গৃহ মন্ত্ৰালয়

দিল্লীত কালি ১০,০০০খন বিছনাযুক্ত ‘চৰ্দাৰ পেটেল ক’ভিড-কেয়াৰ চেণ্টাৰ’ৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে

শ্ৰী অমিত শ্বাহে কয় যে ১০,০০০থন বিছনাযুক্ত চৰ্দাৰ পেটেল ক’ভিড-কেয়াৰ চেণ্টাৰে দিল্লীবাসীক বৃহৎ সকাহ দিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ কেন্দ্ৰীয় চৰকাৰে ইয়াৰ নাগৰিকসকলক সম্ভাব্য সকলো সহায়ৰ প্ৰতিশ্ৰুতি দিছে

এই জটিল ক্ষণত ইণ্ডো-তীব্বতীয়ান সীমান্ত আৰক্ষী(আইটিবিপি)ৰ জোৱানে ক’ভিড কেয়াৰ ব্যৱস্থাৰ কাম-কাজ সম্পাদন কৰাৰ সন্দৰ্ভত প্ৰশংসা কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয়, “দেশ আৰু দিল্লীৰ প্ৰতি তেওঁলোকে আগবঢ়োৱা সেৱা অতুলনীয়”

Posted On: 28 JUN 2020 11:55AM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কালি দিল্লীৰ ৰাধা স্বামী সসংগ ব্যাছত ১০,০০০খন বিছনাযুক্ত ‘চৰ্দাৰ পেটেল ক’ভিড-কেয়াৰ চেণ্টাৰ’ৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে৷ শ্ৰী অমিত শ্বাহে কয়, “১০,০০০থন বিছনাযুক্ত চৰ্দাৰ পেটেল ক’ভিড-কেয়াৰ চেণ্টাৰে দিল্লীবাসীক বৃহ সকাহ দিব

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয়, এই জটিল ক্ষণত ইণ্ডো-তীব্বতীয়ান সীমান্ত আৰক্ষী(আইটিবিপি)ৰ জোৱানে ক’ভিড কেয়াৰ ব্যৱস্থাৰ কাম-কাজ সম্পাদন কৰাৰ বাবে মই তেওঁলোকৰ সাহসক প্ৰশংসা কৰিছো৷ দেশ আৰু দিল্লীৰ প্ৰতি তেওঁলোকে আগবঢ়োৱা সেৱা অতুলনীয়৷প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ কেন্দ্ৰীয় চৰকাৰে ইয়াৰ নাগৰিকসকলক সম্ভাব্য সকলো সহায়ৰ প্ৰতিশ্ৰুতি দিয়া বুলি উল্লেখ কৰে শ্ৰী অমিত শ্বাহে৷ এই বৃহ ক’ভিড কেয়াৰ সুবিধাৰ ক্ষেত্ৰত সহায় কৰা ৰাধা স্বামী সসংগৰ লগতে অন্যা্ন্যসকলক ধন্যবাদ জনায় কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে৷ এই উপলক্ষে অনুষ্ঠানত গৃহৰাজ্য মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডি, দিল্লীৰ মুখ্যমন্ত্ৰী শ্ৰী অৰৱিন্দ কেজৰিৱাল, কেন্দ্ৰীয় গৃহ সচিব শ্ৰী অজয় ভাল্লাৰ লগতে দিল্লী চৰকাৰৰ একাংশ জ্যেষ্ঠ বিষয়া উপস্থিত থাকে৷

*****

NW/RK/AY/DB



(Release ID: 1634979) Visitor Counter : 205