গৃহ মন্ত্ৰালয়
বতৰ-বিজ্ঞান বিভাগৰ সহযোগত ‘এনআইডিএম’য়ে আয়োজন কৰা ‘ধুমুহা আৰু বজ্ৰপাত’ সম্পৰ্কীয় এক ৱে’বিনাৰত গৃহ পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে
প্ৰকৃতিক দুৰ্যোগৰ নেতিবাচক প্ৰভাৱ স্তিমিত কৰাৰ হ্ৰস্ব আৰু দীৰ্ঘকালীন পদক্ষেপ গ্ৰহণৰ বাবে সহযোগিতাৰ উদ্যোগ গ্ৰহণত গুৰুত্ব
प्रविष्टि तिथि:
14 JUL 2020 5:44PM by PIB Guwahati
বতৰ-বিজ্ঞান বিভাগৰ সহযোগত ‘ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰবন্ধন প্ৰতিষ্ঠান’(এনআইডিএম)য়ে আজি আয়োজন কৰা ‘ধুমুহা আৰু বজ্ৰপাত’ সম্পৰ্কীয় এক ৱে’বিনাৰ-ৰ উদ্বোধনী অনুষ্ঠানত পৌৰহিত্য কৰে গৃহ পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে। ৱে’বিনাৰখনৰ জৰিয়তে বতাহ-ধুমুহা আৰু বজ্ৰপাতে সৃষ্টি কৰিব পৰা বিপদৰ আশংকা সন্দৰ্ভত তথ্য বিশ্লেষণ কৰাৰ ক্ষেত্ৰত মানৱীয় দক্ষতাৰ পৰিসৰ বৃদ্ধি কৰাৰ লগতে প্ৰধানমন্ত্ৰীৰ ১০দফীয়া কাৰ্যসূচী আৰু দুৰ্যোগ প্ৰবন্ধন সংক্ৰান্তীয় ‘ছেণ্ডাই ফ্ৰেমৱৰ্ক’-ৰ ব্যৱস্থাৱলীৰ ৰূপায়ণৰে এনে বিপদৰ নেতিবাচক প্ৰভাৱ স্তিমিত কৰাৰ বাবে যৌথভাবে পদক্ষেপ গ্ৰহণৰ বিষয়ে বিস্তৃত আলোচনা কৰা হ’ব।
সেইদৰে, অংশগ্ৰহণকাৰীসকলৰ মাজত ‘হেজাৰ্ড ভালনাৰেবিলিটী ৰিস্ক কেপাচিটী এছেছমেণ্ট’(এইচভিআৰচি), বতাহ-ধুমুহা আৰু বজ্ৰপাতৰ আগলিবতৰা, বিপদ স্তিমিত কৰাৰ বাবে প্ৰস্তুতি আৰু প্ৰশমণৰ পদক্ষেপ গ্ৰহণৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা কাৰিকৰী জ্ঞান আহৰণৰ লগতে উপলব্ধ সমলৰে সময় সাপেক্ষ আৰু সকাহ লাভ কৰাৰ ব্যৱস্থাৱলী সন্দৰ্ভত সজাগতা সৃষ্টি কৰাৰ উদ্যোগ গ্ৰহণ কৰা হৈছে।
ভাষণ প্ৰসংগত, কেন্দ্ৰীয় গৃহ পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ে, প্ৰাকৃতিক দুৰ্যোগে সৃষ্টি কৰা বিপদৰ আশংকা প্ৰশমিত কৰাৰ লগতে এনে পৰিস্থিতিৰ প্ৰবন্ধনৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহ পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে গ্ৰহণ কৰি অহা সক্ৰিয় ভূমিকা আৰু আগবঢ়াই অহা সহযোগিতাৰ কথা বিশেষ ভাবে উল্লেখ কৰে।
এদিনীয়া ৱে’বিনাৰখনৰ উদ্বোধনী অনুষ্ঠানত ‘ধৰিত্ৰী বিজ্ঞান মন্ত্ৰালয়’ৰ সচিব ড০ ৰাজীৱনে তেওঁৰ মন্ত্ৰালয়ে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে ব্যাখ্যা দাঙি ধৰে।
****
NW/RK/PK/AD/SS/DD/KB
(रिलीज़ आईडी: 1638611)
आगंतुक पटल : 143