বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

কলেজীয়া ছাত্ৰীৰ পৰা মধ্য বয়সীয়া গৃহীণীলৈকে উদ্যমশীলতাৰ যাত্ৰা আৰম্ভ কৰিছে মহিলাই

পোষ্ট কৰা হৈছে: 29 JUL 2020 11:39AM by PIB Guwahati

শ্ৰীমতী প্ৰিয়ংকা প্ৰভাকৰে লকডাউনৰ সময়চোৱাত সৰু সৰু লৰা-ছোৱালীসকলক খেলা-ধূলা কৰাই ঘৰতে আবদ্ধ ৰাখিব পৰাকৈ ষ্টেম(এছট্ইএম- ছায়েন্স, টেকনলজী, ইঞ্জিনীয়াৰিং আৰু মেথ্ছ ভিত্তিক) পুতলা নিৰ্মাণ কৰাৰ লগতে বৰ্ড গেম সাজি উলিওৱাত মনোনিৱেশ কৰিছিল আৰু ইয়াৰ জৰিয়তে এইচোৱা সময়ত ৪০ লাখ টকাৰ বাণিজ্য কৰিবলৈ সক্ষম হয়। এইখিনি সময়ত বদোদড়াৰ শ্ৰীমতী মেঘনা গান্ধীয়ে সমাজৰ বঞ্চিত-পীড়িত মহিলাসকলৰ সৈতে কামত ব্ৰতী হৈ প্ৰাকৃতিক বস্ত্ৰ নিৰ্মাণ আৰু কভিড সম্পৰ্কীয় সা-সামগ্ৰী প্ৰস্তুত কৰি এইখিনি সময়ত ২৫ লাখ টকা পৰিমাণৰ ব্যৱসায় কৰিবলৈ সক্ষম হয়। কভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ সময়চোৱাত চত্তিশগড়, তেলেংগাণা, আৰু অন্ধ্ৰ প্ৰদেশৰ মাছমৰীয়াসকলৰ সৈতে কামত ব্ৰতী হৈ তেওঁলোকৰ অঞ্চলসমূহৰ পানীৰ মান উন্নত কৰাৰ লগতে মীন পালনত সহায়ক হোৱাকৈ ইণ্টাৰনেট অব থিংছ(আইঅটি) যন্ত্ৰ স্থাপন কৰে শ্ৰীমতী স্নেহাল বাৰ্মাই। এই তিনিওগৰাকী মহিলা উদ্যোগীয়ে বিজ্ঞান আৰু প্ৰযুক্তিসংক্ৰান্তীয় উদ্যমশীলতাৰে কামত ব্ৰতী হৈছে।

এই তিনিওগৰাকী মহিলাই মহিলা উদ্যমশীলতা আৰু সবলিকৰণ(ৱমেন এট্ৰিপ্ৰিনিউৰশ্বিপ এণ্ড এম্পাৱাৰমেণ্ট-ডব্লিউইই)য়ে আগবঢ়োৱা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সহযোগিতা আৰু পৃষ্টপোষকতাৰে আইআইটি-দিল্লীয়ে কলেজীয়া ছাত্ৰীৰ পৰা মধ্য বয়সীয়া গৃহীণীলৈকে উদ্যমশীলতাক সাৰোগত কৰি জীৱন বাটত আগুৱাই যাব খোজা মহিলাসকলক উদ্গণি যোগোৱাৰ উদ্দেশ্যেই এই সন্মান প্ৰদৰ্শনৰ দিহা কৰি আহিছে। নিজ নিজ কৰ্মক্ষেত্ৰত অনবদ্য কৰ্মকুশলতা প্ৰদৰ্শন কৰা ১১গৰাকী মহিলা উদ্যোগীলৈ ২৫লাখ টকাকৈ নগদ ধনৰ সৈতে এই বঁটা আগবঢ়োৱা হয়।

 

https://static.pib.gov.in/WriteReadData/userfiles/image/image0039NSF.jpg

শ্ৰীমতী কল্পনা আৰোৰাক বাহ্য পানীৰ পৰা হেণ্ড ছেনিটাইজাৰ প্ৰস্তুত কৰাৰ বাবে, আৰু শ্ৰীমতী শিৱানী গুপ্তাক আঘাত নিৰাময় কৰিব পৰা প্ৰযুক্তি বিকশিত কৰাৰ বাবে ৰূপৰ পদকৰে সন্মানিত কৰা হয়। সেইদৰে বায়ুকণাক বৰষুণলৈ ৰূপান্তৰিত কৰা যন্ত্ৰ নিৰ্মাণ কৰাৰ বাবে শ্ৰীমতী নীতা দোশী, কৃষিক্ষেত্ৰৰ কৰ্মকুশলতা বৃদ্ধিৰ বাবে কৰা কামৰ বাবে শ্ৰমতী ৰাশী বাৰ্মা, ঘৰুৱা আৱৰ্জনা প্ৰৱন্ধনৰ বাবে শ্ৰীমতী মমী শইকীয়া আৰু শিশুৰ বাবে অংক বিষয়ত কুশলতা প্ৰদৰ্শন কৰা শ্ৰীমতী অভিশ্ৰী আৰোৰাক ব্ৰঞ্জৰ পদক প্ৰদান কৰা হয়।

ইফালে কভিড-১৯ৰ লকডাউন কালত ৰাজহ সংগ্ৰহৰে বাণিজ্যিক সম্ভাৱনীয়তা প্ৰতিপন্ন কৰা দুই কৃৰ্তীৰ বাবে সম্ভাৱনাপূৰ্ণ তাৰকা বঁটাৰে সন্মানিত কৰা হয় শ্ৰীমতী নীতিকা সংখীয়া আৰু শ্ৰীমতী ৰিতিকা অমিত কুমাৰক।  

 

https://static.pib.gov.in/WriteReadData/userfiles/image/image004GD01.jpg

 

*****

NB/KGS/(DST Media Cell)/KB


(ৰিলিজ আই ডি : 1642148) অতিথি কক্ষ : 179