গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

কৃষকৰ বাবে নিয়ন্ত্ৰণ মুক্ত পৰিৱেশৰ পৰিৱৰ্তিত প্ৰেক্ষাপটত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ লক্ষ্যত উপনীত হ’বলৈ কৌশল যুগুতোৱাৰ বাবে ‘খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগ’ৰ কৰ্মশালা

২০২২চনৰ ভিতৰত কৃষকৰ আয় দুগুণলৈ বৃদ্ধি কৰিব পৰাকৈ তৃণমূল পৰ্যায়ৰ কৃষকৰ সামৰ্থ্য বৰ্দ্ধন আৰু কৃষিখণ্ডৰ আন্তঃগাঁথনিৰ উত্তৰণ সম্ভৱ কৰিব পৰাকৈ বিনিয়োগ বৃদ্ধি কৰাৰ বাবে সকলো অংশিদাৰী পক্ষৰ মাজত সমন্বয় স্থাপন কৰিব পৰা কৌশল নিৰূপণৰ প্ৰয়াস

Posted On: 01 AUG 2020 7:41PM by PIB Guwahati

অত্যাৱশ্যকীয় সামগ্ৰী আইন ১৯৫৫ৰ শেহতীয়া সংশোধন, কৃষক উত্পাদিত সামগ্ৰীৰ বেহা-বেপাৰ(উত্তৰণ আৰু সা-সুবিধা প্ৰদান)অধ্যাদেশ ২০২০ আৰু দৰ নিশ্চয়তা আৰু পথৰুৱা সেৱা সন্দৰ্ভত কৃষক (সবলীকৰণ আৰু সুৰক্ষা প্ৰদান) চুক্তি সম্পৰ্কীয় অধ্যাদেশ ২০২০ৰ বলবত্কৰণ সন্দৰ্ভত সংশ্লিষ্ট সকলক তথ্য অৱগত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ৰ অধীনস্থ খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগয়ে যোৱা ৩০ জুলাইত নতুন দিল্লীত এক কৰ্মশালা অনুষ্ঠিত কৰে।     

কৃষকৰ বাবে নিয়ন্ত্ৰণ মুক্ত পৰিৱেশৰ পৰিৱৰ্তিত প্ৰেক্ষাপটত আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যসমূহত উপনীত হব পৰাকৈ কৌশল যুগুতোৱাৰ বাবেও এই কৰ্মশালাত বিস্তৃত আলোচনা কৰা হয়।

কৰ্মশালাত ২০২২চনৰ ভিতৰত কৃষকৰ আয় দুগুণলৈ বৃদ্ধি কৰিব পৰাকৈ তৃণমূল পৰ্যায়ৰ কৃষকৰ সামৰ্থ্য বৰ্দ্ধন কৰা আৰু কৃষিখণ্ডৰ আন্তঃগাঁথনিৰ উত্তৰণ সম্ভৱ কৰিব পৰাকৈ বিনিয়োগ বৃদ্ধি কৰাৰ বাবে সকলো অংশিদাৰী পক্ষৰ মাজত সমন্বয় স্থাপন কৰিব পৰা কৌশল নিৰূপণৰো প্ৰয়াস কৰা হয়।

কৰ্মশালাত খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ সচিব শ্ৰী সুধাংশু পাণ্ডেয়ে ভাষণ প্ৰদান কৰি দেশৰ নেতৃত্বই নিৰ্দ্ধাৰণ কৰা দূৰদৃষ্টিসম্পন্ন লক্ষ্যসমূহক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত প্ৰশাসকসকলে আন্তৰিকতা প্ৰদৰ্শন কৰাত গুৰুত্ব আৰোপ কৰে। কৰ্মশালাত বিভাগৰ বহু সংখ্যক জ্যেষ্ঠ আমোলা বিষয়া, গৱেষক, বিভিন্ন নিগম-নিকায় আৰু সংস্থাৰ লগতে কৃষক-উত্পাদক সংগঠনৰ বিষয়ববীয়ায়ো তেওঁলোকৰ অভিমত ব্যক্ত কৰে।

Dr. Ashok Dalwai, Chairperson National Rainfed Area Authority addressing the workshop

কৰ্মশালাত লাভ কৰা দিহা পৰামৰ্শ তথা বুদ্ধিদীপ্ত চিন্তাৱলীক আগন্তুক তিনি মাহৰ ভিতৰত কাৰ্যকৰী কৰাৰ ব্যৱস্থা কৰা হব বুলি মন্তব্য আগবঢ়াই খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ সচিবগৰাকীয়ে।

Secretary DoFPD giving the concluding remarks

****



(Release ID: 1643098) Visitor Counter : 163