ভুবিজ্ঞান মন্ত্ৰালয়
আর্থ ছিষ্টেম ছায়েন্সৰ ক্ষেত্ৰত উৎকর্ষতাৰ স্বীকৃতি হিচাপে ৰাষ্ট্ৰীয় পুৰস্কাৰ ঘোষণা
পোষ্ট কৰা হৈছে:
29 JUL 2020 11:40AM by PIB Guwahati
কেন্দ্রীয় ভূ-বিজ্ঞান মন্ত্ৰালয়ে সম্ভাৱ্য সঠিক পৰিৱেশ, জলবায়ু, সামুদ্রিক, উপকূলীয় তথা প্রাকৃতিক দুৰ্যোগ সম্পর্কীয় তথ্য বা আগজাননী দেশবাসীক প্ৰদান কৰি আহিছে৷ সাধাৰণ জনতাৰ সুৰক্ষা তথা আর্থ-সামাজিক দিশসমূহ বিবেচনা কৰি মন্ত্ৰালয়ৰ ফালৰ পৰা এই ধৰণৰ আগজাননী বা তথ্য প্ৰদান কৰা হয়। তদুপৰি, মন্ত্ৰালয়ে জীৱ অথবা জড় সামুদ্রিক সম্পদৰ অনুসন্ধান আৰু সেইবোৰৰ সংৰক্ষণৰ স্বার্থত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে৷
মন্ত্ৰালয়ে আর্থ ছিষ্টেম ছায়েন্স বা ভূ-ব্যৱস্থা সংক্রান্তীয় বিজ্ঞানৰ ক্ষেত্রত উল্লেখযোগ্য অৱদানৰ স্বীকৃতি প্ৰদান কৰিবলৈ বিশিষ্ট বিজ্ঞানী/অভিযন্তাসকলক সন্মান জনাই আহিছে আৰু ভূ-ব্যৱস্থা সংক্রান্তীয় বিজ্ঞানৰ মূল শাখাৰ সৈতে মহিলা আৰু উদীয়মান গৱেষকসকলক সক্রিয়ভাৱে চামিল হ’বলৈ উৎসাহ যোগায়। মন্ত্ৰালয়ে ভূ-বিজ্ঞান ব্যৱস্থাত উল্লেখযোগ্য অৱদানৰ স্বীকৃতিস্বৰূপে জীৱনযোৰা উৎকৰ্ষ পুৰস্কাৰ, বায়ু মণ্ডলীয় বিজ্ঞান আৰু প্ৰযুক্তি; সামুদ্রিক বিজ্ঞান; ভূ-বিজ্ঞান আৰু প্ৰযুক্তি তথা মেৰু প্ৰদেশীয় বিজ্ঞানৰ ক্ষেত্রত উল্লেখযোগ্য অৱদানৰ স্বীকৃত হিচাপে ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰদান কৰি আহিছে৷ মহিলা বিজ্ঞানীসকলৰ অৱদানৰ স্বীকৃতি হিচাপে ড০ আন্না মানী ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰদান কৰা হয়৷
এই বছৰৰ জীৱনযোৰা উৎকৰ্ষ পুৰস্কাৰ অধ্যাপক অশোক সাহানীক প্ৰদান কৰা হৈছে৷ ভূ-বিদ্যা আৰু বায়’ ট্রাটিগ্রাফিৰ ক্ষেত্রত সমগ্ৰ জীৱনৰ অৱদানৰ স্বীকৃতি হিচাপে অধ্যাপক সাহানীকে এই পুৰস্কাৰৰ বাবে মনোনীত কৰা হয়৷
সামুদ্রিক বিজ্ঞান আৰু প্ৰযুক্তি ক্ষেত্রত ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছে চিএছআইআৰৰ বিশাখাপট্টনমৰ নেচনেল ইনষ্টিটিউট অফ অছেন’গ্রাফিৰ জ্যেষ্ঠ মুখ্য বিজ্ঞানী ড০ ভি ভি এছ এছ শর্মা আৰু গোৱাৰ নেচনেল চেণ্টাৰ ফৰ প’লাৰ এণ্ড অছেন ৰিছাৰ্চৰ সঞ্চালক ড০ ৰবি চন্দ্ৰণ৷
বায়ু মণ্ডলীয় বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্রত এই বছৰৰ ৰাষ্ট্ৰীয় পুৰস্কাৰৰ বাবে মনোনীত হৈছে তিৰুৱনন্তপুৰমৰ ভিএছএছচি প্ৰতিষ্ঠানৰ বিজ্ঞানী ড০ এছ সুৰেশ বাবু।
ভূ-বিজ্ঞান আৰু প্ৰযুক্তি ক্ষেত্রত ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছে বেনাৰছ হিন্দু বিশ্ববিদ্যালয়ৰ ভূ-বিদ্যা বিভাগৰ অধ্যাপক এন ভি চলপতি ৰাৱে৷ সামুদ্রিক বিজ্ঞানৰ ক্ষেত্রত ৰাষ্ট্ৰীয় পুৰস্কাৰৰ বাবে মনোনীত হৈছে চেন্নাইৰ নেচনেল ইনষ্টিটিউট ফৰ অ’ছেন টেকন’ল’জিৰ সঞ্চালক ড০ এম এ আত্মনন্দ।
ড০ আন্নামানীৰ নামত থকা মহিলা বিজ্ঞানী বিভাগত ৰাষ্ট্ৰীয় পুৰস্কাৰৰ বাবে মনোনীত হৈছে গোৱাৰ নেচনেল ইনষ্টিটিউট অফ অ’ছেনোগ্রাফিৰ জ্যেষ্ঠ বিজ্ঞানী ড০ লিদিতা ডি এছ খন্দেপার্কাৰ৷
ভূ-ব্যৱস্থা সংক্রান্তীয় বিজ্ঞানৰ ক্ষেত্রত উল্লেখযোগ্য অৱদানেৰ স্বীকৃতি হিচাপে উদীয়মান গৱেষক হিচাপে অসাধাৰণ অৱদানৰ স্বীকৃতিস্বৰূপ পুৰস্কাৰৰ বাবে মনোনীত হৈছে কানপুৰ আইআইটিৰ ড০ ইন্দ্ৰশেখৰ সেন আৰু আমেদাবাদৰ ফিজিকেল ৰিছাৰ্চ লেবৰেটৰীৰ ড০ অৰৱিন্দ সিং৷
*****
NB/KGS/(MoES Release)/DB
(ৰিলিজ আই ডি : 1642243)
অতিথি কক্ষ : 206