বিত্ত মন্ত্ৰালয়

কেছ উইড্ৰলত টিডিএছ প্ৰযোজ্যতাৰ হাৰ নিৰূপণৰ অৰ্থে সুবিধা আগবঢ়াইছে চিবিডিটিয়ে

Posted On: 12 JUL 2020 8:21PM by PIB Guwahati

বেংক আৰু ডাক ঘৰসমূহৰ অৰ্থে আয় কৰ বিভাগটোৱে এটা নতুন কাৰ্যকাৰিতা সুগম কৰি তুলিছে যাৰ জৰিয়তে ইয়াৰ কৰ্তৃপক্ষই আয়-কৰ ৰিটাৰ্ণৰ নন-ফিলাৰৰ ক্ষেত্ৰত ২০ লাখ টকাৰ অধিক কেছ উইড্ৰলত তথা আয়-কৰ ৰিটাৰ্ণৰ ফিলাৰৰ ক্ষেত্ৰত ১ কোটি টকাৰ অধিক কেছ উইড্ৰলত টিডিএছ প্ৰযোজ্যতাৰ হাৰ নিৰূপণ কৰিব পাৰিব। এতিয়ালৈকে, এই ব্যৱস্থাৰ জৰিয়তে ৫৩,০০০ ৰোধিক ভেৰিফিকেশ্যন ৰিকুৱেষ্ট সফলতাৰে নিষ্পত্তি কৰা হৈছে।

চিবিডিটিয়ে আজি কয় যে ১ জুলাই, ২০২০ ৰপৰা www.incometaxindiaefiling.gov.in ত “Verification of applicability u/s 194N” হিচাপে এই কাৰ্যকাৰিতা উপলব্ধ হৈছে, ৱেব-চাৰ্ভিছৰ জৰিয়তেও বেংকৰ কাৰণে উপলব্ধ এই ব্যৱস্থাৰ সমগ্ৰ প্ৰক্ৰিয়াটো স্বয়ংক্ৰিয় কৰি তুলিব আৰু বেংকৰ অভ্যন্তৰীণ ক’ৰ বেংকিং চলুচনৰ সৈতে ইয়াক সংযোজিত কৰিব পাৰি।

এই সুবিধাৰ সৱিশেষ ব্যাখ্যা কৰি, চিবিডিটিয়ে কয় যে এতিয়াৰেপৰা টিডিএছৰ প্ৰযোজ্য হাৰ নিৰূপণৰ বাবে কেছ উইড্ৰল কৰা লোকৰ পেন কেৱল সংশ্লিষ্ট বেংক/ডাক ঘৰেহে এন্টাৰ কৰিব পাৰিব। পেনটো এন্টাৰ কৰাৰ লগে লগে, বিভাগীয় উপযোগিতাত এটা মেছেজ প্ৰদৰ্শিত হ’বঃ “যদি ১ কোটি টকাতকৈ বেছি কেছ উইড্ৰল কৰে টিডিএছ কৰ্তনযোগ্যতাৰ হাৰ ২%” [যদি সংশ্লিষ্ট লোকজনে উইড্ৰ কৰা কেছ আয়-কৰ ৰিটাৰ্ণৰ ফিলাৰ হয়] আৰু “যদি ২০ লাখ টকাতকৈ বেছি কেছ উইড্ৰল কৰে টিডিএছ কৰ্তনযোগ্যতাৰ হাৰ ২% আৰু যদি ই ১ কোটি টকাতকৈ বেছি হয় তেন্তে এই হাৰ হ’ব ৫%” [যদি সংশ্লিষ্ট লোকজনে উইড্ৰ কৰা কেছ আয়-কৰ ৰিটাৰ্ণৰ নন-ফিলাৰ হয়]।

চিবিডিটিয়ে কয় যে কেছ উইড্ৰলৰ এই তথ্যই ইয়াকে সূচিত কৰে যে আয়-কৰ ৰিটাৰ্ণ কেতিয়াও ফাইল নকৰা লোকেহে অধিক পৰিমাণৰ ধন উইড্ৰল কৰিব পাৰে। এনে লোকসকলৰদ্বাৰা ৰিটাৰ্ণ ফাইল কৰাটো নিশ্চিত আৰু নন-ফিলাৰৰদ্বাৰা কেছ উইড্ৰলৰ অনুসৰণ কৰিবলৈ তথা ক’লা ধন নিৰ্মূলকৰণৰ অৰ্থে, ১ জুলাই, ২০২০ ৰপৰা কাৰ্যকৰী হোৱা বিত্ত আইন, ২০২০ ক পৰৱৰ্তী সময়ত আয়-কৰ আইনলৈ সংশোধিত কৰা যায়। যাৰ জৰিয়তে নন-ফিলাৰৰ কাৰণে এই টিডিএছ প্ৰযোজ্যতাৰ অৰ্থে কেছ উইড্ৰলৰ নিম্ন সীমা (threshold) ২০ লাখ টকা কৰাৰ সমান্তৰালভাৱে নন-ফিলাৰৰ ক্ষেত্ৰত কেছ উইড্ৰলে ১ কোটি টকা অতিক্ৰম কৰা সাপেক্ষে ৫% উচ্চ হাৰত টিডিএছ বাধ্যতামূলক কৰা যায়।

এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে নগদ লেন-দেনক সীমিত কৰি নগদবিহীন লেন–দেনক প্ৰোৎসাহিত কৰিবলৈ, ১ ছেপ্টেম্বৰ, ২০১৯ ৰপৰা কাৰ্যকৰী হোৱাকৈ বিত্ত (নং:২) আইন, ২০১৯ ১৯৪এন নং দফাক আই কৰ আইনত প্ৰবিষ্ট কৰিছে। যাৰ জৰিয়তে কিছু ব্যতিক্ৰম সাপেক্ষে ১ কোটি টকাৰ অধিক কেছ উইড্ৰলত বেংক/ডাক ঘৰ একাউন্টৰপৰা টিডিএছ@২% ৰ লেভী প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

****

RM/KMN/SB



(Release ID: 1638364) Visitor Counter : 160