প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মৰিছাছৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ টেলিফোনিক বাৰ্তালাপ

Posted On: 23 MAY 2020 2:41PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মৰিছাছৰ প্ৰধানমন্ত্ৰী প্ৰৱিন্দ জুগনাথৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে৷ প্ৰধানমন্ত্ৰী জুগনাথে ভাৰতত আম্ফনৰ ফলত মৃত্যুবৰণ কৰা লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে৷ মৰিছাছলৈ ‘অপাৰেচন সাগৰ’ৰ অধীনত ‘কেশৰী’ শীৰ্ষক ভাৰতীয় নৌবাহিনীৰ জাহাজখন প্ৰেৰণ কৰা বাবে তেওঁ প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জ্ঞাপন কৰে৷

প্ৰধানমন্ত্ৰীয়ে সংকটৰ সময়ছোৱাত মৰিছাছৰ সৈতে সহযোগিতা স্থাপনৰ দ্বাৰা ক’ৰোনাৰ বিৰুদ্ধে যুদ্ধ কৰাৰ বিষয়ে উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰী জুগনাথৰ নেতৃত্বত কভিড-১৯ৰ ব্যৱস্থাপনাত মৰিছাছত বিগত সপ্তাহকেইটাত কোনো নতুন লোক আক্ৰান্ত হোৱাৰ বাতৰি প্ৰকাশিত নোহোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে সন্তোষ প্ৰকাশ কৰে৷  দুয়োগৰাকী নেতাই বিভিন্ন বিষয়ত আলোচনা কৰাৰ লগতে মৰিছাছক বিত্তীয় সমৰ্থন প্ৰদান বিষয়টোৱেও তেওঁলোকৰ আলোচনাত স্থান লাভ কৰে৷

প্ৰধানমন্ত্ৰী মোদীয়ে মৰিছাছৰ জনসাধাৰণৰ সুস্বাস্থ্য কামনা কৰে৷

***


VRRK/AK/MANN



(Release ID: 1626438) Visitor Counter : 176