কেবিনেট

প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ যোজনা/আত্মনিৰ্ভৰ ভাৰত কৰ্মসূচীৰ অধীনত জুনৰ পৰা আগষ্ট ২০২০লৈকে আৰু তিনি মাহৰ বাবে ইপিএফ বৰঙণি ২৪ শতাংশ(১২ শতাংশ কৰ্মচাৰীৰ অংশ আৰু ১২ শতাংশ নিয়োগকৰ্তাৰ অংশ) আগবঢ়োৱাৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন

Posted On: 08 JUL 2020 4:29PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত বহা কেন্দ্ৰীয় কেবিনেটে আজি কভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত ঘোষণা কৰা প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ যোজনা/আত্মনিৰ্ভৰ ভাৰত কৰ্মসূচী পেকেজৰ অংশস্বৰূপে জুনৰ পৰা আগষ্ট ২০২০লৈকে কৰ্মচাৰীৰ ভৱিষ্য নিধিৰ অধীনত আৰু তিনি মাহৰ বাবে ১২ শতাংশ কৰ্মচাৰীৰ অংশ আৰু ১২ শতাংশ নিয়োগকৰ্তাৰ অংশ মুঠ ২৪ শতাংশ বৰঙণি আগবঢ়োৱাৰ প্ৰস্তাৱত অনুমোদন জনাইছে।

 

এই অনুমোদন ১৫এপ্ৰিল,২০২০ত অনুমোদিত মাৰ্চৰ পৰা মে,২০২০লৈকে বেতন মাহৰ বৰ্তমানৰ আঁচনিৰ অতিৰিক্ত। ইয়াৰ বাবে মুঠ আনুমানিক ব্যয় হব ৪,৮৬০কোটি টকা। ৩.৬৭ লাখ প্ৰতিষ্ঠানৰ ৭৭২ লাখতকৈ অধিক কৰ্মচাৰী ইয়াৰ পৰা উপকৃত হব।

 

মুখ্য বিশেষত্বঃ

 

প্ৰস্তাৱৰ মুখ্য বিশেষত্ব তলত দিয়া ধৰণৰঃ

১)জুন, জুলাই আৰু আগষ্ট,২০২০ৰ বেতন মাহৰ বাবে এই আঁচনিয়ে ১০০জন কৰ্মচাৰী থকা সকলো প্ৰতিষ্ঠান তথা মাহে ১৫হেজাৰতকৈ কম দৰমহা লাভ কৰা এনে সকলো কৰ্মচাৰীৰ ৯০শতাংশলৈকে সামৰি লব।

 

২)৩.৬৭ লাখ প্ৰতিষ্ঠানত কাম কৰা প্ৰায় ৭২.২২ লাখ কৰ্মচাৰী লাভৱান হব আৰু সম্ভৱতঃ বাধাৰ পাছতো তেওঁলোকৰ বেতন নিধি অটুত থাকিব।

 

৩)চৰকাৰে ইয়াৰ প্ৰয়োজনৰ বাবে ২০২০-২১বৰ্ষত ৪,৮০০ কোটি টকাৰ বাজেটীয় সহায় কৰিব।

 

৪)প্ৰধানমন্ত্ৰী ৰোজগাৰ প্ৰোত্সাহন যোজনা(পিএমআৰপিৱাই)ৰ অধীনত জুনৰ পৰা আগষ্ট,২০২০ লৈকে ১২ শতাংশ নিয়োগকৰ্তা বৰঙণিৰ অধিকাৰী হিতাধিকাৰীসকলক অভাৰলেপিং নহবলৈ ইয়াৰ পৰা আঁতৰাই ৰখা হব।

 

৫)লকডাউনৰ দীৰ্ঘ সময়ৰ বাবে অনুভৱ কৰা হৈছে যে কৰ্মলৈ ওভতি গৈ ব্যৱসায়ীসকলে বিত্তীয় সংকটৰ মুখামুখি হবলগীয়া হৈছে। সেইবাবে মানীয় বিত্তমন্ত্ৰীয়ে আত্মনিৰ্ভৰ ভাৰতৰ অংশ হিচাপে ১৩মে,২০২০ত ঘোষণা কৰে যে ব্যৱসায়ী আৰু কৰ্মচাৰীৰ বাবে ইপিএফ সহায় আৰু তিনি মাহ ক্ৰমে জুন, জুলাই আৰু আগষ্ট,২০২০লৈ বৃদ্ধি কৰা হব।

 

কম মজুৰি লাভ কৰা শ্ৰমিকসকলৰ সন্মুখত থিয় দিয়া প্ৰত্যাহ্বান কম কৰিবলৈ চৰকাৰৰ দ্বাৰা সময়ে সময়ে গ্ৰহণ কৰা পদক্ষেপসমূহ হিতাধিকাৰীসকলৰ দ্বাৰা ভালভাৱে গ্ৰহণ কৰা হয়।

 

 ***************************************************************

VRRK/SH/KG



(Release ID: 1637499) Visitor Counter : 187