বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

বক্ষ, হাওঁফাওঁ আৰু লিভাৰৰ কৰ্কট কোষ বিনষ্ট কৰিবপৰা অজৈৱ-জৈৱিক সংকৰ যৌগ সংশ্লেষণ INST ৰ

কৰ্কটক প্ৰতিৰোধৰ অৰ্থে ভৱিষ্যতৰ আশাপ্ৰদ মেটেল’ড্ৰাগ হিচাপে বিবৰ্তিত হৈছে পলিঅক্স’মেটেলেটছ (POM)
ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ স্বতন্ত্ৰ সংস্থা নেন’ বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান (INST), ম’হালিৰ বিজ্ঞানীসকলে বক্ষ, হাওঁফাওঁ আৰু লিভাৰৰ কৰ্কট কোষ বিনষ্টসাধন কৰিবপৰা এটা অভিনৱ অজৈৱ-জৈৱিক সংকৰ যৌগ (inorganic-organic hybrid compound) সংশ্লেষণ কৰি উলিয়াইছে, যিয়ে মেটেল’ড্ৰাগৰ কাৰণে সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে।
পলিঅক্স’মেটেলেটছ (POM) বৰ্গৰ অন্তৰ্গত ফছফ’ম’লিবডিক এচিডৰ এটা অজৈৱ অম্ল ফছফ’ম’লিবডেটৰ থূপভিত্তিক এই ঘন যৌগটোত পূৰ্বেই এন্টিটিউমাৰ সম্ভাৱনীয়তা চিনাক্ত কৰা হৈছিল। ডঃ মণিকা সিং আৰু ডঃ দীপিকা শৰ্মা নেতৃত্বাধীন বিজ্ঞানীৰ দলটোৱে এই যৌগটোৰদ্বাৰা কৰ্কট কোষ বিনষ্ট কৰি দেখুৱাই সমগ্ৰ ব্যৱস্থাটোকে নতুন ৰূপ প্ৰদান কৰে। ডেল্টন ট্ৰেনজেকশ্যন পত্ৰিকাত এই গৱেষণাটো ইতিমধ্যে প্ৰকাশ পাইছে।
POM হৈছে অজৈৱিক ধাতু অক্সাইডসমূহৰ এটা বিকশিত শ্ৰেণী, যিয়ে যোৱা দশকটোত সিহঁতৰ বিশেষ বৈচিত্ৰসম্পন্ন গঠন আৰু ধৰ্মৰ গুণৰে আশাপ্ৰদ জৈৱিক ক্ৰিয়া-কলাপৰ ভেটি স্থাপন কৰিছিল।
এই যৌগটোৱে কেনেকৈ কৰ্কট কোষসমূহ আক্ৰমণ কৰে

Posted On: 29 JUN 2020 12:52PM by PIB Guwahati

ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ স্বতন্ত্ৰ সংস্থা নেন বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান (INST), মহালিৰ বিজ্ঞানীসকলে বক্ষ, হাওঁফাওঁ আৰু লিভাৰৰ কৰ্কট কোষ বিনষ্টসাধন কৰিবপৰা এটা অভিনৱ অজৈৱ-জৈৱিক সংকৰ যৌগ (inorganic-organic hybrid compound) সংশ্লেষণ কৰি উলিয়াইছে, যিয়ে মেটেলড্ৰাগৰ কাৰণে সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে।

পলিঅক্সমেটেলেটছ (POM) বৰ্গৰ অন্তৰ্গত ফছফলিবডিক এচিডৰ এটা অজৈৱ অম্ল ফছফলিবডেটৰ থূপভিত্তিক এই ঘন যৌগটোত পূৰ্বেই এন্টিটিউমাৰ সম্ভাৱনীয়তা চিনাক্ত কৰা হৈছিল। ডঃ মণিকা সিং আৰু ডঃ দীপিকা শৰ্মা নেতৃত্বাধীন বিজ্ঞানীৰ দলটোৱে এই যৌগটোৰদ্বাৰা কৰ্কট কোষ বিনষ্ট কৰি দেখুৱাই সমগ্ৰ ব্যৱস্থাটোকে নতুন ৰূপ প্ৰদান কৰে। ডেল্টন ট্ৰেনজেকশ্যন পত্ৰিকাত এই গৱেষণাটো ইতিমধ্যে প্ৰকাশ পাইছে।

POM হৈছে অজৈৱিক ধাতু অক্সাইডসমূহৰ এটা বিকশিত শ্ৰেণী, যিয়ে যোৱা দশকটোত সিহঁতৰ বিশেষ বৈচিত্ৰসম্পন্ন গঠন আৰু ধৰ্মৰ গুণৰে আশাপ্ৰদ জৈৱিক ক্ৰিয়া-কলাপৰ ভেটি স্থাপন কৰিছিল।

এই যৌগটোৱে কেনেকৈ কৰ্কট কোষসমূহ আক্ৰমণ কৰে সেই প্ৰক্ৰিয়াটো প্ৰমাণিত কৰিবৰ কাৰণে, দলটোৱে হাইড্ৰথাৰ্মেল পদ্ধতিৰদ্বাৰা ইয়াক সংশ্লেষণ কৰে। ছডিয়াম লিবডেট, ফছফৰাছ এচিডৰ জুলীয়া মিশ্ৰণটো আৰু বাইফিৰিডাইনক ৭২ ঘন্টাৰ কাৰণে ১৬০ ডিগ্ৰী ছেলছিয়াছত এটা pH 4 ৰ এচিটেট বাফাৰ চলিউশ্যনত গৰম কৰা যায়। গতানুগতিক MTT পৰীক্ষা (কোষ বিপাক ক্ৰিয়াকলাপ মূল্যায়নৰ কাৰণে ব্যৱহৃত)ৰ দ্বাৰা বক্ষৰ কৰ্কট (MCF-7), হাওঁফাওঁৰ কৰ্কট (A549) আৰু লিভাৰৰ কৰ্কট (HepG2) কোষসমূহত যৌগটোৰ ইন ভিট্ৰ চাইটটক্সিচিটী নিৰ্ণয় হৈছিল। MTT পৰীক্ষাটোৰদ্বাৰাই বিভিন্ন কৰ্কট কোষৰ সীমাত যৌগটোৰ বাবে নিৰীক্ষণ কৰা চাইটটক্সিক প্ৰভাৱক পৰৱৰ্তী সময়ত ৰুটিনমাফিক হিচাপে ব্যৱহাৰ কৰা কেমথেৰাপেটিক এজেন্ট মেথট্ৰেক্সেট (MTX)ৰ সৈতে তুলনা কৰি চোৱা হয়।

বক্ষৰ কৰ্কট (MCF-7), হাওঁফাওঁৰ কৰ্কট (A549) আৰু লিভাৰৰ কৰ্কট (HepG2) কোষসমূহত সংঘটিত কোষ ধ্বংসৰ প্ৰক্ৰিয়াটো এটা এলেক্সা ফ্লাউৰ ৪৮৮ এন্নেক্সিন ভি/ডেড চেল এপপটচিছ কিট (ইনভিট্ৰজেন) ব্যৱহাৰ কৰি মূল্যায়ন কৰা হৈছিল। কোষ মণ্ডলত এই সংশ্লেষিত উপাদানৰ প্ৰভাৱ নিৰ্ণয় কৰিবলৈ, চিটমেট্ৰি প্ৰবাহ ব্যৱহাৰৰ জৰিয়তে MCF-7, A549 আৰু HepG2 কোষৰ সীমাৰ কাৰণে কোষ চক্ৰৰ বিশ্লেষণ কৰা হয়। এই ইন ভিট্ৰ ফলাফলে দেখুৱাই যে হাইব্ৰিড চলিডসমূহ সাধাৰণ কোষৰ প্ৰতি কম বিষাক্ত আৰু ৰুটিনমাফিক হিচাপে ব্যৱহাৰ কৰা কেমথেৰাপেটিক এজেন্ট মেথট্ৰেক্সেট (MTX)ৰ সৈতেও তুলনামূলকভাৱে ইয়াৰ এন্টিটিউমাৰ ক্ৰিয়াকলাপ প্ৰত্যক্ষ কৰা যায়।

যোৱা কেইটামান দশকত, কৰ্কটক প্ৰতিৰোধৰ অৰ্থে ভৱিষ্যতৰ আশাপ্ৰদ মেটেলড্ৰাগ হিচাপে POM বিবৰ্তিত হৈছে। INST ৰ দলৰদ্বাৰা সংশ্লেষিত এই যৌগটোৱে এন্টিটিউমাৰ এপ্লিকেশ্যনৰ কাৰণে নতুন বাট মুকলি কৰাৰ সম্ভাৱনা প্ৰকাশ পাইছে।

DST success story_Monika 2

[Publication: Joshi, A.; Gupta, R.; Singh, B.; Sharma, D.; & Singh, M., Effective inhibitory activity against MCF-7, A549 and HepG2 cancer cells by phosphomolybdate based hybrid solid. Dalton Trans., 2020 DOI: 10.1039/D0DT01042A.

 

For more details, Dr. Monika Singh (monika@inst.ac.in,0172-2210075 (ext. 322)) can be contacted.]

*****

NB/KGS/(DST)/SB



(Release ID: 1635255) Visitor Counter : 155