ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়

ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত ঘৰৰ পৰা কাম কৰা নিৰ্দেশনা ক্ষিপ্ৰতাৰে জাৰি কৰাৰ বাবে ডিএআৰপিজিক পৰামৰ্শ কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙৰ

Posted On: 10 JUN 2020 6:04PM by PIB Guwahati

কেন্দ্ৰীয় কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেন্সন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে ডিএআৰপিজিত হ’বলগীয়া কাম-কাজৰ পৰ্যালোচনা কৰাৰ লগতে বিভাগটোক ‘ঘৰৰ পৰা কাম কৰা’ৰ সন্দৰ্ভত ক্ষিপ্ৰতাৰে নিৰ্দেশনা জাৰি কৰাৰ পৰামৰ্শ আগবঢ়ায়৷ তেওঁ এই ক্ষেত্ৰত অগ্ৰাধিকাৰভিত্তিত মন্ত্ৰালয়/বিভাগসমূহক আৱশ্যক পৰামৰ্শ আগঢ়োৱাৰ সন্দৰ্ভত উল্লেখ কৰে৷ মন্ত্ৰীগৰাকাৰীয়ে কয় যে সঠিক সময়ত ‘ঘৰৰ পৰা কাম কৰাৰ ক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰাৰ ফলত কেন্দ্ৰীয় সচিবালয়ৰ কৰ্মচাৰীসকলে প্ৰধানমন্ত্ৰীৰ ‘দুই গজ দুৰত্ব’ৰ আহ্বানৰ পালন কৰা আৰু সামাজিক দুৰত্বৰ জৰিয়তে উপকৃত হ’ব৷

ড০ জিতেন্দ্ৰ সিঙে উত্তৰ-পূবৰ ৰাজ্যসমূহত ডিজিটেল ৰাজ্যিক সচিবালয় গঢ়ি তোলাৰ উদ্দেশ্যে ১২ জুনত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বাবে ই-কাৰ্যালয় কৰ্মশালাৰ সন্দৰ্ভত ভাষণ আগবঢ়াব৷ আজি মন্ত্ৰীগৰাকীয়ে এই কৰ্মশালাৰ বাবে অনুষ্ঠিত কৰিবলগীয়া ৱেবিনাৰৰ এক প্ৰস্তুতি বৈঠকত মিলিত হয়৷ ৭৫ কেন্দ্ৰীয় মন্ত্ৰালয়/বিভাগে ক’ভিড-১৯ৰ লকডাউনৰ সময়ত এক ডিজিটেল কেন্দ্ৰীয় সচিবালয়ৰ কাম-কাজৰ অগ্ৰগতিৰ ক্ষেত্ৰত ঘৰৰ পৰাই কাম কৰিবলৈ সক্ষম হোৱাটো সুনিশ্চিত কৰিছিল৷ উত্তৰ-পূবৰ ৰাজ্যসমূহতো এই ব্যৱস্থা ৰূপায়ণ হ’লে ৰাজ্যসমূহৰ কাম-কাজ সঠিক সময়ত কাগজবিহীনভাৱে সম্পন্ন হ’ব৷ কৰ্মশালাত অৰুণাচল প্ৰদেশ, নাগালেণ্ড, ছিকিমৰ মুখ্যমন্ত্ৰীসকলৰ লগতে অসম, মনিপুৰ, মিজোৰাম, মেঘালয় আৰু ত্ৰিপুৰাৰ তথ্য-প্ৰযুক্তি মন্ত্ৰীসকল উপস্থিত থাকিব৷ কৰ্মশালাত অতিৰিক্ত মুখ্য সচিব আৰু প্ৰশাসনিক সংস্কাৰৰ প্ৰধান সচিবৰ লগতে তথ্য প্ৰযুক্তি বিভাগৰ সচিবসকলকো আমন্ত্ৰণ জনোৱা হৈছে৷

উল্লেখ্য যে ডিএআৰপিজিয়ে ক’ভিড লকডাউনৰ সময়ছোৱাত ৯ জুন, ২০২০লৈকে ১ লাখ ৰাজহুৱা অভিযোগ নিষ্পত্তি কৰিছে৷ এইবোৰ আৰু অধিক ক্ষিপ্ৰতাৰে নিষ্পত্তি কৰাৰ বাবে বিভাগটোৱে সকলো ৰাজ্যক সামৰি ১১টা ভাষাত মতামত দিবপৰাকৈ কল চেণ্টাৰৰ ব্যৱস্থা কৰিছে আৰু ১৫ জুনৰ পৰা সেয়া কাৰ্যক্ষম হৈ উঠিব৷ এই উপলক্ষে মন্ত্ৰীগৰাকীয়ে ১৫ জুন দেশৰ বিভিন্ন প্ৰান্তৰ নাগৰিকসকলৰ সৈতে নিজে বাৰ্তালাপ কৰিব৷

প্ৰস্তুতি বৈঠকত ডিএআৰপিজিৰ সচিব ড০ কে. শিৱাজী, ডিএআৰপিজিৰ অতিৰিক্ত সচিব ভি. শ্ৰীনিবাস, ডিএআৰপিজিৰ যুটীয়া সচিব শ্ৰীমতী জয়া ডুবে আৰু বিএছএনএলৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক পি. কে পুৰৱাৰ উপস্থিত থাকে৷

****

NW/SNC/DB



(Release ID: 1630866) Visitor Counter : 179