বিত্ত মন্ত্ৰালয়

‘ব্ৰিকছ’-ৰ মুৰব্বী কৰ-প্ৰাধিকাৰীসকলৰ ভিডিঅ’ কনফাৰেন্স

Posted On: 29 MAY 2020 8:46PM by PIB Guwahati

ব্ৰিকছ’-ৰ মুৰব্বী কৰ প্ৰাধিকাৰীসকলৰ এখন সভা ২৯ মে ২০২০ত ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে অনুষ্ঠিত হৈ যায়। এই সভাত ফেডাৰেল ৰিপাব্লিক অব ব্ৰাজিল, ৰাছীয়ান ফেডাৰেশ্যন, ভাৰত গণৰাজ্য, পিপুলছ ৰিপাব্লিক অব চাইনা আৰু ৰিপাব্লিক অব ছাউথ আফ্ৰিকাৰ কৰ প্ৰধিকাৰীয়ে অংশ গ্ৰহণ কৰে। ব্ৰিকছৰ বৰ্তমান অধ্যক্ষৰ দায়িত্ব পালন কৰা ৰাছীয়াৰ যুক্তৰাষ্ট্ৰীয় কৰ সেৱাই আহ্বান জনোৱা সভাখনত কভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা পৰিৱেশটোত কৰ প্ৰাধিকাৰীসকলে গ্ৰহণ কৰিবলগীয়া দায়িত্ব তথা আগন্তুক সময়চোৱাত সকলোৰে সমন্বয়ত কৰ-ব্যৱস্থাৰ সংস্কাৰমূলক পদক্ষেপ গ্ৰহণৰ সম্ভাৱনীয়তা অনুসন্ধান সন্দৰ্ভত আলোচনা কৰা হয়। সভাখন মস্কোত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও অৱশেষত ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰেহে অনুষ্ঠিত হয়।

সভাত ভাৰতক প্ৰতিনিধিত্ব প্ৰদান কৰে ভাৰত চৰকাৰৰ বিত্ত সচিব ড০ অজয়ভূষণ পাণ্ডেই।

বিত্ত সচিবগৰাকীয়ে কভিড-১৯ৰ সন্ত্ৰাস আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় কৰদাতাসকলক সকাহ দান কৰাৰ বাবে কৰ পৰিশোধৰ সময়সূচী পিচুৱাই দিয়া, বিলম্বিত কৰৰ বাবদ দিবলগীয়া সুদৰ হাৰ কৰ্তন কৰাকে আদি কৰি গ্ৰহণ কৰা বিভন্ন পদক্ষেপসমূহৰ বিশদ বিৱৰণ দাঙি ধৰে।

****

RM/KMN/KB



(Release ID: 1627961) Visitor Counter : 162