বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়
ক’ভিড-১৯ ৰোগী চিনাক্ত কৰিবৰ বাবে আৰ এন এ পৃথকীকৰণ সঁজুলি আগাপ্পে চিত্ৰা মেগনা বাণিজ্যিকভাৱে মুকলি
আগাপ্পে চিত্ৰা মেগনা হৈছে পৰীক্ষণৰ সময়ত আৰ এন এ পৃথকীকৰণৰ বাবে ব্যৱহৃত ক্ষূদ্ৰ চুম্বকীয় কণা ভিত্তিক এবিধ সঁজুলি
পোষ্ট কৰা হৈছে:
21 MAY 2020 7:59PM by PIB Guwahati
নীতি আয়োগৰ সদস্য তথা শ্ৰী চিত্ৰা তিৰুনাল ইনষ্টিটিউট ফৰ মেডিকেল চায়েন্স এণ্ড টেক্নলজি প্ৰতিষ্ঠানৰ অধ্যক্ষ ড০ ভি কে সাৰস্বতে আজি এক ভিডিঅ’ কনফাৰেন্সযোগে বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সচিৱ অধ্যাপক আশোতোষ শৰ্মা, শ্ৰী চিত্ৰা তিৰুনাল ইনষ্টিটিউট ফৰ মেডিকেল চায়েন্স এণ্ড টেক্নলজিৰ সঞ্চালক ড০ আশা কিশোৰ, প্ৰতিষ্ঠানটোৰ জৈৱ-চিকিৎসা আৰু প্ৰযুক্তি বিভাগৰ মূৰব্বী ড০ এইচ কে বৰ্মাৰ উপস্থিতিত ক’ভিড-১৯ ৰোগী চিনাক্ত কৰিবৰ বাবে আৰ এন এ পৃথকীকৰণ সঁজুলি আগাপ্পে চিত্ৰা মেগনা বাণিজ্যিকভাৱে মুকলি কৰা বুলি ঘোষণা কৰে।
ত্ৰিৱান্দ্ৰমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনৰ শ্ৰী চিত্ৰা তিৰুনাল ইনষ্টিটিউট ফৰ মেডিকেল চায়েন্স এণ্ড টেক্নলজিয়ে কোচিনস্থিত আগাপ্পে ডায়েগনষ্টিক লিমিটে়ডৰ লগলাগি ক’ভিড-১৯ ৰ পৰীক্ষণৰ বাবে চুৱাবৰ পৰা আৰ এন এ নিষ্কাশন কৰিবপৰা এক উদ্ভাৱনী সঁজুলি ‘চিত্ৰা মেগনা’ প্ৰস্তুত কৰি উলিয়াইছে।
“এই সঁজুলি বাণিজ্যিকভাৱে মুকলি কৰাৰ ফলস্বৰূপে ক’ভিড-১৯ ৰোগী চিনাক্তকৰণৰ ক্ষেত্ৰত ভাৰত স্ব-নিৰ্ভৰশীল হোৱাৰ দিশে বহুখিনি আগুৱাই গ’ল, পৰীক্ষণৰ মাত্ৰা অধিক হোৱাৰ সুবিধা হ’ল আৰু এইক্ষেত্ৰত হোৱা খৰচ বহু পৰিমাণে কমি গৈ মহামাৰীৰ সংক্ৰমণ ৰোধ কৰাৰ বাট মুকলি কৰিলে। এক উন্নত প্ৰযুক্তিক কিদৰে অতি ক্ষীপ্ৰতাৰে বাণিজ্যিকীকৰণ কৰিব পাৰি তাৰ এক উৎকৃষ্ট নিদৰ্শন বিশ্ববাসীৰ আগত ডাঙি ধৰা হ’ল,” ড০ সাৰস্বতে কয়।
অধ্যাপক আশোতোষ শৰ্মাই কয় যে, গুৰুত্বপূৰ্ণ প্ৰয়োজনৰ সময়ত কিদৰে বিজ্ঞানী আৰু উদ্যোগে একেলগ হৈ কাম কৰিব পাৰে আগাপ্পে চিত্ৰা মেগনা হৈছে তাৰ এক উৎকৃষ্ট নিদৰ্শন। এই চিত্ৰা মেগনা সঁজুলিবিধৰ ক্ষেত্ৰত পৰীক্ষণৰ বাবে সংগ্ৰহ কৰা চুৱাবৰ নমুনাৰপৰা ক্ষূদ্ৰ চুম্বকীয় কণাৰে আৰ এন এক ঘন কৰি পেলায়। এই সঁজুলিবিধৰ এটা ডাঙৰ সুবিধা হৈছে যে চুৱাবৰ নমুনা সংগ্ৰহৰ ক্ষেত্ৰত বা পৰিৱহণৰ ক্ষেত্ৰ অলপ হীন-দেড়ী হ’লেও চুম্বকীয় কণা ভিত্তিক আৰ এন এ নিষ্কাশন প্ৰযুক্তিৰে যথেষ্ট পৰিমাণত আৰ এন এ পাব পৰা যায়। যিহেতু পি চি আৰ আৰু লেম্প পৰীক্ষণৰ বাবে এক নিৰ্দিষ্ট পৰিমাণৰ আৰ এন এ প্ৰয়োজন হয়, এই উদ্ভাৱনে এটা ডাঙৰ সমস্যাৰ সমাধান কৰিলে।
ড০ সাৰস্বত আৰু অধ্যাপক শৰ্মাই দেশৰ প্ৰয়োজনৰ সময়ত এনে সমাধান আগবঢ়োৱা শ্ৰী চিত্ৰা আৰু আগাপ্পে ডায়েগনষ্টিকৰ দলক আভিনন্দন জ্ঞাপন কৰিছে।
“দেশীয় চিকিৎসা প্ৰযুক্তিৰ প্ৰচাৰ প্ৰতিষ্ঠানটোৰ প্ৰাথমিক চৰ্ত। ড০ অনুপ কুমাৰৰ দৰে জ্যেষ্ঠ বিজ্ঞানীয়ে আমাৰ ডায়েগনষ্টিক প্ৰতিষ্ঠানত আণৱিক যন্ত্ৰ শাখাৰ মূৰব্বী হিচাপে কাম কৰিছে আৰু ক’ভিড-১৯ ৰোগী চিনাক্ত কৰিবৰ বাবে আৰ এন এ পৃথকীকৰণ কৰিব পৰা অতি কমখৰচী এই সঁজুলিক লৈ আমি অতি আশাবাদী,” শ্ৰী চিত্ৰা তিৰুনাল ইনষ্টিটিউট ফৰ মেডিকেল চায়েন্স এণ্ড টেক্নলজিৰ সঞ্চালক ড০ আশা কিশোৰে কয়।
শ্ৰী চিত্ৰা তিৰুনাল ইনষ্টিটিউট ফৰ মেডিকেল চায়েন্স এণ্ড টেক্নলজিয়ে আগাপ্পে ডায়েগনষ্টিক লিমিটে়ডৰ লগলাগি ইয়াৰ উদ্ভিদ বিজ্ঞান প্ৰযুক্তি শাখাত অনুষ্ঠিত কৰা এই উন্মোচনী অনুষ্ঠানত আগাপ্পে ডায়েগনষ্টিক লিমিটে়ডৰ পৰিচালন সঞ্চালক শ্ৰী থমাছ জনৰৰদ্বাৰা প্ৰথমটো সামগ্ৰী কোচিনৰ অমৃতা ইনষ্টিটিউট অৱ মেডিকেল চায়েন্সৰ বিষয়াক বিক্ৰী কৰা হয়।
কম খৰচী, দ্ৰুত আৰু সঠিকভাৱে ক’ভিড-১৯ ৰোগী চিনাক্ত কৰিব পৰা এই সঁজুলিয়ে সংক্ৰমণৰ মাত্ৰা কম কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। ভাৰতক অহা ছমাহৰ ভিতৰত প্ৰায় ৮ লাখ আৰ এন এ পৃথকীকৰণ সঁজুলিৰ প্ৰয়োজন হ’ব বুলি অনুমান কৰা হৈছে আৰু আমদানিকৃত পৰীক্ষণ সঁজুলিৰ দাম প্ৰায় ৩০০ টকা হোৱাৰ বিপৰীতে আগাপ্পে চিত্ৰা মেগনাৰ এটাত ১৫০ টকা মূল্য ধাৰ্য কৰা হৈছে। আগাপ্পে ডায়েগনষ্টিকে এমাহত ৩ লাখ সঁজুলি নিৰ্মাণ কৰিব পাৰিব বুলি আশ্বাস দিছে।
(অধিক তথ্যৰ বাবে শ্ৰী চিত্ৰা তিৰুনাল ইনষ্টিটিউট ফৰ মেডিকেল চায়েন্স এণ্ড টেক্নলজিৰ জনসম্পৰ্কৰক্ষী বিষয়া শ্ৰীমতী স্বপ্না ভামাদেৱনক ৯৬৫৬৮১৫৯৪৩ নম্বৰত বা pro@sctimst.ac.in ই-মেইলযোগে যোগাযোগ কৰিব পাৰে)
*****
KGS/DST/PRK
(ৰিলিজ আই ডি : 1625953)
অতিথি কক্ষ : 326