প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কেবিনেটে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ জৰিয়তে 'শিশু ঋণ'ৰ পুনৰ পৰিশোধত ১২ মাহৰ সময়ৰ বাবে ২% সুত ছাবছিডীক অনুমোদন জনায়

ঋণৰ নিয়মীয়া পুনৰ পৰিশোধক উৎসাহিত কৰা হ'ব

এই যোজনাই 'কোভিড-১৯'ৰ পৰা উদ্ভৱ ব্যৱধানেৰে মোকাবিলা কৰাত ক্ষুদ্ৰ ব্যৱসায়ীক সহায় কৰিব

Posted On: 24 JUN 2020 3:55PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় মন্ত্ৰীসভাই আজি সক্ষম ঋণ লওঁতাসকলক প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা (পিএমএমৱাই)ৰ জড়িয়তে সকলো শিশু ঋণ একাউণ্টৰ ওপৰত ১২ মাহৰ সময়ৰ বাবে ২%ৰ সুত ছাবছিডী দিয়াৰ পৰিকল্পনাক অনুমোদন জনাইছে।

এই যোজনা সেই ঋণবিলাকৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব যি এই মানদণ্ডবিলাক সম্পূৰ্ণ কৰে-৩১ মাৰ্চ, ২০২০ত বাকী পৰিছিল; আৰু ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰবিআই)ৰ দিশ-নিৰ্দেশনা অনুসৰি ৩১ মাৰ্চ ২০২০ত তথা যোজনা চলি থকাৰ সময়ত উৎপাদন-ৰহিত সম্পদ (এনপিএ) শ্ৰেণীত নাছিল।

সুত ছাবছিডী সেই মাহবিলাকৰ বাবে দেয় হ'ব য'ত একাউণ্ট এনপিএৰ শ্ৰেণীত নপৰে। ইয়াত সেই মাহবিলাকো অন্তৰ্ভুক্ত য'ত একাউণ্ট এনপিএ হোৱাৰ পিছত পুনৰ উৎপাদন-ৰহিত সম্পদ হৈ পৰে। এই যোজনাই তেনে লোকক উৎসাহিত কৰিব যি ঋণৰ নিয়মীয়া পৰিশোধ কৰিব।

যোজনাৰ আনুমানিক লগ্নি প্ৰায় ১,৫৪২ কোটি টকা হ'ব যাক ভাৰত চৰকাৰৰ দ্বাৰা যোগান ধৰা হ'ব।

পৃষ্ঠভূমিঃ

এই যোজনা এমএছএমইৰ সৈতে সম্পৰ্কযুক্ত বিভিন্ন উপায়ৰ মাজৰ পৰা এটা উপায় প্ৰয়োগ কৰিবৰ বাবে, যাৰ ঘোষণা 'আত্মনিৰ্ভৰ ভাৰত' অভিযানৰ জৰিয়তে কৰা হৈছে। পিএমএমৱাইৰ জৰিয়তে আয় সৃষ্টি কাম-কাজৰ বাবে দিয়া ৫০,০০০ টকা পৰ্যন্ত ঋণক 'শিশু ঋণ' বোলা হয়। পিএমএমৱাই ঋণ দৰাচলতে সদস্য ঋণদাতা সংস্থাৰ যেনে অনুসূচিত বাণিজ্যিক বেংক, বেংকসেৱা বহিৰ্ভূত বিত্তীয় কোম্পানী আৰু মুদ্ৰা লিমিটেডত পঞ্জীকৃত মাইক্ৰ' ফাইনেঞ্চ সংস্থানৰ দ্বাৰা দিয়া হয়।

এতিয়াও সক্ৰিয় হৈ থকা কোভিড-১৯ সংকট আৰু ইয়াৰ পৰিণাম স্বৰূপে কৰা লকডাউনে সেই সূক্ষ্ম আৰু লঘু উদ্যোগৰ কাম-কাজ বেয়াকৈ বাধাগ্ৰস্ত কৰিছে য'ত শিশু মুদ্ৰা ঋণৰ মাধ্যমেৰে বিত্ত উপলব্ধ হয়। সৰু ব্যৱসায়ীয়ে সাধাৰণতে অত্যন্ত কম পৰিচালন মাৰ্জিনত ব্যৱসায় কৰে, আৰু বৰ্তমান লকডাউনৰ তেওঁলোকৰ নগদ প্ৰবাহত অত্যন্ত প্ৰতিকূল প্ৰভাৱ পৰিছে যাৰ ফলত তেওঁলোকৰ ঋণ পৰিশোধৰ ক্ষমতা বিপদাপন্ন হৈছে। এইবাবেই তেওঁলোকে ঋণ পৰিশোধৰ ক্ষেত্ৰত ডিফল্ট বা অক্ষম হ'ব পাৰে আৰু ইয়াৰ পৰিণাম স্বৰূপে ভৱিষ্যতে সংস্থাগত ঋণ পৰ্যন্ত আহৰণ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ ওপৰত প্ৰতিকূল প্ৰভাৱ পৰিব পাৰে।

 

৩১ মাৰ্চ ২০২০ পৰ্যন্ত স্থিতি অনুসৰি, পিএমএমৱাইৰ 'শিশু' শ্ৰেণীৰ জৰিয়তে প্ৰায় ১.৬২ লাখ কোটি টকাৰ মুঠ ঋণ ৰাশিৰে প্ৰায় ৯.৩৭ কোটি ঋণ একাউণ্ট বকেয়া আছিল।

 

কাৰ্যকৰী ৰণনীতিঃ

 

এই যোজনা ভাৰতীয় লঘু উদ্যোগ বিকাশ বেংক (চিডিবি)ৰ মাধ্যমেৰে কাৰ্যকৰী কৰা হ'ব আৰু ১২ মাহলৈকে পৰিচালনাত থাকিব।

যি ঋণ লওঁতাক ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰবিআই)ৰ 'কোভিড-১৯ নীতিসম্পৰ্কীয় পেকেজ'ৰ জৰিয়তে তেওঁলোকৰ বেংকৰ দ্বাৰা সময়সীমা দিয়া হৈছে তেওঁলোকৰ বাবে এই যোজনা সময়সীমা সম্পূৰ্ণ হোৱাৰ পিছত আৰম্ভ হ'ব আৰু ১২ মাহৰ সময়ৰ বাবে জাৰি থাকিব অৰ্থাৎ ০১ ছেপ্তেম্বৰ, ২০২০ৰ পৰা ৩১ আগষ্ট, ২০২১ পৰ্যন্ত জাৰি থাকিব। অন্য ঋণ লওঁতাসকলৰ বাবে এই যোজনা ০১ জুন, ২০২০ৰ পৰা কাৰ্যকৰী হ'ব আৰু ৩১ মা'ৰ, ২০২১ পৰ্যন্ত জাৰি থাকিব।

প্ৰধান প্ৰভাৱঃ

এই যোজনাক অভূতপূৰ্ব পৰস্থিতিৰে মোকাবিলা কৰিবৰ বাবে এক বিশেষ পদক্ষেপ বা উপায় হিচাপে প্ৰস্তুত কৰা হৈছে আৰু ইয়াৰ উদ্দেশ্য ঋণৰ প্ৰয়োজন কম কৰি 'পিৰামিডৰ তলৰ ভাগ'ৰ ঋণ লওঁতাসকলৰ বিত্তীয় সংকট কম কৰা। যোজনাৰ জৰিয়তে এই খণ্ডই বহু-প্ৰতীক্ষিত সকাহ পাব বুলি আশা কৰা হৈছে, যাৰ জৰিয়তে সৰু ব্যৱসায়ীসকলে ধন কম হোৱা বাবে কৰ্মচাৰীৰ ছাটাই নকৰাকৈয়ে নিজৰ কাম-কাজ ধাৰাবাহিকভাৱে অব্যাহত ৰখাত সহায়ক হ'ব।

সংকটৰ এই সময়ত নিজৰ কাম-কাজ ধাৰাবাহিকভাৱে অব্যাহত ৰাখিবলৈ এমএছএমইক আৱশ্যকীয় সাহায্য প্ৰদান কৰিলে এই যোজনাৰ অৰ্থ ব্যৱস্থাতো সকাৰাত্মক প্ৰভাৱ পৰাত আৰু ইয়াৰ লগতে আৰ্থিক পুনৰুত্থানতো সম্বল পোৱা যাব বুলি আশা কৰা হৈছে, যিটো ভৱিষ্যতে ৰোজগাৰ সৃষ্টিৰ বাবে অত্যন্ত আৱশ্যকীয়।

 

*******



(Release ID: 1634156) Visitor Counter : 226