সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়

কেন্দ্ৰীয় তালিকাৰ অন্যান্য পিছপৰা শ্ৰেণীত উপ-শ্ৰেণীবদ্ধকৰণৰ বিষয়টো পৰীক্ষা কৰিবলৈ সংবিধানৰ ৩৪০ নং দফাৰ অধীনত গঠিত আয়োগৰ কাৰ্যকাল বৃদ্ধিত কেবিনেটৰ অনুমোদন

Posted On: 24 JUN 2020 4:36PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে অন্যান্য পিছপৰা শ্ৰেণীত উপ-শ্ৰেণীবদ্ধকৰণৰ বিষয়টো পৰীক্ষা কৰিবলৈ সংবিধানৰ ৩৪০ নং দফাৰ অধীনত গঠিত আয়োগৰ কাৰ্যকাল ৬ মাহ অৰ্থা ৩১-১-২০২১ লৈকে বৃদ্ধিত অনুমোদন জনায়।

 

নিয়োগ সৃষ্টিৰ সম্ভাৱনাকে ধৰি প্ৰভাৱঃ

বৰ্তমানে অবিচিৰ তালিকাখনত থকা সম্প্ৰদায়সমূহে কেন্দ্ৰীয় চৰকাৰৰ পদসমূহত নিযুক্তি আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ শৈক্ষিক প্ৰতিষ্ঠানসমূহত নামভৰ্তিৰ ক্ষেত্ৰত অবিচিৰ কাৰণে সংৰক্ষণৰ আঁচনিখনৰ কোনো বিশেষ লাভ অৰ্জন কৰিবলৈ সক্ষম নোহোৱাৰ বিপৰীতে এই আয়োগৰ পৰামৰ্শসমূহ ৰূপায়ণ কৰিলেই লাভান্বিত হোৱাৰ আশা কৰা গৈছিল। আয়োগখনে সম্ভৱতঃ অবিচিৰ কেন্দ্ৰীয় তালিকাখনত এনে উপান্ত সম্প্ৰদায়সমূহৰ লাভালাভৰ কাৰণে পৰামৰ্শ প্ৰদান কৰিব।

 

ব্যয়ঃ

জড়িত এই ব্যয় আয়োগখনৰ প্ৰতিষ্ঠা আৰু প্ৰশাসনীয় ব্যয় সম্পৰ্কীয়, যি সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰণালয়ৰদ্বাৰা বহন কৰি অহা হৈছে।

 

লাভালাভঃ

এছইবিচিৰ কেন্দ্ৰীয় তালিকাখনত অন্তৰ্ভুক্ত জাতি/সম্প্ৰদায়সমূহৰ সকলো লোকেই কিন্তু কেন্দ্ৰীয় চৰকাৰৰ পদসমূহত আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ শৈক্ষিক প্ৰতিষ্ঠানসমূহত নামভৰ্তিৰ ক্ষেত্ৰত বৰ্তমানে বাহাল থকা অবিচিৰ কাৰণে সংৰক্ষণৰ আঁচনিখনৰ জৰিয়তে বিশেষ লাভান্বিত হোৱা নাছিল যদিও পৰৱৰ্তী সময়ত লাভান্বিত হব বুলি আশা কৰা হৈছে।

 

ৰূপায়ণৰ সূচীঃ

আয়োগৰ কাৰ্যকাল আৰু লগতে ইয়াৰ প্ৰাসংগিক চৰ্তাৱলীত মাননীয় ৰাষ্ট্ৰপতিয়ে অনুমোদন জনোৱাৰ পাছতে ৰাষ্ট্ৰপতিৰদ্বাৰাই নিৰ্দেশনা আকাৰে সম্প্ৰসাৰণৰ গেজেট জাননী প্ৰকাশ পাব।

 

পৃষ্ঠপটঃ

২০১৭ ৰ ২ অক্টোবৰত ৰাষ্ট্ৰপতিৰ অনুমোদন সাপেক্ষে সংবিধানৰ ৩৪০ নং দফাৰ অধীনত এই আয়োগখন গঠন কৰা হৈছিল। আয়োগখনৰ অধ্যক্ষ হিচাপে ২০১৭ ৰ ১১ অক্টোবৰত দায়িত্ব গ্ৰহণৰে কাৰ্যাৰম্ভ কৰে ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) শ্ৰীমতী জি ৰোহিনীয়ে আৰু তেতিয়াৰপৰাই উপশ্ৰেণীবদ্ধ অবিচি থকা সকলোবোৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ৰাজ্যিক পিছপৰা শ্ৰেণী আয়োগৰ সৈতে আলোচনা কৰি আহিছিল। আয়োগখনে আহি-আহি এই সিদ্ধান্তত উপনীত হয়হি যে বৰ্তমানে বাহাল থকা অবিচিৰ কেন্দ্ৰীয় তালিকাখনত পুনৰাবৃত্তি, অস্পষ্টতা, অসংগতি, আৰু বানান বা প্ৰতিলিপিকৰণৰ ক্ৰুটিসমূহ দূৰ কৰি স্বচ্ছ ৰূপত তেওঁলোকৰ প্ৰতিবেদনখনি দাখিল কৰিবলৈ কিছু অধিক সময়ৰ প্ৰয়োজন হব। সেয়েহে আয়োগে ২০২০ ৰ ৩১ জুলাইলৈ তেওঁলোকৰ কাৰ্যকাল বৃদ্ধিৰ অনুৰোধ জনায়। তদুপৰি, ভিড-১৯ মহামাৰীৰ কাৰণে ৰাষ্ট্ৰজোৰা লকডাউন আৰু ভ্ৰমণত বাধ্যবাধকতা আৰোপ কৰাৰ পৰিপ্ৰেক্ষিতত, আয়োগখনে তেওঁলোকক দায়িত্ব প্ৰদান কৰা ধৰণে যিকোনো স্থানলৈ গৈ নিৰ্ধাৰিত কাৰ্য সিদ্ধি কৰাত অসুবিধাৰ সন্মুখীন হয়। সেয়েহে, পৰৱৰ্তী ৬ মাহলৈ অৰ্থা ৩১-১-২০২১ লৈকে আয়োগখনৰ কাৰ্যকাল বৃদ্ধি কৰা হৈছে।


*****************



(Release ID: 1634150) Visitor Counter : 157