উপ-ৰাষ্ট্ৰপতি সচিবালয়

‘আত্মনিৰ্ভৰ ভাৰত অভিযান’ৰ জৰিয়তে ‘লোকেল’ ভাৰতক ‘গ্লোকেল’ ভাৰতলৈ ৰূপান্তৰিত কৰাৰ ব্ৰতত ব্ৰতী হ’বলৈ প্ৰতিগৰাকী নাগৰিকলৈ আহ্বান উপ ৰাষ্ট্ৰপতিৰ

দেশত উদ্ভাৱন আৰু উদ্যম সৃষ্টিকাৰী এক আৱহাৱা সৃষ্টিৰ গোঁহাৰি

‘আত্মনিৰ্ভৰ ভাৰত অভিযান’ৰ আহ্বান সংৰক্ষণবাদী অথবা একান্তবাদী নহয় : উপ ৰাষ্ট্ৰপতি

প্ৰধানমন্ত্ৰীয়ে ‘আত্মনিৰ্ভৰ ভাৰত ইন’ভেশ্যন এপ্ চেলেঞ্জ’ মুকলি কৰা কাৰ্যৰ শলাগ ল’লে উপ ৰাষ্ট্ৰপতিয়ে

‘নতুন ভাৰত’ক অনুসন্ধান আৰু অন্বেষণৰ বাবে সাজু থকা যুৱ-চিন্তাবিদৰ প্ৰয়োজন : উপ ৰাষ্ট্ৰপতি

সকলো ক্ষেত্ৰৰ বাবেই ‘মে’ক ইন ইণ্ডিয়া’ এক দিকদৰ্শী শক্তি : উপ ৰাষ্ট্ৰপতি


গুৰু পূৰ্ণিমা উপলক্ষে ‘এলিমেণ্টছ’ শীৰ্ষক থলুৱা মোবাইল এপ্ মুকলি

পোষ্ট কৰা হৈছে: 05 JUL 2020 1:41PM by PIB Guwahati

দেশত ‘উদ্ভাৱন’ আৰু ‘উদ্যম’ সৃষ্টিকাৰী এক অৱহাৱা সৃষ্টিৰ লগতে ‘আত্মনিৰ্ভৰ ভাৰত অভিযান’ৰ জৰিয়তে ‘লোকেল’ ভাৰতক ‘গ্লোকেল’ ভাৰতলৈ ৰূপান্তৰিত কৰাৰ ব্ৰতত ব্ৰতী হ’বলৈ প্ৰতিগৰাকী নাগৰিকলৈ আহ্বান জনাইছে উপ ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকায়া নাইডুৱে।

উপ ৰাষ্ট্ৰপতি নিৱাসত আয়োজিত এক অনুষ্ঠানত ‘এলিমেণ্টছ’ শীৰ্ষক এটা থলুৱা মোবাইল এপ্-ৰ ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে শুভাৰম্ভ ঘোষণা কৰি দিয়া ভাষণত শ্ৰী নাইডুৱে কয় যে ‘আত্মনিৰ্ভৰ ভাৰত অভিযান’ৰ জৰিয়তে দেশৰ অৰ্থনৈতিক সম্ভাৱনীয়তাসমূহক উজ্জীৱিত কৰি প্ৰগতিৰ গতি অধিক হাৰত ত্বৰান্বিত কৰিবলৈ প্ৰয়োজনীয় আন্তঃগাঁথনি অধিক শক্তিশালী কৰি গঢ়ি তোলা, আধুনিক প্ৰযুক্তিৰ সদ্ব্যৱহাৰ কৰা, মানৱ সম্পদৰ উত্কৰ্ষ সাধন কৰা আৰু বিশাল পৰিসৰত যোগান-শৃংখল গঢ়ি তোলাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে।

‘আত্মনিৰ্ভৰ ভাৰত অভিযান’ক দেশত অব্যাহত থকা অৰ্থনৈতিক বিকাশৰ ধাৰাসমূহক একত্ৰিত কৰিব পৰা শক্তি ৰূপে অভিহিত কৰি তেওঁ এই অভিযানক উদ্যোগী সকলক উদ্বুদ্ধ কৰিব পৰা, উদ্ভাৱনক প্ৰতিপালন কৰা আৰু গাঁও আৰু চহৰাঞ্চলৰ সম-বিকাশৰ ধাৰা ত্বৰান্বিত কৰাৰ বাবে আৰম্ভণী মঞ্চ বুলি উল্লেখ কৰে।

প্ৰসংগক্ৰমে তেওঁ ‘আত্মনিৰ্ভৰ ভাৰত অভিযান’ৰ আহ্বান ‘সংৰক্ষণবাদী’ অথবা ‘একান্তবাদী’ নহয় বুলিও মন্তব্য কৰে। ইফালে, প্ৰধানমন্ত্ৰীয়ে কালি ‘আত্মনিৰ্ভৰ ভাৰত ইন’ভেশ্যন এপ্ চেলেঞ্জ’ মুকলি কৰা কাৰ্যৰো শলাগ লয় উপ ৰাষ্ট্ৰপতিয়ে।

‘নতুন ভাৰত’ক ‘অনুসন্ধান’ আৰু ‘অন্বেষণ’ৰ বাবে সাজু থকা যুৱ-চিন্তাবিদৰ প্ৰয়োজন বুলি অভিমত ব্যক্ত কৰা উপ ৰাষ্ট্ৰপতিয়ে সকলো ক্ষেত্ৰৰ বাবেই ‘মে’ক ইন ইণ্ডিয়া’ক এক দিকদৰ্শী শক্তি বুলি অভিহিত কৰে।

**********

VRRK/MS/MSY/DP/KB


(ৰিলিজ আই ডি : 1636791) অতিথি কক্ষ : 276