উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়

ক’ভিড-উত্তৰ ভাৰতৰ অৰ্থনৈতিক উত্তৰণৰ বাবে অন্যতম গুৰুত্বপূৰ্ণ খণ্ড হিচাপে পৰিগণিত হ’ব বাঁহ উদ্যোগ : ড০ জিতেন্দ্ৰ সিং.

‘ভোকেল ফৰ লোকেল’-ৰ মন্ত্ৰ আওঁৰাই উত্তৰ-পূৰ্বাঞ্চলত বাঁহে ‘আত্মনিৰ্ভৰ ভাৰত অভিযান’ক বিশেষ গতি প্ৰদান কৰিব

प्रविष्टि तिथि: 10 JUL 2020 5:36PM by PIB Guwahati

’ভিড-উত্তৰ ভাৰতৰ অৰ্থনৈতিক উত্তৰণৰ বাবে অন্যতম গুৰুত্বপূৰ্ণ খণ্ড হিচাপে পৰিগণিত হ’ব বাঁহ উদ্যোগ। আজি এই মন্তব্য কৰে ‘উত্তৰ-পূৰ্বাঞ্চল উন্নয়ণ বিভাগ’-‘ড’নাৰ’ৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে। প্ৰধানমন্ত্ৰী কাৰ্যালয়, কৰ্মচাৰী, ৰাজহুৱা অভিযোগ, পেঞ্চন, আণবিক শক্তি আৰু মহাকাশ দপ্তৰৰো ৰাজ্যিক মন্ত্ৰিত্বৰ দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে আজি দেশৰ বিভিন্ন প্ৰান্তত থকা ‘বেত আৰু বাঁহ প্ৰযুক্তি কেন্দ্ৰ’(চিবিটিচি)ৰ বিষয়-ববীয়া আৰু বাঁহ উদ্যোগজাত সামগ্ৰীসমূহৰ বাণিজ্যৰে জড়িত ব্যক্তিসকলৰ সৈতে হোৱা এক ৱে’বিনাৰত এই অভিমত ব্যক্ত কৰে। এই প্ৰসংগত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চলত বাঁহ উদ্যোগে আত্মনিৰ্ভৰ ভাৰত অভিযানক গতি প্ৰদান কৰাৰ লগতে ভাৰত আৰু ভাৰতীয় উপমহাদেশৰ বাণিজ্যিক ক্ষেত্ৰখনৰ সামগ্ৰিক উত্তৰণৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ বাহক হিচাপে ভূমিকা পালন কৰিব। বাঁহ-উদ্যোগ কেৱল উত্তৰ-পূৰ্বাঞ্চলৰ বাবেই কেৱল গুৰুত্বপূৰ্ণ নহয়, বৰং সামগ্ৰিক ভাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে জনোৱা ‘ভোকেল ফৰ লোকেল’-ৰ আহ্বানকো নতুন গতি প্ৰদান কৰিব।

https://static.pib.gov.in/WriteReadData/userfiles/image/image001XGUD.jpg

বাঁহ-উদ্যোগখণ্ডৰ সম্ভাৱনীয়তাসমূহৰ পূৰ্ণ সদ্ব্যৱহাৰ, ব্ৰেণ্ডিং, পেকেজিং আৰু ভাৰতৰ লগতে বিদেশতো বিপণন সম্প্ৰসাৰিত কৰিব পৰাকৈ কাৰ্যপন্থ গ্ৰহণ কৰাৰ বাবে সংশ্লিষ্ট সকলোকে উদ্বুদ্ধ কৰাৰ বাবে ড০ সিঙে ক্ৰীয়েট, কিউৰেট আৰু কো-অৰডিনেট-ৰ মন্ত্ৰ প্ৰদান কৰে।

বিগত ৭০টা বছৰত বাঁহ-উদ্যোগৰ সম্ভাৱনীয়তাসমূহৰ অন্বেষণতো দূৰৰে কথা সম্পূৰ্ণ উদ্যোগটোকে অৱহেলা কৰি অহা কথাটো নিতান্তই দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰা মন্ত্ৰীগৰাকীয়ে বৰ্তমানৰ চৰকাৰে দেশৰ ৪০শতাংশ বাঁহ উত্পাদনকাৰী উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱনাপূৰ্ণ উদ্যোগটোৰ উত্তৰণৰ বাবে সকলো প্ৰকাৰৰ কাৰ্যপন্থা গ্ৰহণ কৰাৰ সামৰ্থ্য আৰু ইচ্ছা প্ৰকট কৰিছে বুলি উল্লেখ কৰে। তেওঁ আক্ষেপ প্ৰকাশ কৰি কয় যে বাঁহ উত্পাদনৰ ক্ষেত্ৰত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰতে দ্বিতীয় যদিও গোলকীয় বাণিজ্যৰ ক্ষেত্ৰত ভাৰতে কেৱল ৫শতাংশৰহে অৰিহণা আগবঢ়াই আহিছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image0029D6F.jpg

ৱেবিনাৰত যুৱ পৰিক্ৰমা, ক্ৰীড়া আৰু সংখ্যালঘূ পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী কিৰেণ ৰিজেজু, খাদ্য সংসাধন উদ্যোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়েও বক্তব্য প্ৰদান কৰে।

 

<><><><><>

SNC/SS/KB


(रिलीज़ आईडी: 1638057) आगंतुक पटल : 215
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Manipuri , Punjabi , Tamil , Telugu