জল শক্তি মন্ত্ৰালয়

২০২০-২১বিত্তীয় বৰ্ষত ১৩লাখ পৰিয়াললৈ পানী যোগানৰ পৰিকল্পনা অসমৰ

प्रविष्टि तिथि: 31 MAY 2020 4:02PM by PIB Guwahati

কেন্দ্ৰীয় জল শক্তি মন্ত্ৰালয়ৰ বিবেচনা আৰু অনুমোদনৰ বাবে অসমে ইতিমধ্যে বাৰ্ষিক কৰ্ম পৰিল্পনা দাখিল কৰিছে। জল জীৱন মিছন(জেজেএম)ৰ ৰূপায়ণৰ বাবে ২০২০-২১বিত্তীয় বৰ্ষত ১৪০৭ কোটি টকাৰ পুঁজি অনুমোদন জনাইছে ভাৰত চৰকাৰে। বিত্তীয় বৰ্ষটোত অসমে ৰাজ্যখনৰ মুঠ ৬৩লাখ পৰিয়ালৰ ১৩লাখলৈ খোৱাপানীৰ যোগান ধৰাৰ পৰিকল্পনা যুগুতাই উলিয়াইছে। পৰ্যাপ্ত জল ভাণ্ডাৰ মজুত থকা, সেয়া লাগিলে ভূ-তল জলেই হওক কিম্বা ভূ-পৃষ্ঠীয় জল-ভাণ্ডাৰেই হওক, অসমত জল জীৱন মিছনয়ে ধাৰ্য্য কৰা এই লক্ষ্যত উপনীত হোৱাটো কঠিন নহব বুলিয়েই ধাৰণা কৰা হৈছে।

নলেৰে খোৱা পানী যোগান আঁচনি ৰূপায়িত গাঁওসমূহত পোণতে নতুন সংযোগ দিয়াৰ জৰিয়তে অধিক পৰিয়াললৈ পানীৰ যোগান নিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰিছে ৰাজ্যখনে। এই ক্ষেত্ৰত অৰ্থনৈতিক ভবে দুৰ্বল আৰু দুৰ্দশাগ্ৰস্থ পৰিয়ালসমূহক অগ্ৰাধিকাৰ দিয়া হব। গ্ৰামাঞ্চলৰ ৰাইজৰ সক্ৰিয় সহযোগিতাৰ আধাৰত ইতিমধ্যে এক প্ৰভাৱশালী গাঁও কৰ্ম পৰিকল্পনা যুগুতাই উলিওৱা হৈছে। ইফালে, এমজিএনৰেগা, এছবিএম(জি), পঞ্চায়তসমূহলৈ আগবঢ়োৱা পঞ্চদশ বিত্ত আয়োগৰ অনুমোদিত পুঁজি, জিলা খনিজ বিকাশ পুঁজি, কেম্পা, স্থানীয় অঞ্চল উন্নয়ণ পুঁজিৰ দৰে বিকাশমূলক পুঁজিৰে ৰূপায়িত কাৰ্যক্ৰমসমূহৰ জৰিয়তে জল-ভাণ্ডাৰ সমূহৰ বিকাশসাধন কৰি দীৰ্ঘকালীন ৰূপত পানীৰ যোগান নিশ্চিত কৰাতো গুৰুত্ব আৰোপ কৰা হৈছে।  

পানীযোগানৰ পৰিকল্পনা যুগুতোৱাৰ সময়ত বিশুদ্ধ খোৱাপানীৰ সমস্যা থকা অঞ্চলসমূহৰ লগতে, আকাংক্ষী জিলা, অনুসূচিত জাতি-অনুসূচিত জনজাতি অধ্যুষিত গাঁও/এলেকা, সাংসদ আদৰ্শ গ্ৰামীণ যোজনাৰ অন্তৰ্ভুক্ত গাঁও আদিক অগ্ৰাধিকাৰ দিয়া হৈছে।

*****

APS/PK/KB


(रिलीज़ आईडी: 1628166) आगंतुक पटल : 295
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Punjabi , Telugu , English , Urdu , हिन्दी