ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

ইৰানক কাকতি ফৰিং নিয়ন্ত্ৰণ কাৰ্যসূচীৰ বাবে ২৫ মেট্ৰিক টন মালাথিয়ন ৯৫% ইউএলভি কীটনাশক যোগান ধৰিলে এইচআইএল ইণ্ডিয়া লিমিটেডে

प्रविष्टि तिथि: 15 JUN 2020 5:14PM by PIB Guwahati

ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ অধীনস্ত দেশৰ অগ্ৰণী কীটনাশক উপাদনকাৰী ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান এইচআইএল(ইণ্ডিয়া) লিমিটেডে আন্তঃচৰকাৰ প্ৰচেষ্টাৰ অংশ হিচাপে ইৰানক কাকতি ফৰিং নিয়ন্ত্ৰণ কাৰ্যসূচীৰ বাবে ২৫ মেট্ৰিক টন মালাথিয়ন ৯৫% ইউএলভি কীটনাশক যোগান ধৰিছে৷

ভাৰতৰ দ্বাৰা ইৰান আৰু পাকিস্তানৰ এই অঞ্চলটোত মৰুস্থলীয় কাকতি ফৰিঙৰ ভয়াবহতা মোকাবিলা কৰাৰ বাবে সমম্বিত প্ৰচেষ্টাৰ বাবে যোগাযোগ কৰা হৈছিল৷  ইৰানে এই প্ৰস্তাৱত ইচ্ছা ব্যক্ত কৰে আৰু সেই অনুসৰি বিদেশ মন্ত্ৰালয়ে এইচআইএল(ইণ্ডিয়া) লিমিটেডক ইৰানলৈ ২৫ মেট্ৰিক টন মালাথিয়ন ৯৫% ইউএলভি প্ৰস্তুত কৰি দেশখনলৈ যোগান ধৰাৰ নিৰ্দেশ দিয়ে৷ ১৬ জুন, ২০২০ত ইৰানে প্ৰথমে খেপ কীটনাশক পোৱাৰ আশা আছে৷

খাদ্য আৰু কৃষি সংগঠন(এফপিঅ’)ৰ প্ৰতিবেদন অনুসৰি কাকতি ফৰিঙৰ আবাদী ইৰানৰ ছিস্তান-বেলুছিস্তান অঞ্চলত বৃদ্ধি হৈ আছে, যিটো অহা মাহ কেইটাত ভাৰতৰ ফালে গতি কৰিব আৰু ই শস্য ধ্বংসৰ কাৰণ হৈ পৰিব৷ ভাৰত চৰকাৰৰ দ্বাৰা কাকতি ফৰিঙৰ বিপদ মোকাবিলা ইয়াৰ প্ৰজনন স্থলতে কৰাৰ দিশত আঁচনি গ্ৰহণ কৰা হৈছে আৰু ইয়াৰ সৈতে সমন্বিত প্ৰচেষ্টাৰ বাবে যোগাযোগ কৰা হৈছে৷

মৰুস্থলীয় এই কাকতি ফৰিঙে হৰ্ণ অফ আফ্ৰিকা, পূব আফ্ৰিকা আৰু আৰৱ উপদ্বীপত ফচলৰ ব্যাপক ক্ষতি সাধন কৰাৰ পাছত মাৰ্চ/এপ্ৰিল, ২০২০ত ভাৰতত প্ৰৱেশ কৰে আৰু ৰাজস্থান, গুজৰাট, পাঞ্জাৱ আৰু উত্তৰপ্ৰদেশসহ কেইবাখনো ৰাজ্যৰ ফচল, কৃষি ফাৰ্ম আৰু অন্য খেতি নষ্ট কৰে৷ দেশে বৰ্তমান সৰ্বাধিক কাকতি ফৰিঙৰ আক্ৰমণৰ সন্মুখীন হৈছে৷ বিগত প্ৰায় ২৫ বছৰৰ পূৰ্বেও এনে কাকতি ফৰিঙৰ আক্ৰমণ দেখা গৈছিল৷

এইচআইএল (ইণ্ডিয়া) লিমিটেডে দেশত কৃষি আৰু কিষাণ কল্যান মন্ত্ৰালয়ক কাকতি ফৰিং নিয়ন্ত্ৰণ কাৰ্যসূচীৰ বাবে মালাথিয়ন ৯৫% ইউএলভিৰ যোগান ধৰি আহিছে৷ ২০১৯ৰ পৰা বৰ্তমানলৈকে কোম্পানীটোৰ দ্বাৰা এই কাৰ্যসূচীৰ বাবে ৬০০ মেট্ৰিক টনতকৈ অধিক মালাথিয়ন ৯৫% ইউএলভি যোগান ধৰি আহিছে৷

********

RCJ/RKM/DB


(रिलीज़ आईडी: 1631821) आगंतुक पटल : 214
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Punjabi , Tamil , Telugu