জল শক্তি মন্ত্ৰালয়

মিজোৰামত জল জীৱন অভিযানৰ ক্ষীপ্ৰ ৰূপায়ণৰ অৰ্থে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীলৈ কেন্দ্ৰীয় জল শক্তি মন্ত্ৰীৰ পত্ৰ

Posted On: 23 JUN 2020 3:31PM by PIB Guwahati

কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে মিজোৰামৰ মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণৰে ৰাজ্যখনত জল জীৱন মিছন (জেজেএম)ৰ মন্থৰ অগ্ৰগতি সন্দৰ্ভত তেওঁৰ অসন্তুষ্টি ব্যক্ত কৰে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁৰ যোৱা বৰ্ষৰ স্বাধীনতা দিৱসৰ ভাষণত ঘোষণাৰ পাছত, ৰাজ্যসমূহে জেজেএম ৰূপায়ণ কৰি আহিছিল, যাৰ লক্ষ্য আছিল ২০২৪ ৰ ভিতৰত গ্ৰামাঞ্চলৰ প্ৰতিঘৰ গৃহস্থীক ফাংছনেল হাউছহ’ল্ড টেপ কানেকশ্যন (এফএইচটিচি)ৰ জৰিয়তে খোৱাৰ উপযোগী পানী যোগান ধৰা। গ্ৰামাঞ্চলৰ ছোৱালীকে প্ৰমুখ্য কৰি মহিলাসকলক সুৰক্ষা আৰু মৰ্যাদা প্ৰদান কৰাটোৱেই আছিল এই অভিযানৰ উদ্দেশ্য।

বাকী থকা গৃহস্থীসমূহলৈ টেপৰ সংযোগ প্ৰদানৰ নিমিত্তে বৰ্তমানে থকা পানী যোগান প্ৰণালীসমূহৰ মেৰামতি/প্ৰসাৰত গুৰুত্ব আৰোপৰে নিৰ্ধাৰিত সময়ৰ ভিতৰত জেজেএমৰ ইপ্সিত লক্ষ্যত উপনীত হ’বলৈ যথোপযুক্ত পৰিকল্পনাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি, জল শক্তি মন্ত্ৰীজনে মুখ্যমন্ত্ৰীজনক ৰাজ্যখনৰ ইতিমধ্যে পাইপেৰে পানী যোগান আঁচনি অব্যাহত থকা ৬৫৫ খন গাঁৱত ‘অভিযানমূলক ভাৱে’ (campaign mode) তৎক্ষণাত কাম আগবঢ়োৱাত গুৰুত্ব প্ৰদান কৰিবলৈ কয়। তেওঁ আকাংক্ষিত জিলাৰ গাঁও, অনুসূচিত জাতি/অনুসূচিত জনজাতি অধ্যুষিত গাঁও/বসতিস্থল আৰু সাংসদ আদৰ্শ গ্ৰাম যোজনাৰ অধীনস্থ গাঁওসমূহৰ সন্তুষ্টিত অগ্ৰাধিকাৰ প্ৰদান কৰিব লাগে বুলি কয়।

শ্ৰী শ্বেখাৱটে উল্লেখ কৰে যে জল জীৱন অভিযানৰ অধীনত ভাৰত চৰকাৰে গৃহস্থীসমূহক প্ৰদান কৰা টেপ সংযোগ আৰু উপলব্ধ পুঁজিৰ ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি পুঁজি আগবঢ়াইছে। ২০১৯-২০ বৰ্ষটোত ২৩,৫২৫ ঘৰ গৃহস্থীক টেপৰ সংযোগ প্ৰদানৰ লক্ষ্যৰ বিপৰীতে কাৰ্যতঃ ১৫,৮৭৮ টেপ সংযোগহে প্ৰদান কৰা হয়। ২০১৯-২০ ত মিজোৰামক ৩৯.৮৭ কোটি টকা আবন্টন দিয়া হৈছিল আৰু পাৰ্ফমেঞ্চ গ্ৰান্টৰ সৈতে মুঠ ৬৮.০৫ কোটি টকা মোকলাই দিয়া হয়, ইয়াৰ বিপৰীতে ৰাজ্যখনে মাত্ৰ ৩৭.৪১ কোটি টকাহে ব্যয় কৰিবলৈ সক্ষম হৈছে, অৰ্থাৎ ৩০.৭৮ কোটি টকা ব্যয় নোহোৱাকৈ থাকে। ২০২০-২১ ত মিজোৰামলৈ এই আৱন্টনৰ পৰিমাণ ৭৯.৩০ কোটি টকালৈ বৃদ্ধি কৰা গৈছিল আৰু ব্যয় নোহোৱাকৈ ৰৈ যোৱা ৩০.৭৮ কোটি টকাকে ধৰি, মিজোৰামৰ হাতত উপলব্ধ কেন্দ্ৰীয় পুঁজিৰ পৰিমাণ হয় ১১০.০৮ কোটি টকা। ৰাজ্যিক অংশৰ একত্ৰীকৰণৰে ২০২০-২১ ত জেজেএম ৰূপায়ণৰ অৰ্থে ৰাজ্যখনৰ হাতত থাকিবলগীয়া ধনৰ পৰিমাণ হ’ব ১২২.৩০ কোটি টকা। কেন্দ্ৰীয় মন্ত্ৰীজনে টানি কয় যে গ্ৰামাঞ্চলৰ প্ৰতিঘৰ গৃহস্থীক খোৱাৰ উপযোগী পানী যোগান ধৰাটো হৈছে ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰৰ বিষয় আৰু ৰাজ্যখনে সেয়ে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত উপনীত হবলৈ প্ৰচেষ্টা গ্ৰহণ কৰা উচিত।

পানী যোগান প্ৰণালীসমূহৰ দীৰ্ঘ-ম্যাদী বহনক্ষমতাৰ অৰ্থে পানীৰ উৎসৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি, কেন্দ্ৰীয় মন্ত্ৰীজনে খোৱা পানী যোগান প্ৰণালীসমূহৰ দীৰ্ঘ-ম্যাদী বহনক্ষমতাৰ কাৰণে বৰ্তমানে থকা খোৱা পানীৰ উৎসসমূহ বিলুপ্ত নোহোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে। এই পৰিকল্পনা এমজিএনৰেগা, এছবিএম, পিআৰআইলৈ ১৫ সংখ্যক বিত্তীয় আয়োগৰ অনুদান, কেম্পা পুঁজি, জিলা মিনাৰেল ডেভলপমেন্ট পুঁজি, স্থানীয় এলেকা উন্নয়ন পুঁজি ইত্যাদিৰ দৰে বিভিন্ন কাৰ্যক্ৰমসমূহৰ একে লক্ষ্যৰদ্বাৰা সকলো উপলব্ধ সম্পদৰ নিখুঁত একাকীত্বৰ নিশ্চিতিৰে গাঁও পৰ্যায়তে কৰিব লাগে আৰু প্ৰতিখন গাঁৱৰ বাবেই ভিলেজ একচন প্লেন (ভিএপি) প্ৰস্তুত কৰা উচিত। তেওঁ তদুপৰি খোৱা পানীৰ সুৰক্ষা লাভ কৰিবলৈ গাঁৱৰ পানী যোগান প্ৰণালীসমূহৰ দীৰ্ঘ-ম্যাদী বহনক্ষমতা নিশ্চিতৰ অৰ্থে ইয়াৰ পৰিকল্পনা, ৰূপায়ণ, পৰিচালনা, চালনা আৰু মেৰামতিত স্থানীয় গাঁৱলীয়া লোক/গাঁও পঞ্চায়তৰ প্ৰতিনিধি আৰু/ বা সৰবৰহী লোকসকলক জড়িতকৰণৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। জল জীৱন অভিযানক প্ৰকৃতাৰ্থত জন আন্দোলন হিচাপে গঢ়ি তুলিবলৈ সকলো গাঁৱতে সমাজৰ অংশগ্ৰহণৰে আইইচি প্ৰচাৰৰ প্ৰয়োজনীয়তা আছে বুলি তেওঁ কয়।

২০২০-২১ত, পিআৰআইলৈ ১৫ সংখ্যক বিত্তীয় আয়োগৰ অনুদান হিচাপে মিজোৰামক ৯৩ কোটি টকা আবন্টন দিয়া হয় আৰু এই পুঁজিৰ ৫০% ধন পানী যোগান আৰু অনাময় ব্যৱস্থাৰ উন্নয়নত ব্যৱহাৰ কৰাটো বাধ্যতামূলক। স্বচ্ছ ভাৰত অভিযান (গ্ৰামীণ)ৰ অধীনত যোগান ধৰা পুঁজি ঘোলা পানীক পুনৰাই ব্যৱহাৰ যোগ্য কৰি তোলাৰ ব্যৱস্থা গ্ৰহণৰ অৰ্থে ব্যৱহাৰ কৰিব লাগিব।

’ভিড-১৯ মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত, জনসাধাৰণে যাতে ৰাজহুৱা পানীৰ উৎসত দীঘলীয়া শাৰী পাতিবলগীয়া নহয়, সেয়া সুনিশ্চিত কৰাটো অতি গুৰুত্বপূৰ্ণ। সেয়ে মিজোৰামৰ মুখ্যমন্ত্ৰীজনক প্ৰতিঘৰ গৃহস্থীতে টেপৰ সংযোগ প্ৰদান কৰিবলৈ সকলো গাঁৱতে পানী যোগানৰ কাম আগবঢ়াবলৈ কোৱা হয়, এনে কৰিবলৈ যাওঁতে সামাজিক দূৰত্ব বজাই ৰখাটো প্ৰয়োজনীয় বুলি অভিহিত কৰি এইবুলিও কোৱা হয় যে প্ৰণালীসমূহৰ কাম-কাজ আৰম্ভ হ’লেই গাঁৱলীয়া লোকসকলে নিয়োজনৰ সুবিধা লাভ কৰিব আৰু ইয়াৰ দ্বাৰাই গ্ৰাম্য অৰ্থনীতিৰ ভেটি টনকিয়াল হোৱাত সহায়ক হৈ উঠিব।

জল শক্তি মন্ত্ৰীজনে মিজোৰামৰ মুখ্যমন্ত্ৰীক কয় যে ২০২২ ৰ ভিতৰত ৰাজ্যখনক ‘১০০% এফএইচটিচি ৰাজ্য’ হিচাপে গঢ়ি তুলিবলৈ মন্ত্ৰণালয়টোৱে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব আৰু শীঘ্ৰেই ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে মুখ্যমন্ত্ৰীজনৰ সৈতে তেওঁ জেজেএমৰ পৰিকল্পনা আৰু ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰিব।

*****

APS/PK/SB



(Release ID: 1633908) Visitor Counter : 126