বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

মগজুৰ শ্বসন-কেন্দ্ৰক বিকল কৰাৰ পৰিণতিতে য’তি পৰিব পাৰে ক’ভিড-১৯ আক্ৰান্তৰ জীৱনৰ গতি ‘এছইআৰবি’-ৰ পৃষ্ঠপোষকতাৰে কৰা অধ্যয়নত উন্মোচিত হৈছে তথ্য

Posted On: 18 JUN 2020 5:15PM by PIB Guwahati

চিএছআইআৰ-ভাৰতীয় ৰসায়নিক জীৱবিজ্ঞান প্ৰতিষ্ঠান(আইআইচিবি)-কলকাটাৰ এটি দলে চলোৱা এক অধ্যয়নত ছাৰ্ছ-কভ-২(SARS-CoV-2)য়ে স্নায়ুতন্ত্ৰক আক্ৰান্ত কৰিব পৰা সামৰ্থ্য থকাৰ কথাটো উন্মোচিত হোৱাৰ পিচত ভাইৰাছবিধে মানৱ মগজুৰ শ্বসন কেন্দ্ৰতো সংক্ৰমণ কৰিব পাৰে বুলি ধাৰণা প্ৰকাশ কৰি কভিড-১৯ আক্ৰন্তৰ মত্যুৰ কাৰণ বিশ্লেষণৰ বাবে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ শ্বসন কেন্দ্ৰত বিশেষ নজৰ দিয়াৰ পোষকতা কৰা হৈছে

বিজ্ঞান আৰু আভিযান্ত্ৰিক গৱেষণা পৰিষদ(এছইআৰবি) পৃষ্ঠপোষকতাৰে গঢ়ি উঠা এচিএছ কেমিকেল এণ্ড নিউৰছায়েন্স- প্ৰকাশিত এক গৱেষণা পত্ৰত কোৱা হৈছে যে ছাৰ্ছ-- ভাইৰাছবিধ নাকেৰে সোমাই মানুহৰ মগজুৰ অলফেক্টৰী বাল্ব উপস্থিত বগৈ পাৰে তাৰে পৰাই প্ৰীবটজিংগাৰ কমপ্লেক্স(PreBötzinger complex) (PBC) সংক্ৰমণ আৰম্ভ কৰে উল্লেখ্য যে মগজুৰ এই অংশই শ্বাস-প্ৰশ্বাসৰ বাবে প্ৰয়োজন হোৱা লয়-সৃষ্টিৰ প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰে এই অধ্যয়নে প্ৰকাশ কৰা ধাৰণা অনুসৰি মগজুৰ শ্বসন-কেন্দ্ৰক বিকল কৰাৰ পৰিণতিতে যতি পৰিব পাৰে কভিড-১৯ আক্ৰান্তৰ জীৱনৰ গতি।

গৱেষণাকাৰী দলটোৰ সদস্যবৃন্দ ড০ প্ৰেম ত্ৰিপাঠী, ড০ উপাসনা ৰয়, ড০ অমিত শ্ৰীবাস্তৱ আৰু ড০ সনু গান্ধীয়ে কৰা আলোচনাত কোৱা হৈছে যে, যদিও এইবিধ ভাইৰাছৰ সংক্ৰমণত হাওফাৱেই সৰ্বাধিক হাৰত আক্ৰান্ত হয়, তথাপি ই মগজুকে ধৰি অন্য বহু অংগকো আক্ৰান্ত কৰিব পাৰে। ছাৰ্ছ-কভ-২য়ে মগজুৰ পিবিচি অংশক লক্ষ্য কৰি লব পাৰে বুলি বাখ্যা আগবঢ়োৱা এইখনেই প্ৰথমখন প্ৰতিবেদন।

 

অধিক তথ্যৰ বাবে :

Publication: https://pubs.acs.org/doi/10.1021/acschemneuro.0c00217

 

(For more details, please contact: Dr. Prem Prakash Tripathi, Scientist, CSIR- IICB, Email: prem.tripathi@iicb.res.in, Mob: +91-8375940775)

https://static.pib.gov.in/WriteReadData/userfiles/image/image001UFUJ.gif

 

 

Disclaimer: The above figure supplied by Dr. Tripathi which is not part of the published article. The investigator has to take all the responsibilities if there are any issues in this regard.

*****

NB/KGS/KB



(Release ID: 1632533) Visitor Counter : 211