স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ শেহতীয়া তথ্য

ফলপ্ৰসূ হ’ম আইছ’লেশ্যনৰ কাৰণে ৰাজ্যসমূহক নিৰ্দিষ্ট গাইডলাইন অনুসৰণৰ নিৰ্দেশ কেন্দ্ৰৰ

Posted On: 19 JUN 2020 9:28PM by PIB Guwahati

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে ১০ মে, ২০২০ ত হম আইছলেশ্যন সন্দৰ্ভত সংশোধিত গাইডলাইন জাৰি কৰিছে যাক https://www.mohfw.gov.in/pdf/RevisedguidelinesforHomeIsolationofverymildpresymptomaticCOVID19cases10May2020.pdf প্ৰত্যক্ষ কৰিবপৰা যাব।

এই গাইডলাইন আজি পৰ্যন্ত প্ৰযোজ্য হৈ আছে।

গাইডলাইনখন অনুসৰি, ভিড-১৯ৰ অতি ধীৰ আৰু প্ৰাক-লক্ষণমূলক ৰোগীসকলক হম আইছলেশ্যনত ৰাখিব পৰা যায়, যত ৰোগীগৰাকীক এটা কোঠাত অকলে থাকিবলৈ দিব লাগিব, লগতে তেওঁৰ বাবে পৃথক টয়লেটৰো ব্যৱস্থা কৰিব লাগে তথা তেওঁক চোৱাচিতা কৰিবলৈ এজন প্ৰাপ্তবয়স্ক পৰিচাৰক/পৰিচৰ্যাকাৰী থকাটো বাঞ্চনীয়। তদুপৰি, সংশ্লিষ্ট ৰোগীগৰাকীয়ে তেওঁৰ স্বাস্থ্যৰ নজৰ ৰাখিবলৈ সন্মত হব লাগিব আৰু নিৰীক্ষণকাৰী গোটৰ পৰৱৰ্তী ফ আপৰ কাৰণে জিলা নিৰীক্ষণকাৰী বিষয়াক তেওঁৰ স্বাস্থ্যৰ অৱস্থা নিয়মিতভাৱে জনাই থাকিব লাগিব।

এই সংশোধিত গাইডলাইনৰ এটা গুৰুত্বপূৰ্ণ দফা হৈছে যে নিৰ্দিষ্ট ৰোগীজনৰ চিকিৎসা সম্পৰ্কীয় মূল্যায়ন আৰু তেওঁৰ ঘৰত থাকিবলগীয়া ব্যৱস্থাৰ মূল্যায়নৰ ভিত্তিত পৰামৰ্শপ্ৰদানকাৰী চিকিৎসকজন সন্তুষ্ট হলেহে তেওঁক হম আইছলেশ্যনৰ অনুমতি দিয়া হব। তদুপৰি, সংশ্লিষ্ট ৰোগীজনেও ছেল্ফ-আইছলেশ্যনৰ অংগীকাৰ কৰিব লাগিব আৰু হম কোৱাৰেন্টাইনৰ নীতি-নিৰ্দেশনাসমূহ মানি চলিব লাগিব। ইয়াৰোপৰি, এনে সকলোবোৰ হম আইছলেশ্যনত থাকোতাক পৰৱৰ্তী সময়ত নিয়মীয়াকৈ সু-সংগঠিত চিকিৎসকৰ গোটৰদ্বাৰা নিৰীক্ষণ কৰি থকা হ, তেওঁলোকৰ মুক্তকৰণতো (discharge) প্ৰয়োজনীয় নীতি-নিৰ্দেশনা পালন কৰিব লাগিব আৰু নিয়ম অনুসৰি উৰ্ধতন কৰ্তৃপক্ষক অৱগত কৰিব লাগিব।

ইয়াৰ পৰিপ্ৰেক্ষিতত, কেতবোৰ ৰাজ্যত নিয়ম-মাফিকভাৱে অনুমোদন জনোৱা হম আইছলেশ্যনত কেতবোৰ উদাহৰণ দেখা পোৱা যায়, ত নেকি এই সংশোধিত গাইডলাইনৰ দফাসমূহ কাৰ্যতঃ পালন কৰা নহয়। যাৰ পৰিণতিত পৰিয়ালৰ লোক আৰু ওচৰ-চুবুৰীয়াৰ মাজত এই ব্যাধিটো বিয়পিব পাৰে, নগৰীয়া ঘন বসতিপূৰ্ণ অঞ্চলৰ দৰে চহৰাঞ্চলত ইয়াৰ সম্ভাৱনা অধিক।

ইয়াৰ বাবে, পৰিয়াল আৰু স্বাস্থ্য কল্যাণ মন্ত্ৰণালয়ে ৰাজ্যসমূহক কভিড-১৯ মহামাৰীৰ ফলপ্ৰসূ সংক্ৰমণ ৰোধৰ অৰ্থে ক্ষেত্ৰ পৰ্যায়ত হম আইছলেশ্যনৰ গাইডলাইন যাতে কটকটীয়াভাৱে ৰূপায়ণ হয় তাক নিশ্চিত কৰিবলৈ আহ্বান জনাইছে।

*****

MV/SB



(Release ID: 1632788) Visitor Counter : 181