জল শক্তি মন্ত্ৰালয়

জল জীৱন মিছনৰ দ্ৰুত কাৰ্যকৰী কৰণৰ বাবে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীলৈ কেন্দ্ৰীয় জল শক্তি মন্ত্ৰীৰ পত্ৰ

২০২৩ৰ মাৰ্চৰ ভিতৰত সকলো গ্ৰামীণ গৃহস্থীক নলীৰ সংযোগ দিবলৈ ৰাজ্যখনৰ পৰিকল্পনা

Posted On: 28 JUN 2020 1:20PM by PIB Guwahati

কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শেখাৱতে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীলৈ ৰাজ্যখনত জল জীৱন মিছনৰ দ্ৰুত কাৰ্যকৰী কৰণৰ বাবে পত্ৰ লিখিছে। এই মিছন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ এটা প্ৰধান কাৰ্যক্ৰম, যাৰ উদ্দেশ্য হৈছে ২০২৪ পৰ্যন্ত ঘৰুৱা নলীৰ সংযোগ (এফ এইচ টি চি)ৰ মাধ্যমেৰে গাঁৱৰ প্ৰতিটো পৰিয়ালক সুৰক্ষিত খোৱা পানীৰ যোগান ধৰি গাঁৱৰ বাসিন্দাসকলৰ জীৱন উন্নত কৰা। এই কাৰ্যক্ৰম গাঁও/বস্তি স্তৰত সামূহিক-পৰিকল্পিত জল যোগান আঁচনি ভাৰতত খোৱা পানীৰ ক্ষেত্ৰত এটা বৃহৎ সংস্কাৰৰ ৰূপত প্ৰতিপন্ন হৈছে। ৰাজ্যসমূহৰ অংশগ্ৰহণেৰে কাৰ্যকৰী কৰা এই মিছনৰ লক্ষ্য হৈছে গাঁৱৰ লোকসকলৰ জীৱনলৈ উন্নয়ন আনিবৰ বাবে নিয়মীয়া আৰু দীৰ্ঘকালীনভাৱে প্ৰতিটো গ্ৰামীণ পৰিয়ালত প্ৰতিজন লোকক ৫৫ লিটাৰ খোৱা পানী দৈনিক (এল পি চি ডি) পৰ্যাপ্ত কৰোৱা।

 

অৰুণাচল প্ৰদেশে ২০২৩ৰ মাৰ্চ পৰ্যন্ত ৰাজ্যখনৰ সকলো ঘৰতে ১০০% নলীৰ সংযোগ দিবৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰিছে। ভাৰত চৰকাৰে ২০২০-২১ৰ বাবে জে জে এমৰ জৰিয়তে ৰাজ্যখনক ২৫৫ কোটি টকা আৱণ্টিত কৰিছে। ৰাজ্যখনৰ প্ৰদৰ্শন আধাৰিত অনুদান-ঘৰুৱা নলী সংযোগ আৰু সমানুপাতিক বিত্তীয় প্ৰগতিৰ সন্দৰ্ভত উপলব্ধিৰ আধাৰত অতিৰিক্ত ধনৰাশি দিয়া হ'ব। মুঠ ২.১৮ লাখ গ্ৰামীণ পৰিয়ালৰ মাজৰ পৰা ৩৭,০০০টা ঘৰত প্ৰথমেই নলীৰ সংযোগ দিয়া হৈছে। ৰাজ্যখনে ২০২০-২১ত ৭৭,০০০টা নলীৰ সংযোগ দিয়াৰ পৰিকল্পনা প্ৰস্তুত কৰিছে। পৰিকল্পনা প্ৰস্তুত কৰাৰ সময়ত, ইচ্ছুক জিলা, মানদণ্ড-প্ৰভাৱিত বস্তি, সাংসদ আদৰ্শ গ্ৰামীণ যোজনা আদিৰ গৃহসমূহক অগ্ৰাধিকাৰ দিয়া হৈছে আৰু তালিকাত ৰখা হৈছে।

 

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীজনক গাঁও/বস্তিসমূহত আগৰে পৰা থকা পাইপ জল যোগান পৰিকল্পনাসমূহৰ পুনৰ নিৰ্ধাৰণ আৰু সংবৰ্ধনৰ ওপৰত মনোনিৱেশ কৰিবলৈ আহ্বান জনাইছে, যাতে অৱশিষ্ট পৰিয়ালসমূহক কম সময়ত সহজেই নলীৰ সংযোগ দিব পৰা যায়। এইবাবে এই কথাৰ ওপৰত জোৰ দিয়া হৈছে যে এই কাম 'অভিযান'ৰ ৰূপত কৰা উচিত। কোভিড-১৯ মহামাৰীৰ সময়ত, চৰকাৰৰ প্ৰয়াস এইটোৱেই যে মানুহে সাৰ্বজনিক ষ্টেণ্ড পোষ্ট/খোৱা পানীৰ সোঁতত ভিৰ কৰি জমা নহয়। শ্ৰী শেখাৱতে ঘৰুৱা নলীৰ সংযোগ দিবৰ বাবে তাৎক্ষণিকভাৱে গাঁওসমূহত জল-যোগানৰ কাম সম্পূৰ্ণ কৰিবলৈ অনুৰোধ কৰে, যাৰ জৰিয়তে মানুহে পৰস্পৰে পৰস্পৰৰ পৰা দূৰত্ব অব্যাহত ৰখাত সহায়ক হ'ব, স্থানীয় মানুহে কৰ্মসংস্থাপন লাভ কৰাৰ অতিৰিক্ত সুযোগ পাব আৰু গ্ৰামীণ অৰ্থ ব্যৱস্থাই অগ্ৰগতি লাভ কৰিব।

 

বিকেন্দ্ৰীকৃত কাৰ্যক্ৰম হোৱা বাবে, স্থানীয় জনসাধাৰণে দীৰ্ঘ সময় ধৰি উপযোগিতা সুনিশ্চিত কৰিবৰ বাবে গাঁওসমূহত জল-যোগান প্ৰণালীৰ পৰিকল্পনা প্ৰস্তুত কৰা, পৰিচালনা, কাৰ্যকৰী কৰা, সঞ্চালন আৰু ব্যৱস্থাপনাৰ ক্ষেত্ৰত মহত্বপূৰ্ণ ভূমিকা পালন কৰিব। স্থানীয় জনসাধাৰণক গাঁৱত জল-যোগান প্ৰণালীৰ নিয়মীয়া চোৱাচিতা, সঞ্চালন আৰু ব্যৱস্থাপনাৰ বাবে দায়িত্ব ল'বলৈ অনুপ্ৰাণিত কৰা হয়। সকলো গাঁৱতে জল জীৱন মিছনক সঠিক স্তৰত জন আন্দোলনত পৰিণত কৰিবৰ বাবে সমূহীয়া সহযোগিতাৰ লগতে আই ই চি অভিযানৰ আৱশ্যকতা আছে।

 

নিবনুৱা যুৱক-যুৱতীসকলক প্লাম্বিং, ৰাজমিস্ত্ৰী, মিটিং, পাম্প সঞ্চালন আদিত প্ৰশিক্ষিত কৰিবৰ বাবে কৌশল প্ৰশিক্ষণ প্ৰদান কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰা হৈছে যাতে প্ৰশিক্ষিত মানৱ সম্পদ গ্ৰামীণ স্তৰত উপলব্ধ হয় আৰু তেওঁলোকক স্থানীয় স্তৰত কামৰ দায়িত্ব দিব পৰা যায়। ইয়াৰ জৰিয়তে বাহিৰা সংস্থাসমূহৰ সহযোগিতা নোহোৱাকৈয়ে পৰিকল্পনাসমূহৰ ব্যৱস্থাপনা বা দীৰ্ঘকালীন সঞ্চালনত সহায় হ'ব। খোৱা পানী যোগান প্ৰণালীসমূহৰ দীৰ্ঘকালীন ব্যৱহাৰৰ বাবে বৰ্তমান উপলব্ধ খোৱা পানীৰ উৎসসমূহ শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দি, কেন্দ্ৰীয় মন্ত্ৰীজনে কয় যে উপলব্ধ ধনৰাশিৰ যথোচিত ব্যৱহাৰৰ বাবে ৰাজ্যসমূহে বিভিন্ন কাৰ্যক্ৰম যেনে মনৰেগা, এছ বি এম (জি), পি আৰ আইয়ে পাবলগীয়া ১৫তম বিত্ত আয়োগৰ নিধি, জিলা খনিজ বিকাশ কোষ, চি এ এম পি এ, গাঁও স্তৰত স্থানীয় ক্ষেত্ৰ বিকাশ ফাণ্ড আদিত সমিলমিলৰ জৰিয়তে পৰিকল্পনা প্ৰস্তুত কৰাৰ প্ৰয়োজনীয়তা আছে। ৰাজ্যৰ পি আৰ আইয়ে ২০২০-২১ৰ সময়ছোৱাত ১৫তম বিত্ত আয়োগৰ অনুদানৰ ৰূপত ২৩১ কোটি টকা লাভ কৰিব। এই ধনৰাশিৰ ৫০% পানী আৰু স্বচ্ছতাৰ ওপৰত খৰচ কৰাটো অনিবাৰ্য।

 

জল জীৱন মিছনৰ জৰিয়তে, জিলা আৰু ৰাজ্য স্তৰত পানীৰ মানদণ্ড পৰীক্ষা প্ৰয়োগশালাক অগ্ৰাধিকাৰ দিয়া হৈছে। পানীৰ মানদণ্ডৰ ওপৰত দৃষ্টি ৰাখিবৰ বাবে জনসাধাৰণক অন্তৰ্ভুক্ত কৰা হৈছে। জনসাধাৰণক শক্তিশালী কৰি তোলা আৰু তেওঁলোকৰ অংশগ্ৰহণ সুনিশ্চিত কৰাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ বাবে বিভিন্ন কামৰ পৰিকল্পনা প্ৰস্তুত কৰা হৈছে যেনে কিটৰ সময়মতে ক্ৰয়, জনসাধাৰণক কিটৰ যোগান ধৰা, প্ৰতিখন গাঁৱত কমেও পাঁচগৰাকী মহিলা চিনাক্ত কৰা, পাঁচজন পুৰুষ, বিশেষকৈ মহিলাসকলক ফিল্ড টেষ্ট কিটৰ ব্যৱহাৰ সম্পৰ্কে প্ৰশিক্ষিত কৰা আদি--যাতে পানীৰ স্থানীয় স্তৰত পৰীক্ষা কৰিব পৰা যায়।

 

জল শক্তি মন্ত্ৰীজনে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীলৈ ৰাজ্যখনক '১০০% এফ এইচ টি চি' অৰ্থাৎ 'হৰ ঘৰ জল'ৰ ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ সম্পূৰ্ণ সমৰ্থন দিয়াৰ আশ্বাস দিয়ে আৰু শীঘ্ৰে ভিডিঅ' কনফাৰেঞ্চিঙৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ সৈতে জে জে এমৰ পৰিকল্পনা আৰু কাৰ্যকৰী কৰণৰ ওপৰত আলোচনা কৰাৰ ইচ্ছা প্ৰকাশ কৰে।

 

******

 

APS/PK



(Release ID: 1635043) Visitor Counter : 252