বিত্ত মন্ত্ৰালয়
কৰদাতাসকলৰ ই-ফাইল দাখিল আৰু অধিক সৰলীকৰণৰ বাবে নতুন প্ৰপত্ৰ ২৬ এএছ আৰম্ভ কৰা হ’ব
Posted On:
18 JUL 2020 1:37PM by PIB Guwahati
ক্ষীপ্ৰ আৰু নিৰ্ভুলভাৱে আয়কৰ জমা দিয়াৰ ক্ষেত্ৰত কৰদাঁতাসকলৰ ই-ফাইল ব্যৱস্থাত আৰু অধিক সুবিধা প্ৰদান কৰিবৰ বাবে ২৬ এএছ নামৰ এক নতুন প্ৰ-পত্ৰ আৰম্ভ কৰা হৈছে। কৰ দাখিল সংক্ৰান্তীয় এই নতুন ফৰ্ম বা প্ৰ-পত্ৰখনত কৰদাঁতাসকলে তেওঁলোকৰ আৰ্থিক লেনদেন সংক্ৰান্তীয় আৰু কিছু বিৱৰণ ইয়াত উল্লেখ কৰাৰ সুবিধা লাভ কৰিব।
আয়কৰ দপ্তৰে একাধিক আৰ্থিক লেনদেন সংক্ৰান্তীয় বিৱৰণ দাখিল কৰা কৰদাঁতাসকলৰ পৰা যি মতামত লাভ কৰিছে, সেই অনুযায়ী আৰ্থিক লেনদেন সংক্ৰান্তীয় বিৱৰণবোৰ ফৰ্ম নম্বৰ ২৬এএছৰ অংশ ই-ত দেখুওৱা হৈছে। ৰিটাৰ্ন দাখিলৰ ক্ষেত্ৰত ই-ফাইলিং ব্যৱস্থাক সৰল কৰিবলৈ আৰু কৰৰ ক্ষেত্ৰত দায়বদ্ধতা বজাই ৰাখিবলৈ কৰদাঁতাসকলৰ আয়কৰ ৰিটাৰ্ন দাখিলৰ সুবিধাৰ্থে নতুন এই ফৰ্ম আৰম্ভ কৰা হৈছে। ইয়াৰ ফলত, কৰদাঁতাসকলে অতি সহজেই পৰিশোধ কৰিবলগীয়া কৰৰ হিচাপ নিকাচ কৰিবলৈ সক্ষম হ’ব। আনকি, নতুন এই ব্যৱস্থাৰ ফলত, সমগ্ৰ কৰ প্ৰশাসন ব্যৱস্থাটোত স্বচ্ছতা আৰু দায়বদ্ধতা থাকিব। পূৰ্বে ২৬ এএছ ফৰ্মখন টিডিএছ আৰু টিচিএছ সংক্ৰান্তীয় তথ্য সংযোজনৰ কামত ব্যৱহৃত হৈছিল। এতিয়াৰ পৰা নতুন ২৬ এ এছ ফৰ্মৰ মাধ্যমেৰে কৰদাঁতাসকলে অন্যান্য পৰিশোধযোগ্য কৰ, ৰিফাণ্ড আৰু টিডিএছ ডিফল্ট সংক্ৰান্তীয় অতিৰিক্ত কিছু তথ্য দাখিল কৰিব পাৰিব। আয়কৰ দপ্তৰৰ তৰফৰ পৰা ২৬ এএছ ফৰ্ম সম্পৰ্কে আৰু কোৱা হৈছে যে, এই ফৰ্মৰ পাৰ্ট-ই’ত কৰদাঁতাসকলে লেনদেনৰ ধৰণ, লেনদেনৰ তাৰিখ, একক বা যৌথ লেনদেন, লেনদেনকাৰীৰ তৰফৰ সংখ্যা, পৰিমান, মাচুল আঁতৰোৱাৰ পদ্ধতি আদি সম্পৰ্কীয় তথ্য উল্লেখ কৰিব পাৰিব। আনকি, নতুন এই ব্যৱস্থাৰ ফলত সৎ কৰদাঁতাসকলে তেওঁলোকৰ সংশোধিত আৰ্থিক লেনদেনৰ কথাও ৰিটাৰ্ন দাখিলৰ সময় উল্লেখ কৰিব পাৰিব।
.
****
RM/KMNRD/
(Release ID: 1639703)
Visitor Counter : 228