ভাৰতীয় নিৰ্বাচন আয়োগ

উপ-নিৰ্বাচনৰ সন্দৰ্ভত স্পষ্টীকৰণ

Posted On: 23 JUL 2020 2:23PM by PIB Guwahati

নির্বাচন আয়োগৰ জ্যেষ্ঠ প্ৰধান সচিব শ্রী সুমিত মুখাৰ্জীৰ স্বাক্ষৰসম্বলিত কালি জাৰি কৰা ৯৯/উপ-নিৰ্বাচন/২০২০/ইপিএছ নং পত্ৰৰ সন্দৰ্ভত এই স্পষ্টীকৰণ আগবঢ়োৱা হৈছে৷ সংশ্লিষ্ট পত্ৰৰ বক্তব্যক একাংশ সংবাদ মাধ্যমে কেতবোৰ বিভ্রান্তিৰ সৃষ্টি কৰিছে। ইয়াৰ পৰিপ্রেক্ষিতত স্পষ্টকৈ কোৱা হৈছে যে ওপৰোক্ত পত্ৰৰ বক্তব্য কেৱল ৮টা নির্বাচনী ক্ষেত্রৰ বাবেহে প্ৰযোজ্য। এই বিষয় সম্পর্কে ইতিমধ্যে কেন্দ্রীয় আইন আৰু ন্যায় মন্ত্ৰালয়ে যোৱা ০৩.০৭.২০২০ তাৰিখে প্রেৰণ কৰা ৯৯/উপ-নিৰ্বাচন/২০২০/ইপিএছ নং পত্ৰ যোগে সদৰি কৰা হৈছে। মন্ত্ৰালয়লৈ প্ৰেৰণ কৰা সেই পত্ৰত ৮টা নির্বাচনী ক্ষেত্রত কিছু অস্বাভাৱিক পৰিস্থিতিৰ কথা উল্লেখ কৰা হৈছে। অৱশ্য, সেই ৮টা নির্বাচনী ক্ষেত্ৰকে ধৰি মুঠ ৫৬টা বিধানসভা নির্বাচনী ক্ষেত্রত উপ-নিৰ্বাচন বাকী আছে। তদপৰি, এক সংসদীয় নির্বাচনী ক্ষেত্রতো নির্বাচন অনুষ্ঠিত হ’ব৷ সেই হিচাপে ৫৭টা নির্বাচনী ক্ষেত্রত উপ-নিৰ্বাচন সন্দৰ্ভত স্পষ্টকৈ কোৱা হৈছে যে নির্বাচন আয়োগে ইতিমধ্যে সকলো নির্বাচনী এলেকাত জনপ্ৰতিনিধি আইন, ১৯৫১ৰ ১৫১ (ক) ধাৰাৰ অধীনত উপ-নির্বাচনৰ সিদ্ধান্ত্ লৈছে। ওপৰোক্ত ৮টা নির্বাচনী ক্ষেত্রত উপ-নির্বাচন অতি কমেও ৭ ছেপ্টেম্বৰলৈকে পিছুৱাই দিয়াৰ সম্ভাৱনা আছে৷ উপ-নির্বাচনৰ সময়সূচী আৰু দিনৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণৰ বিষয়ত কাইলৈ অৰ্থা২৪.০৭.২০২০ত আয়োগৰ বৈঠকত আলোচনা কৰা হ’ব৷

****

SBS/DB



(Release ID: 1640787) Visitor Counter : 161