জীৱনক সমৃদ্ধ কৰাৰ বাবে সাধাৰণ জনতাক আহ্বান জনায়৷

আজিশ্রী ৰাম মন্দিৰ পুনৰ নিৰ্মাণ আৰু আদর্শ প্ৰতিষ্ঠাশীর্ষক এক ফেচবুক পোষ্ট উপ-ৰাষ্ট্ৰপতিপতিয়ে আগষ্টৰ পৰা অযোধ্যাত ভগৱান ৰামৰ মন্দিৰ পুনৰ নিৰ্মাণৰ বাবে সন্তোষ প্ৰকাশ কৰে৷

তেওঁ লিখে যে এই মন্দিৰৰ পুনৰ নির্মাণ কাৰ্যক উদযাপনৰ মুহূর্ত বুলি উল্লেখ কৰি উপ-ৰাষ্ট্ৰপতিয়ে কয় যে ৰামায়ণক যদি সঠিক দৃষ্টিকোণৰ পৰা বিচাৰ কৰা যায়, তেতিয়াহ’লে সমাজৰ আধ্যাত্মিক উত্থানৰ পথ সুগম হ’ব৷ এই মহাকাব্যত ধর্ম আৰু সুনির্দিষ্ট আচৰণৰ ভাৰতীয় জীৱন দর্শন বিস্তাৰিত ৰূপত বর্ণনা কৰা হৈছে৷

ফেচবুক পোষ্টত উল্লেখ কৰা মতে ৰামায়ণ এনে এক কালজয়ী ঘটনা যি আমাৰ সমাজৰ অংশীদাৰিত্বৰ অবিচ্ছেদ্য অংগ৷ তেওঁ ভগৱান শ্রী ৰামক এক অনুকৰণীয়, আদর্শবান চৰিত্ৰ হিচাপে বর্ণনা কৰে৷ যিকোনো মূল্যবোধ ন্যায়বিচাৰ আৰু দায়িত্বশীল সামাজিক শৃংখলা প্ৰতিষ্ঠাৰ বাবে গুৰুত্বপূর্ণ বুলিও উল্লেখ কৰে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে৷

২,০০০ বছৰ পুৰণি মহাকাব্যখনিৰ প্ৰশংসা কৰি উপ-ৰাষ্ট্ৰপতিয়ে কয় যে দক্ষিণ-পূব এছিয়াৰ বহু দেশৰ সংস্কৃতিত ৰামায়ণে গভীৰভাৱে প্ৰভাৱ পেলাইছে৷

বেদ আৰু সংস্কৃত পণ্ডিত আর্থাৰ এন্থনি মেকড’নাল্ডৰ কথা উল্লেখ কৰি উপ-ৰাষ্ট্ৰপতিয়ে লিখে যে ভাৰতীয় গ্ৰন্থত বর্ণনা কৰা ৰামৰ ধাৰণাসমূহ আছিল মূলতঃ ধর্ম নিৰপেক্ষ৷

কেৱল ভাৰততে নহয় বহু দেশৰ বহু কবি, নাট্যকাৰ, নৃত্যশিল্পী, সুৰকাৰ, সংগীতজ্ঞ আৰু লোকশিল্পীসকলৰ কল্পনাত ৰামায়ণৰ বিভিন্ন আভাস ধৰা পৰা বুলি উল্লেখ কৰি শ্রী নাইডুয়ে লিখে যে দক্ষিণ-পূব এছিয়াৰ বিভিন্ন দেশ যেনে-জাভা, বালি, মালয়, বার্মা, থাইলেণ্ড, কম্বোডিয়া আৰু লাওছতো ভগৱান ৰামৰ কাহিনী সুন্দৰভাৱে বর্ণনা কৰা হৈছে৷

মহাকাব্যখনিৰ সার্বজনীন ৰূপক তুলি ধৰি উপ-ৰাষ্ট্ৰপতিয়ে দক্ষিণ এছিয়াৰ পৰা পূব এছিয়ালৈকে বিস্তৃত বিভিন্ন দেশত জনপ্রিয় ৰামায়ণৰ বিভিন্ন সংস্কৰণৰ এক বিশদ তালিকা উল্লেখ কৰে৷

আলেকজেণ্ডাৰ বাৰানিক’ভে ৰাছিয়া ভাষালৈ মহাকাব্য ৰামায়ণ অনুবাদ কৰাৰ লগতে জেনাডি মেছনিক’ভে ৰংগমঞ্চত এই মহাকাব্যৰ প্ৰযোজনা কৰে৷ ৰামৰ চৰিত্ৰত অভিনয় কৰি ৰাছিয়ান ৰংগমঞ্চৰ অভিনেতাসকলে বিপুল জনপ্রিয়তা অৰ্জন কৰা বুলিও উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে লিখে৷

ইণ্ডোনেছিয়াৰ প্রামবানন মন্দিৰত ৰামায়ণৰ নৃত্য দৃশ্য চিত্রিত আছে। সেয়েহে কেৱল ইণ্ডোনেছিয়াতে নহয় সমগ্ৰ বিশ্বতে ভৌগলিক আৰু ধর্মীয় সীমাৰেখা নির্বিশেষে সংস্কৃতিৰ কেনভাছত ৰামায়ণৰ প্ৰভাৱ প্ৰতিফলিত হৈছে বুলিও উল্লেখ কৰে৷

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ফেচবুক পোষ্টত লিখে যে এয়া অতি আশ্চর্যৰ বিষয় যে বৌদ্ধ, জৈন, শিখ ধর্মত কিবা নহয় কিবা প্ৰকাৰে ৰামায়ণক আকোঁৱালি লৈছে৷

এই পুৰণি মহাকাব্যখনি বিভিন্ন ভাষাত, বহু সংস্কৰণত বাৰে বাৰে অনুবাদ হৈছে৷ সেয়েহে, এই প্রাচীন মহাকাব্যৰ ভাৱনা তথা ইয়াৰ বর্ণনাত এনে কৌতুহলৰ বিষয় আছে, যি সকলো শ্রেণীৰ শ্রোতাৰ মনযোগ আকর্ষণ কৰে৷

উপ-ৰাষ্ট্ৰপতিয়ে কয় যে ৰামায়ণ এনে এক কাহিনীগাথা যাৰ জৰিয়তে এজন লোকৰ সর্বোত্তম গুনাৱলীৰ প্ৰতিমূর্তি তুলি ধৰা হৈছে৷

কাহিনীত সমগ্ৰ ভাৰতত ৰামৰ জয়যাত্রাৰ কাহিনী বর্ণনা কৰা হৈছে৷ আমি ভগৱান ৰামৰ মাজত আর্দশৰ এনে এক দিশ প্ৰত্যক্ষ কৰা যায়, য’ত মূল্যবোধৰ মাজত আস্থা, শান্তি, সহযোগিতা, কৰুনা, আন্তৰিকতা, ন্যায়বিচাৰ, আত্মত্যাগ আৰু দয়াৰ ভাৱনাসমূহ সমান ৰূপত প্ৰতিফলিত হৈছে৷ ভগৱান ৰামৰ এই ভাৱনাত সমগ্ৰ বিশ্বৰ প্ৰতি ভাৰতৰ মূল দৃ্ষ্টিভংগীসমূহকে প্ৰতিফলিত কৰিছে বুলি উপ-ৰাষ্ট্ৰপতি নাইডু ফেচবুল পোষ্টত লিখে৷

ৰামায়ণৰ মূল্যবোধক প্ৰতিফলিত সার্বজনীন, কালজয়ী আৰু সময়সীমাৰ কথা উল্লেখ কৰি এই প্রাচীন মহাকাব্যখনি আজিও আমাৰ বাবে সমানেই প্রাসংগিক হৈ আছে বুলি কয়৷

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ফেচবুক পোষ্টত কয় যে মহাত্মা গান্ধীজিৰ কল্পনাৰ ৰামৰাজ্য আছিল এক আদর্শ, সুশাসনসমৃদ্ধ সাম্রাজ্য। তেওঁ কয় যে বর্তমান শাসন ব্যৱস্থাও এনেকুৱাই হোৱা উচিত। জনতাকেন্দ্রিক সুশাসন এই আদর্শ ৰামৰাজ্যৰ ভিত্তি আছিল কৰুনা, শান্তিপূর্ণ সহাৱস্থান আৰু নাগৰিকসকলৰ উন্নত জীবন-যাপনৰ লক্ষ্যৰে নিৰন্তৰ প্ৰচেষ্টা হাতত লোৱা৷ এই মূল্যবোধসমূহক মাপকাঠি, পথপ্ৰদৰ্শক, প্রেৰণাৰ হিচাপে আমাৰ গণতান্ত্রিক ভিত্তিসমূহক আৰু অধিক সুদৃঢ় কৰিবলৈ ৰাষ্ট্ৰীয় প্ৰচেষ্টাৰ অংগ হৈ উঠিব পাৰে বুলি তেওঁ উল্লেখ কৰে৷

তেওঁ কয় যে আমাৰ ৰাজনৈতিক বিচাৰ বিভাগীয় আৰু প্ৰশাসনিক ব্যৱস্থা সুদৃঢ় কৰি তোলাৰ ক্ষেত্রত এই মূল্যবোধসমূহে বিশেষভাৱে সহায় কৰিব পাৰে৷

****

VRRK/MS/MSY/DP/DB


(रिलीज़ आईडी: 1643101) आगंतुक पटल : 558
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Tamil , Telugu