তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ চৰকাৰলৈ চিচিআৰজিএৰ জাননী জাৰি

Posted On: 20 JUL 2020 5:18PM by PIB Guwahati

সৰ্বোচ্চ ন্যায়ালয়ৰ চৰকাৰী বিজ্ঞাপনৰ বিষয়বস্তু নিয়ন্ত্ৰণৰ বাধ্যতামূলক কমিটি (CCRGA) এ আজি; ১৬ জুলাই, ২০২০ ত বাতৰিকাকতসমূহত প্ৰকাশ পোৱা দিল্লী চৰকাৰৰ এটা বিজ্ঞাপন সন্দৰ্ভত দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল (NCT)ৰ চৰকাৰলৈ এখন জাননী জাৰি কৰিছে। দিল্লী চৰকাৰৰ বিজ্ঞাপনটো সন্দৰ্ভত ছ’চিয়েল মিডিয়াত উত্থাপিত অভিযোগৰ ভিত্তিত এই কমিটিখনে নিজাববীয়াকৈ বিচাৰ লৈছে – দিল্লী চৰকাৰে মুম্বাইৰ বাতৰিকাকতসমূহলৈ বিজ্ঞাপনটো জাৰি কৰাৰ আৱশ্যকতাক লৈ উত্থাপিত হোৱা প্ৰশ্ন আৰু এই বিজ্ঞাপনটোক কেৱল মাত্ৰ ৰাজনৈতিক বাৰ্তা বহনৰ উদ্দেশ্যৰেই এই ধৰণৰে প্ৰকাশ কৰা বুলি অসন্তুষ্টিৰ সৃষ্টি হোৱাতে কমিটিখনে এই ব্যৱস্থা গ্ৰহণ কৰিছে। দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ চৰকাৰৰ শিক্ষা বিভাগ আৰু তথ্য আৰু প্ৰচাৰ সঞ্চালকালয়ৰদ্বাৰা এই এক পৃষ্ঠাৰ বিজ্ঞাপনটো প্ৰকাশ কৰা হৈছিল।

১৩ মে’, ২০১৫ ৰ সৰ্বোচ্চ ন্যায়ালয়ৰ নীতি-নিৰ্দেশনাৰ অধীনত - “চৰকাৰী বিজ্ঞাপনসমূহৰ বিষয়বস্তুৰে চৰকাৰৰ সাংবিধানিক আৰু আইনী বাধ্যবাধকতা তথা নাগৰিকৰ অধিকাৰ আৰু বিশাষাধিকাৰৰ সামঞ্জস্য থাকিব লাগে।”

এই নীতি-নিৰ্দেশনাৰ পৰিপ্ৰেক্ষিতত, তলত উল্লেখ কৰা প্ৰসংগ সাপেক্ষে কমিটিখনে দিল্লী চৰকাৰক তেওঁলোকৰ মতামত দাখিল কৰিবলৈ এই জাননীখন প্ৰাপ্তিৰপৰা ৬০ দিনৰ সময়সীমা ধাৰ্য কৰি দিয়েঃ

  1. উল্লেখ কৰা প্ৰকাশিত বিজ্ঞাপনটোৰ বাবে কোষাগাৰৰ ব্যয়।
  2. বিজ্ঞাপনটো প্ৰকাশৰ উদ্দেশ্য আৰু বিশেষভাৱে দিল্লীৰ বাহিৰে আন সংস্কৰণত প্ৰকাশৰ উদ্দেশ্য।
  • iii. এই বিজ্ঞাপনটোৱে ৰাজনৈতিক ব্যক্তিত্বৰ প্ৰশংসা পৰিহাৰ সন্দৰ্ভত মহামান্য উচ্চতম ন্যায়ালয়ৰ নীতি-নিৰ্দেশনা কিদৰে উলংঘা কৰা নাই।
  • iv. বাতৰিকাকতসমূহৰ নাম আৰু তেওঁলোকৰ সংস্কৰণসমূহৰ সৈতে উল্লেখিত বিজ্ঞাপনটোৰ মিডিয়া প্লেনো দাখিল কৰিব লাগিব।

এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে ১৩ মে’, ২০১৫ৰ মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি, ভাৰত চৰকাৰে ৬ এপ্ৰিল, ২০১৬ ত এখন তিনিজনীয়া সদস্যৰ কমিটি গঠন কৰিছিল। সদস্যসকল বাছনিৰ ভিত্তি আছিল “অদম্য নিৰপেক্ষ আৰু সমদৰ্শিতাসম্পন্ন লোক আৰু তেওঁলোকৰ সংশ্লিষ্ট ক্ষেত্ৰসমূহত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ সক্ষম হওঁতা”। এই কমিটিখনৰ দায়িত্ব হৈছে সকলো সংবাদ মাধ্যমতে চৰকাৰী ধনৰ ব্যয়ৰে প্ৰকাশিত বিজ্ঞাপনসমূহৰ বিষয়বস্তু নিয়ন্ত্ৰণ কৰা। উচ্চতম ন্যায়ালয়ৰ নীতি-নিৰ্দেশনা উলংঘনৰ ক্ষেত্ৰত জনসাধাৰণৰ অভিযোগৰে এই কমিটিখনে মোকাবিলা কৰে আৰু এই সন্দৰ্ভত পৰামৰ্শ প্ৰদান কৰে। এই কমিটিখনে উচ্চতম ন্যায়ালয়ৰ নীতি-নিৰ্দেশনাৰ কোনোধৰণৰ উলংঘন/বিপথগামিতা সাপেক্ষে নিজাববীয়াকৈ গোচৰ ল’ব পাৰে আৰু সংশোধনী কাৰ্যৰ পৰামৰ্শ আগবঢ়াব পাৰে।

বৰ্তমানে চিচিআৰজিএৰ অধ্যক্ষৰ দায়িত্বত আছে ভাৰতৰ প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্ত শ্ৰী ওম প্ৰকাশ ৰাৱট। কমিটিখনৰ সদস্যসকল হৈছে আইএএ ৰ ভূতপূৰ্ব অধ্যক্ষ আৰু এছিয়ান ফেডাৰেশ্যন অৱ এডভাৰ্টাইজিং এছ’চিয়েশ্যনৰ শ্ৰী ৰমেশ নাৰায়ণ আৰু প্ৰসাৰ ভাৰতী পৰিষদৰ সদস্য ডঃ অশোক কুমাৰ টেণ্ডন।

*****

MC/SB



(Release ID: 1640087) Visitor Counter : 236