গৃহ মন্ত্ৰালয়

কন্টেইনমেন্ট জ’নসমূহৰ বাহিৰত অধিক কাম-কাজ আৰম্ভৰ ব্যৱস্থাৰে আনলক ৩ ৰ নীতি-নিৰ্দেশনা জাৰি গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ৰ

৩১ আগষ্ট ২০২০ লৈকে কন্টেইনমেন্ট জ’নসমূহত বলবৎ থাকিব কঠোৰ লকডাউন

Posted On: 29 JUL 2020 7:23PM by PIB Guwahati

গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ৰ নতুন নীতি-নিৰ্দেশনা

কন্টেইনমেন্ট জনসমূহৰ বাহিৰৰ এলেকাসমূহত অধিক কাম-কাজ আৰম্ভৰ ব্যৱস্থাৰে আজি আনলক ৩ ৰ নতুন নীতি-নিৰ্দেশনা জাৰি কৰে গৃহ পৰিক্ৰমা মন্ত্ৰণালয় (MHA)এ। ১ আগষ্ট, ২০২০ ৰপৰা কাৰ্যকৰী হবলগীয়া আনলক ৩ ত, পৰ্যায়ক্ৰমে কাম-কাজসমূহৰ পুনৰ আৰম্ভ প্ৰক্ৰিয়াৰ ব্যৱস্থা কৰা হৈছে। আজি জাৰি কৰা নতুন নীতি-নিৰ্দেশনাখনি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰপৰা লাভ কৰা মতামতৰ ভিত্তিত তথা এই সম্পৰ্কীয় কেন্দ্ৰীয় মন্ত্ৰণালয় আৰু বিভাগসমূহৰে হোৱা বিস্তৃত আলোচনাৰ জৰিয়তে যুগুত কৰি উলিওৱা হৈছে। 

নতুন নীতি-নিৰ্দেশনাখনিৰ মূল বৈশিষ্ট্যৰাজি

  • নিশাৰ ভাগত জনসাধাৰণৰ চলা-ফুৰা (নাইট কাৰ্ফিউ)ৰ বাধ্যবাধকতা অপসাৰণ কৰা হৈছে।
  • ৫ আগষ্ট, ২০২০ ৰপৰা যোগ প্ৰতিষ্ঠান আৰু জিমসমূহ খোলাৰ অনুমতি দিয়া হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত, সামাজিক দূৰত্ব নিশ্চিত কৰিবলৈ আৰু কভিড-১৯ৰ সংক্ৰমণ ৰোধ কৰিবলৈ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয় (MoHFW)ৰদ্বাৰা ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ (SOP) জাৰি কৰা হব।
  • সামাজিক দূৰত্ব বৰ্তাই ৰাখি আৰু আন স্বাস্থ্যসন্মত প্ৰটকলসমূহ যথাঃ মাস্ক আদি পৰিধান কৰি স্বাধীনতা দিৱসৰ কাৰ্যসূচী আয়োজনৰ অনুমতি দিয়া হৈছে। ইয়াৰ অৰ্থে গৃহ পৰিক্ৰমা মন্ত্ৰণালয় (MHA)ৰদ্বাৰা ২১-০৭-২০২০ত জাৰি কৰা নিৰ্দেশনা মানি চলিব লাগিব।
  • ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰে বিস্তৃত আলোচনাৰ পাছত ৩১ আগষ্ট, ২০২০ লৈকে বিদ্যালয়, মহাবিদ্যালয় আৰু কচিং প্ৰতিষ্ঠানসমূহ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
  • বন্দে ভাৰত অভিযানৰ অধীনত সীমিত ৰূপত যাত্ৰীসকলৰ আন্তঃৰাষ্ট্ৰীয় বিমান যাত্ৰাত অনুমতি দিয়া হৈছে। পৰৱৰ্তী আৰম্ভৰ ব্যৱস্থাসমূহ ক্ৰমাগতভাৱে কৰা হব।
  • কন্টেইনমেন্ট জনসমূহৰ বাহিৰত তলত উল্লেখকৰা ক্ৰিয়া-কলাপসমূহৰ বাহিৰে সকলোবোৰৰ অনুমতি দিয়া হৈছেঃ 
  1. মেট্ৰ ৰেল।
  2. চিনেমা হল, ছুইমিং পুল, বিনোদন উদ্যান, থিয়েটাৰ, বাৰ, ডিটৰিয়াম, সন্মিলন হল আৰু এনেধৰণৰ স্থান।
  3. সামাজিক/ ৰাজনৈতিক/ ক্ৰীড়া/ মনোৰঞ্জন/ শৈক্ষিক/ সাংস্কৃতিক/ ধৰ্মীয় অনুষ্ঠান আৰু আন ডাঙৰ সমাবেশ।

পৰিস্থিতিৰ পৰ্যালোচনা সাপেক্ষে, এইসমূহ মুকলিৰ তাৰিখ পৃথকভাৱে নিৰ্ধাৰণ কৰা হব।

  • ৩১ আগষ্ট, ২০২০ লৈকে কন্টেইনমেন্ট জনসমূহত লকডাউন কঠোৰভাৱে পালন কৰিব লাগিব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয় (MoHFW)এ জাৰি কৰা নীতি-নিৰ্দেশনাৰ অধীনত কভিড-১৯ৰ সংক্ৰমণ ৰোধ কৰাৰ লক্ষ্যৰে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহৰদ্বাৰা কন্টেইনমেন্ট জনসমূহৰ সীমা সাৱধানে কাৰ্যকৰী ৰখাটো বাঞ্চনীয়।  কন্টেইনমেন্ট জনসমূহৰ ভিতৰত, কঠোৰভাৱে পৰিসীমা নিয়ন্ত্ৰণ কৰা হব আৰু নিত্য-ব্যৱহাৰ্য্য সা-সামগ্ৰীৰ সৰবৰাহৰ সৈতে সম্পৰ্কীয় কাৰ্য-কলাপসমূহতহে অনুমতি দিয়া হৈছে। 
  • ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰদ্বাৰা সংশ্লিষ্ট জিলাধিপতিৰ কাৰ্যালয়ৰ ৱেবচাইটত এই কন্টেইনমেন্ট জনসমূহৰ সৱিশেষ উল্লেখ কৰা হব আৰু এই তথ্য স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয় (MoHFW)কো দাখিল কৰিব লাগিব।
  • কন্টেইনমেন্ট জনসমূহৰ ক্ৰিয়া-কলাপসমূহ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহে কঠোৰভাৱে নিৰীক্ষণ কৰিব লাগিব আৰু এই জনসমূহত গ্ৰহণ কৰিবলগীয়া কন্টেইনমেন্ট ব্যৱস্থা সম্পৰ্কীয় নীতি-নিৰ্দেশনাসমূহ কঠোৰভাৱে কাৰ্যকৰী কৰিব লাগিব।
  • স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয় (MoHFW)এ কন্টেইনমেন্ট জনসমূহৰ যথোপযুক্ত চিত্ৰণ (delineation) আৰু  কন্টেইনমেন্ট ব্যৱস্থাসমূহৰ ৰূপায়ণৰ নিৰীক্ষণ কৰিব।

কন্টেইনমেন্ট জ’নসমূহৰ বাহিৰৰ কাম-কাজ সন্দৰ্ভত ৰাজ্যসমূহে সিদ্ধান্ত গ্ৰহণ কৰিব

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে তেওঁলোকে কৰা পৰিস্থিতিৰ পৰ্যালোচনাৰ ভিত্তিত, কন্টেইনমেন্ট জনসমূহৰ বাহিৰৰ নিৰ্দিষ্ট কেতবোৰ কাৰ্য-কলাপ নিষিদ্ধ কৰিব পাৰিব বা প্ৰয়োজনীয়তা অনুসৰি এনে বাধ্যবাধকতা আৰোপ কৰিব পাৰিব। তথাপি, জনসাধাৰণ আৰু সা-সামগ্ৰীৰ আন্তঃ-ৰাজ্যিক (inter-State) আৰু ৰাজ্যৰ-ভিতৰ (intra-State) ত চলাফুৰা, সৰবৰাহত বাধ্যবাধকতা নাথাকিব। এনে চলাফুৰা, সৰবৰাহৰ অৰ্থে কোনো পৃথক অনুমতি/অনুমোদন/ই-পাৰ্মিটৰ প্ৰয়োজনীয়তা নাথাকিব।

ভিড-১৯ৰ ব্যৱস্থাপনাৰ অৰ্থে ৰাষ্ট্ৰীয় নিৰ্দেশনা (National Directives)

সামাজিক দূৰত্ব সুনিশ্চিতকৰণৰ লক্ষ্যৰে, সমগ্ৰ দেশতে কভিড-১৯ৰ ব্যৱস্থাপনাৰ অৰ্থে ৰাষ্ট্ৰীয় নিৰ্দেশনা পালন বাহাল থাকিব। দোকান-পোহাৰসমূহে গ্ৰাহকসকলৰ মাজত যথোপযুক্ত শাৰীৰিক দূৰত্ব বৰ্তাই ৰাখিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। গৃহ পৰিক্ৰমা মন্ত্ৰণালয় (MHA)এ ৰাষ্ট্ৰীয় নিৰ্দেশনাৰ ফলপ্ৰসূ ৰূপায়ণ নিৰীক্ষণ কৰিব।

আক্ৰান্ত হোৱাৰ অধিক সম্ভাৱনা থকা লোক (vulnerable persons)ৰ অৰ্থে সুৰক্ষা

আক্ৰান্ত হোৱাৰ অধিক সম্ভাৱনা থকা লোক যথাঃ ৬৫ বছৰ বয়সৰ উৰ্ধ লোক, আন ৰোগত আক্ৰান্ত হৈ থকা লোক, গৰ্ভৱতী মহিলা আৰু ১০ বছৰ বয়সৰ অনূৰ্ধ শিশুক অত্যাৱশ্যকীয় প্ৰয়োজনীয়তা আৰু চিকিৎসা সম্পৰ্কীয় কাৰণৰ বাহিৰে ঘৰতে থকাৰ পৰামৰ্শ প্ৰদান কৰি অহা হৈছে।

আৰোগ্য সেতুৰ ব্যৱহাৰ

আৰোগ্য সেতুবাইল এপ্লিকেশ্যনটো ব্যৱহাৰত উৎসাহিত কৰি অহা হৈছে।

*****

NW/RK/PK/SS/DDD/SB



(Release ID: 1642175) Visitor Counter : 248