বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

গৱেষণা আৰু উদ্ভাৱনৰ সুবিধাঃ জৈৱপ্ৰযু্ক্তি বিভাগৰ দ্বাৰা ৪টা ক’ভিড-১৯ জৈৱ বেংক স্থাপন

Posted On: 30 MAY 2020 1:48PM by PIB Guwahati

ক’ভিড-১৯ মহামাৰী নিৰ্মূল কৰাৰ বাবে গৱেষণা আৰু উন্নয়ন প্ৰচেষ্টাৱলীক প্ৰতিষেধক, চিকিসা আৰু থেৰাপীৰ দিশত কাম কৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷ ক’ভিড-১৯ত আক্ৰান্ত ৰোগীৰ পৰা সংগ্ৰহ কৰা নমুনাসমূহ এই গৱেষণা আৰু উন্নয়নমূলক প্ৰচেষ্টাৰ ক্ষেত্ৰত মূল্যবান সম্পদ হ’ব পাৰে৷ নিটী আয়োগে শেহতীয়াভাৱে ক’ভিড-১৯ সম্পৰ্কীয় গৱেষণাৰ বাবে জৈৱ নমুনা আৰু ডাটা শ্বেয়াৰ কৰাৰ সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰে৷ কেবিনেট সচিবৰ নিৰ্দেশনা অনুসৰি ভাৰতী চিকিসা গৱেষণা পৰিষদে ১৬টা জৈৱ মজুত ভাণ্ডাৰক কভিড-১৯ ৰোগীৰ চিকিসা সম্পৰ্কীয় নমুনা (অৰ’ফেৰিনজিয়েলয়/নেছ’ফেৰিনজিয়েল, স্বাৱ, ব্ৰংকিঅ’য়েলভেওলাৰ, লাভাজ, থু-খেকাৰ, তেজ, মুত্ৰ আৰু মল)সংগ্ৰহ, মজুত আৰু ব্যৱস্থাপনাৰ বাবে জাননী জাৰি কৰিছে৷

 

এই ১৬টা জৈৱ মজুত ভাণ্ডাৰ হৈছে ক্ৰমে-আইচিএমআৰ-৯টা, ডিবিটি-৪টা আৰু চিএছআইআৰ-৩টা৷ জৈৱপ্ৰযুক্তি বিভাগৰ অধীনত নতুনকৈ স্থাপন কৰা চাৰিটা জৈৱ মজুত ভাণ্ডাৰ হৈছে ক্ৰমে (i)টিএইচএছটিআই, ফৰিদাবাদ-চিকিসা নমুনা, (ii) আৰচিবি ফৰিদাবাদ-ভাইৰেল নমুনা, (iii)ইনষ্টিটিউট অৱ লাইফ ছায়েন্সেছ, ভূৱনেশ্বৰ, ইনষ্টেম, বাংগালুৰু আৰু (iv)আইএলবিএছ, নতুন দিল্লী৷ এই ভাণ্ডাৰসমূহত অৰ’ফেৰিনজিয়েলয়/নেছ’ফেৰিনজিয়েল, স্বাৱ, ব্ৰংকিঅ’য়েলভেওলাৰ, লাভাজ, থু-খেকাৰ, তেজ, মুত্ৰ আৰু মল ইত্যাদি সংগ্ৰহ তথা মজুত কৰি চিকিসা ব্যৱস্থা, থেৰাপী আৰু প্ৰতিষেধকৰ উন্নয়নৰ কামত ব্যৱহাৰ কৰা হ’ব৷

 

সংশ্লিষ্ট ব্যৱস্থাৱলীয়ে নমুনা সংগ্ৰহ, পৰিবহন, এলিক’টিং, মজুত আৰু শ্বেয়াৰিঙৰ ক্ষেত্ৰত একক মানসম্পন্ন পৰিচালন পদ্ধতিৰে উন্নয়ন সাধন কৰিব৷ ক’ভিড-১৯ৰ নমুনাৰ বাবে এই বায়’ বেংকসমূহে এক প্ৰতিষেধক তথা চিকিসা ব্যৱস্থাৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷

 

এই কেন্দ্ৰসমূহক চৰকাৰী গৱেষণাগাৰ হিচাপে সংশ্লিষ্ট মন্ত্ৰালয়ে/বিভাগ(ডিবিটি, ডিএছটি, চিএছআইআৰ, ডিএই, ডিআৰডিঅ’, আইচিএআৰ ইত্যাদি) আইচিএমআৰৰ নিৰ্দেশনাৰ ভিত্তিত অনুমোদন জনাইছে৷ বৰ্তমানলৈকে ১৯খন চহৰ তথা অঞ্চলত ক্লাষ্টাৰ স্থাপন কৰা হৈছে৷ সেইবোৰ হৈছে-বাংগালুৰু, দিল্লী/এনচিআৰ, হায়দৰাবাদ, থিৰুৱন্তপুৰম, চণ্ডীগড়,/ম’হালী, ভৱনেশ্বৰ, নাগপুৰ, পুনে, মুম্বাই, লক্ষ্মৌ, চেন্নাই, কলকাতা, উত্তৰ-পূৰ্বাঞ্চল, জম্মু আৰু কাশ্মীৰ, আহমেদাবাদ, মধ্যপ্ৰদেশ, ৰাজস্থান, বাৰাণসী, পালমপুৰ আৰু দিল্লী চিটী আদি৷

দেশত বৰ্তমান শতাধিক প্ৰতিষ্ঠানে নমুনা পৰীক্ষাৰ কামৰ সৈতে জড়িত হৈ আছে৷ ৭টা স্বতন্ত্ৰ প্ৰতিষ্ঠানক আইচিএমআৰে ক’ভিড-১৯ৰ চিকিসা সম্পৰ্কীয় পৰীক্ষা(আৰজিচিবি, টিএইচএছটিআই, আলএলএছ, ইনষ্টেম, এনচিচিএছ, চিডিএফডি, এনআইবিএমজি)ৰ বাবে অনুমতি প্ৰদান কৰিছে৷

 

 

*****

NB/KGS/(DBT release)/DB



(Release ID: 1627903) Visitor Counter : 300