প্ৰতিৰক্ষা মন্ত্ৰালয়
আমফান ঘূৰ্ণীবতাহঃ উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিবলৈ সম্পূৰ্ণ সাজু ভাৰতীয় বায়ু সেনা বাহিনী
Posted On:
22 MAY 2020 7:30PM by PIB Guwahati
আমফান ঘূৰ্ণীবতাহৰ পৰিপ্ৰেক্ষিতl মানৱীয় সহায় আৰু দুৰ্যোগ সাহায্যৰ প্ৰতি তাৎক্ষণিক সঁহাৰি জনাই ভাৰতীয় বায়ু সেনা বাহিনীয়ে দেশৰ পূব প্ৰান্তত উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিবলৈ সম্পূৰ্ণ সাজু হৈছে৷ ভাৰতীয় বায়ু সেনাৰ দ্বাৰা ২৫খন ফিক্সড ৱিং এয়াৰক্ৰাফ্ট আৰু ৩১ হেলিকপ্টাৰসহ মুঠ ৫৬খন গধুৰ আৰু মজলীয়া লিফট চিহ্নিত কৰা হয়৷
বিমান/হেলিকপ্টাৰসমূহ উদ্ধাৰ কাৰ্যৰ বাবে আৱশ্যক সঁজুলি হিচাপে সংশোধন কৰা হৈছে আৰু তাৎক্ষণিকভাৱে নিয়োজিত কৰাৰ বাবে বিমান, চালক দল বিভিন্ন আইএএফ চাউনী সাজু কৰা হৈছে৷ বায়ু সেনাৰ মুখ্য কাৰ্যালয়ত সক্ৰিয় দুৰ্যোগ ব্যৱস্থাপনা কোষে অসামৰিক প্ৰশাসন আৰু এনডিআৰএফৰ সৈতে সক্ৰিয়ভাৱে সমন্বয় ৰক্ষা কৰি আহিছে৷
২১ মে’, ২০২০ত কলকাতাৰ বাবে দুখন চি-১৩০ বিমানেৰে এনডিআৰএফৰ চাৰিটা দল-পুনেৰ পৰা দুটা আৰু আৰক্কোনমৰ পৰা দুটা দল অনা হয়৷ এই দলসমূহৰ সৈতে এনডিআৰএফৰ জৰিয়তে উদ্ধাৰ কাৰ্যৰ বাবে ব্যৱহাৰ কৰিবলগীয়া ৮.৬ টন ওজনৰ সঁজুলি আৰু যন্ত্ৰপাতিও পৰিবহণ কৰা হয়৷
***
IN/BSK/DB
(Release ID: 1626303)
Visitor Counter : 215