গৃহ মন্ত্ৰালয়

পশ্চিমবংগত সাহায্য আৰু পুনৰ্বাসনৰ কামৰ খতিয়ান ল’লে কেন্দ্ৰই

Posted On: 25 MAY 2020 3:59PM by PIB Guwahati

কেবিনেট সচিব শ্ৰী ৰাজীৱ গৌবাৰ নেতৃত্বত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা সমিতি (এনচিএমচি)য়ে আম্ফন ঘূৰ্ণীবতাহৰ দ্বাৰা আক্ৰান্ত পশ্চিমবংগৰ কিছুমান এলেকাৰ পুনৰ ৰ্নিমাণৰ কামৰ পঞ্চমবাৰলৈ খতিয়ান ল’লে৷ আকাশীমাৰ্গেৰে প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখন ভ্ৰমণ কৰাৰ সময়ত ঘোষণা কৰা ১,০০০ টকাৰ সাহায্য ইতিমধ্যেই ৰাজ্যখনলৈ মোকলাই দিয়া হৈছে৷

কেন্দ্ৰীয় চৰকাৰৰ এই সাহায্যৰ বাবে পশ্চিমবংগৰ মুখ্য সচিবে ধন্যবাদ জ্ঞাপন কৰে৷ ৰাজ্যখনত ঘূৰ্ণী বতাহৰ ফলত ধ্বংস হোৱা টেলিকমিউনিকেচন ব্যৱস্থা, শক্তি বিতৰণ নেটৱৰ্ক ব্যৱস্থাৰ পুনৰ নিৰ্মাণৰ কাম হাতত লোৱা হৈছে৷  তাৰোপৰি বন্ধ হৈ থকা পথসমূহ মোকলোৱাৰ বাবে কলকাতা এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীক সহায় কৰিছে সৈন্যবাহিনীয়ে৷

কেবিনেট সচিবে বিদ্যুৎ সংযোগ তথা যোগাযোগ ব্যৱস্থাৰ পুনৰ্বাসন কামক অধিক অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে৷ ক্ষতিগ্ৰস্ত হোৱা এলেকাসমূহৰ মূল্যায়নৰ বাবে গৃহ মন্ত্ৰালয়ে অতি শীঘ্ৰেই এক কেন্দ্ৰীয় দল প্ৰেৰণ কৰিব৷

কেন্দ্ৰীয় সচিবগৰাকীয়ে পশ্চিমবংগ চৰকাৰক অতিৰিক্ত সুবিধাৰ আৱশ্যকতা হ’লেও অৱগত কৰিবলৈ পৰামৰ্শ দিছে৷  আজিৰ এই বৈঠকখনত পশ্চিমবংগৰ মুখ্য সচিবে ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি অংশগ্ৰহণ কৰে৷ বৈঠকখনত গৃহ মন্ত্ৰালয়, শক্তি, টেলিকমিউনিকেচন, স্বাস্থ্য, খাদ্য আৰু ৰাজহুৱা বিতৰণ, খোৱা পানী আৰু অনাময়,  এনডিএমএ আৰু এনডিআৰএফৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত আছিল৷

 

*****

VG/SNC/VM/MANN



(Release ID: 1626762) Visitor Counter : 188