স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

দিল্লীত জুন মাহত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াৰ কল্যাণ মন্ত্ৰালয়ৰ নেশ্যনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰ’ল (এনচিডিচি)ৰ দ্বাৰা ছেৰো-প্ৰিভিলেন্সৰ সমীক্ষা

পোষ্ট কৰা হৈছে: 21 JUL 2020 12:17PM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে অলপতে দিল্লীত এক ছেৰো-প্ৰিভিলেন্সৰ সমীক্ষা চলাইছে। নেশ্যনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰ’লে (এনচিডিচি), এনচিআৰ কৰ্তৃপক্ষৰ সহযোগিতাত এই সমীক্ষা সম্পন্ন কৰিছে। বিভিন্ন পৰ্যায়ত নমুনা সংগ্ৰহ কৰি সেইবোৰ পৰীক্ষা কৰা হৈছে। ২৭ জুনৰ পৰা ১০ জুলাই পৰ্যন্ত সম্পূৰ্ণ প্ৰক্ৰিয়াটো চলোৱা হয়।

 

দিল্লীত ১১ খন জিলাত সমীক্ষা দল গঠন কৰা হৈছিল। যিসকলে এই সমীক্ষাত অংশগ্ৰহণ কৰিবলৈ উৎসাহ দেখুৱাইছিল, তেওঁলোকৰ পৰা লিখিত অনুমতি গ্ৰহণ কৰি তেজৰ নমুনা সংগ্ৰহ কৰা হয়। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ দ্বাৰা স্বীকৃত ক’ভিড কবচ এলাইজা ব্যৱহাৰ কৰি নমুনাবোৰৰ ছেৰা পৰীক্ষা কৰি চোৱা হয়, যে তাত আইজিজি এণ্টিব’ডি আৰু সংক্ৰমণৰ কোনো লক্ষণ আছে নে নাই, সেয়া পৰীক্ষা কৰা হয়। এলাইজা পদ্ধতি হৈছে দেশৰ এক সৰ্ববৃহৎ ছেৰো-প্ৰিভিলেন্স সমীক্ষা।

 

গৱেষণাগাৰৰ পৰীক্ষাৰ নিয়ম মানি ২১,৩৮৭ টা নমুনা সংগ্ৰহ কৰা হৈছিল। সাধাৰণভাৱে মুঠ জনসংখ্যাৰ কিমানজনৰ শৰীৰত এণ্টিব’ডি আছে, সেয়া এই সমীক্ষাৰ যোগেদি চিনাক্ত কৰা হৈছে। এই পৰীক্ষাৰ উদ্দেশ্য আছিল ছাৰ্ছ-ক’ভ-২ ৰ সংক্ৰমণ কিমানজনৰ মাজত বিয়পিছে সেই সম্পৰ্কে এক ধাৰণা লাভ কৰা, কোনো লোক সংক্ৰমিত হৈছে নে নাই সেয়া নিশ্চিত কৰা নহয়।

 

সমীক্ষাৰ অংগ হিচাপে বিভিন্ন সময়ত ছেৰো-প্ৰিভিলেন্সৰ দৰে এণ্টিব’ডি টেষ্টো কৰা হৈছে। ইয়াৰ ফলত সংক্ৰমণ কিমান প্ৰসাৰিত হৈছে সেই বিষয়ে গুৰুত্বপূৰ্ণ তথ্য লাভ কৰা গৈছে।

 

ছেৰো-প্ৰিভিলেন্স সমীক্ষাৰ ফলৰ পৰা এই কথা স্পষ্ট হৈ পৰিছে যে দিল্লীত আইজিজি এণ্টিব’ডিৰ প্ৰাদুৰ্ভাৱ মুঠ জনসংখ্যাৰ ২৩.৪৮%। এই পৰীক্ষাত আৰু দেখা গৈছে যে এতিয়াৰ বেছিতকৈও বেছিভাগ মানুহৰেই লক্ষণহীন সংক্ৰমণ হৈছে। ইয়াৰ মাধ্যমেৰে যিবোৰ সিদ্ধান্তত উপনীত হোৱা গৈছে সেয়া হ’ল -

 

১) এই মহামাৰী আৰম্ভ হোৱাৰ প্ৰায় ছমাহ পিছত দিল্লীত মাত্ৰ ২৩.৪৮% লোক সংক্ৰমিত হৈছে। দিল্লী চহৰৰ বহু ঠাই জনবহুল। কিন্তু দ্ৰুত লকডাউন কাৰ্যকৰী কৰা, কণ্টেইনমেণ্ট এলেকাসহ সকলো ঠাইতে চোকা দৃষ্টি ৰখা, সংক্ৰমিতসকলৰ সংস্পৰ্শত কোনো লোক আহিলে তেওঁলোকক চিনাক্ত কৰাৰ দৰে চৰকাৰী উদ্যোগৰ লগতে জনসাধাৰণে যিধৰণে ক’ভিড সংক্ৰান্তীয় নিয়মাৱলী পালন কৰিছে, তাৰ পৰা সুফল পোৱা গৈছে।

 

২) অৱশ্য মুঠ জনসংখ্যাৰ এক বৃহৎ অংশই এই সংক্ৰমণৰ মাজতে বসবাস কৰিছে । এই কাৰণে প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে যি যি কৰণীয় আছে, সেইবোৰ পালন কৰিব লাগিব। শাৰীৰিক দূৰত্ব বজায় ৰাখি, ফে’চ কভাৰ আৰু মাস্ক ব্যৱহাৰ কৰা, নিয়মিত হাত ধুৱা, হাঁচি - কাঁহৰ সময়ত যথাযথ  নিয়ম মানি চলা, জনবহুল এলাকা পৰিহাৰ কৰাৰ দৰে চিকিৎসা বহিৰ্ভূত নিয়মকানুনবোৰ কঠোৰভাৱে মানি চলিব লাগিব।

****

MV/RD


(ৰিলিজ আই ডি : 1640550) অতিথি কক্ষ : 402
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi