বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

কভিড-১৯ত আক্ৰান্তৰ ওপৰত চিএছআইআৰ-চিডিআৰআইৰ পৰীক্ষামূলক দৰৱ উমীফেনোবীৰক ক্লিনিকেল ট্ৰায়েলৰ অনুমতি প্ৰদান ডিচিজিআইৰ

উমীফেনোবীৰৰ বাবে অভিলেখ সময়ত প্ৰচেছ টেকনলজী উন্নীতকৰণ

Posted On: 18 JUN 2020 5:12PM by PIB Guwahati

চিএছআইআৰ কনষ্টিটিৱেণ্ট লেব চিএছআইআৰ-কেন্দ্ৰীয় ড্ৰাগ ৰিচাৰ্ছ ইনষ্টিটিউট(চিডিআৰআই) লখনৌ-এ ভাইৰাছ প্ৰতিৰোধী দৰৱ উমিফেনোবীৰৰ কাৰ্যক্ষমতা, সুৰক্ষা আৰু সহনশীলতাৰ পৰীক্ষাৰ বাবে তৃতীয় পৰ্যায়ৰ ৰেণ্ডম, ডাবল ব্লাইণ্ড, প্লেচবো নিয়ন্ত্ৰিত ক্লিনিকেল পৰীক্ষাৰ বাবে অনুমতি লাভ কৰিছে। ক্লিনিকেল পৰীক্ষা লখনৌৰ কিং জৰ্জ মেডিকেল ইউনিভাৰ্ছিটি(কেজিএমইউ),ডঃ ৰাম মনোহৰ লোহিয়া ইনষ্টিটিউট অৱ মেডিকেল চায়েন্সেজ(আৰএমএলআইএছ)আৰু ইআৰএ-ৰ লখনৌ মেডিকেল কলেজ এণ্ড হস্পিতালত কৰা হব।

 

এই দৰৱবিধ যথেষ্ট নিৰাপদ আৰু মানৱ শৰীৰৰ কোষত ভাইৰাছৰ সংক্ৰমণক ইয়ে বাধা দিয়ে ইয়াৰ উপৰি দেখা গৈছে যে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে উমীফেনোবীৰে। সম্প্ৰতি চীন আৰু ৰাছিয়াত উমীফেনোবীৰৰ ব্যৱহাৰ মুখ্য ৰূপত ইনফ্লুৱেঞ্জাৰ চিকিত্সাত কৰা হয়।শেহতীয়াভাৱে এই দেশসমূহৰ কভিড-১৯ ৰোগীসকলৰ ওপৰত ইয়াৰ সফল প্ৰয়োগৰ খবৰ পোৱা গৈছে । ভাৰতৰ ৰোগীসকলৰ ওপৰত ইয়াৰ প্ৰভাৱ মূল্যাংকন কৰাৰ বাবে চিএছআইআৰ-চিডিআৰআই, লখনৌ-এ ইয়াৰ ক্লিনিকেল ট্ৰায়েল আৰম্ভ কৰিছে। ইয়াৰ লগতে সংস্থাই অভিলেখ সময়ত উমীফেনোবীৰৰ নিৰ্মাণৰ বাবে প্ৰচেছ টেকনলজীৰ বিকাশ কৰিছে। দৰৱবিধৰ প্ৰস্তুত আৰু বিপণনৰ বাবে সংস্থাৰ দ্বাৰা গোৱাৰ মেডিজেষ্ট ফাৰ্মাচিউটিকেলছ প্ৰাইভেট লিমিটেডক অনুমতি প্ৰদান কৰিছে। যিয়ে প্ৰথমৰ পৰাই ইয়াৰ বাবে ডিচিজিআইৰ পৰা টেষ্ট লাইচেন্স লৈ থৈছে।

 

চিএছআইআৰ-চিডিআৰআইৰ পৰিচালক প্ৰফেচাৰ তাপস কুণ্ডুই কৈছে যে দৰৱৰ বাবে সকলো সক্ৰিয় ফাৰ্মাচিউটিকেল ইনগ্ৰেডিয়েণ্ট(কেঁচা মাল)স্বদেশী ৰূপত উপলদ্ধ হয় আৰু যদি ক্লিনিকেল পৰীক্ষা সফল হয় তেতিয়াহলে উমীফেনোবীৰ কভিড-১৯ৰ বিৰুদ্ধে এক সুৰক্ষিত, প্ৰভাৱশালী, সস্তীয়া দৰৱ হব পাৰে আৰু ৰাষ্ট্ৰীয় কাৰ্যক্ৰমৰ অংশ হব পাৰে। প্ৰফেচাৰ কুণ্ডুই ইয়াকো কয় যে এইবিধ দৰৱত ৰোগ প্ৰতিৰোধৰ বহু ভাল ক্ষমতা আছে।

 

চিএছআইআৰৰ মহানিৰ্দেশক ডাঃ শেখৰ মাণ্ডেই কয় যে এই ক্লিনিকেল পৰীক্ষা কভিড-১৯ৰ বাবে দৰৱ পুনৰ ব্যৱহাৰৰ চিএছআইআৰ ৰণনীতিৰ এক অভিন্ন অংগ।তেওঁ চিএছআইআৰ-চিডিআৰআইৰ যুৱ বিজ্ঞানীৰ দল ডঃ অজয় কুমাৰ শ্ৰীবাস্তৱ, চন্দ্ৰভূষণ ত্ৰিপাথী, নয়ন ঘোষ আৰু নীলাঞ্জনা মজুমদাৰ আৰু তেওঁলোকৰ সমন্বয়ক ডঃ ৰবিশংকৰ ৰামচন্দ্ৰন, নডেল বিজ্ঞানীৰ প্ৰয়াসৰ শলাগ লয়। ঔষধৰ ফৰ্মুলেচন আৰু ডকুমেণ্টেচনৰ দলত চিএছআইআৰ-চিডিআৰআইৰ ডঃ পি আৰ মিশ্ৰ, বিবেক ভোচলে, আৰ কে ত্ৰিপাঠী, এছ কে ৰথ আৰু শাৰদ শৰ্মা আছিল।

 

কভিড-১৯ৰ বাবে ডিচিজিআইয়ে অতি গুৰুত্ব সহকাৰে এই আৱেদনৰ সংসাধন কৰিছে। ট্ৰায়েলৰ আগন্তুক পৰ্যায় ক্ষিপ্ৰতাৰে ট্ৰেক কৰা হৈ আছে যাতে অতি শীঘ্ৰে ভাৰতীয় ৰোগীৰ মাজত এই দৰৱবিধ উপলব্ধ হয়।

***

NB/KGS/KG



(Release ID: 1632799) Visitor Counter : 184