তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

চলচিত্ৰ প্ৰযোজক, চলচিত্ৰ প্ৰদৰ্শক আৰু চলচিত্ৰ উদ্যোগৰ প্ৰতিনিধিৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰীৰ বৈঠক

Posted On: 02 JUN 2020 8:11PM by PIB Guwahati

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী প্ৰকাশ জাভাড়েকাৰে আজি এক ভিডিঅ কনফাৰেন্সযোগে চলচিত্ৰ প্ৰযোজক, চলচিত্ৰ প্ৰদৰ্শক আৰু চলচিত্ৰ উদ্যোগৰ প্ৰতিনিধিৰ সৈতে মিলিত হয়। কভিড-১৯ ৰ বাবে উদ্যোগটোৱে সন্মূখীন হোৱা সমস্যাৰ বুজ লবৰ বাবে মন্ত্ৰীগৰাকীয়ে এই বৈঠকৰ আহ্বান কৰিছিল।

অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে ভাৰতৰ ৯,৫০০ তকৈও অধিক স্ক্ৰীণেৰে সৈতে কেৱল চিনেমাহলবোৰতেই প্ৰতিদিনে প্ৰায় ৩০ কোটি টকাৰ টিকট বিক্ৰী কৰাৰ কথাত শলাগ লয়। উদ্যোগটোৰ বিশেষ দাৱী কিছুমানৰ বিষয়ে আলোচনা কৰি শ্ৰী জাভাড়েকাৰে কয় যে তেওঁলোকে বিচৰা সাহাৰ্য মূলতঃ বিত্ত সম্পৰ্কীয়, যেনে- দৰমহাৰ ক্ষেত্ৰত ৰাজসাহাৰ্য, তিনিবছৰৰ বাবে সূদবিহীন ঋণ, কৰ আৰু শুল্ক ৰেহাই, ন্যূনতম বিদ্যুতৰ মূল্য উঠাই লোৱা আৰু উদ্যোগৰ বাবে নিৰ্দ্ধাৰিত মূল্যত বিদ্যুতৰ যোগান ইত্যাদি। মন্ত্ৰীগৰাকীয়ে প্ৰতিনিধিসকলক আশ্বাস দিয়ে যে এই সকলো বিষয় প্ৰয়োজনীয় সমাধানৰ উদ্দেশ্যে সংশ্লিষ্ট মন্ত্ৰালয়ৰ ওচৰত দাঙি ধৰা হব।  

প্ৰযোজনাৰ লগত জড়িত কামবোৰ পুনৰ আৰম্ভ কৰাৰ ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে কয় যে এক নিৰ্দিষ্ট কৰ্ম প্ৰক্ৰিয়া চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে। চিনেমাহল খোলাৰ দাৱী সম্পৰ্কত তেওঁ কয় যে জুন মাহত কভিড মহামাৰীৰ অৱস্থিতি ভালদৰে নিৰীক্ষণ কৰাৰ পিছত সেই সিদ্ধান্ত লোৱা হব।

 

Saurabh Singh/PRK



(Release ID: 1628943) Visitor Counter : 164