ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়

‘জে এণ্ড কে ড’মিচাইল বিধি’ৰ অধিসূচনা জাৰি কৰা কথাই জম্মু আৰু কাশ্মীৰৰ বাবে এক নতুন যুগৰ সূচনা কৰিলে-ড০ জিতেন্দ্ৰ সিং

Posted On: 19 MAY 2020 7:12PM by PIB Guwahati

জে এণ্ড কে ডমিচাইল বিধিৰ অধিসূচনা জাৰি কৰা কথাই জম্মু আৰু কাশ্মীৰৰ বাবে এক নতুন যুগৰ সূচনা কৰিলে বুলি অভিমত ব্যক্ত কৰিছে কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে। মন্ত্ৰীগৰাকীয়ে আজি এই মন্তব্য কৰি কয় যে, এই পদক্ষেপে সমতাৰ মন্ত্ৰ আৰু এক সুস্থ গণতন্ত্ৰৰ অৰ্থবহতাকে প্ৰতিস্থা কৰিলে বুলি বুৰঞ্জীয়ে এদিন প্ৰতিপন্ন কৰিব।

জম্মু আৰু কাশ্মীৰ ডমিচাইল বিধিৰ অধিসূচনা জাৰি কৰি ৭০বছৰৰ পিচত ইতিহাসৰ এক অনাহূত কৰ্ম-কাণ্ডৰ অন্ত পেলোৱা হল বুলি উল্লেখ কৰে ড০ সিঙে।

এক সংবাদমেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, এয়া দীৰ্ঘ দিনে শুধৰণিৰ বাবে অপেক্ষা কৰি থকা এক ভুল আছিল আৰু ইয়াক শুধৰাবলৈ শ্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ গুৰু দায়িত্ব লোৱালৈ অপেক্ষা কৰাটো সম্ভৱতঃ ঈশ্বৰৰে ইচ্ছা আছিল। তেওঁ সমগ্ৰ প্ৰক্ৰিয়াটো ইমান স্পষ্টতাৰে সম্পন্ন কৰাৰ বাবে গৃহ পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহকো অভিনন্দন জ্ঞাপন কৰে।

প্ৰসংগক্ৰমে ড০ সিঙে উল্লেখ কৰি কয় যে, জম্মু আৰু কাশ্মীৰৰ তিনিটা প্ৰজন্মক ন্যায় আৰু উচিত মৰ্যাদাৰে জীয়াই থকাৰ অধিকাৰৰ পৰা বঞ্চিত কৰি অহা হৈছিল, পিচে, আমাৰ জীৱন কালতে সেই কাণ্ডৰ পয়াচিত্ত হোৱাটো সঁচাকৈয়ে আনন্দৰে কথা, এয়া আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে বাস্তৱিকতেই আশীৰ্বাদস্বৰূপ হৈ উঠিব। সম্পূৰ্ণকৈ নহলেও সামান্যকে হলেও, এই সমগ্ৰ প্ৰক্ৰিয়াটোত তেওঁ আৰু তেওঁৰ একাংশ সতীৰ্থই অংশীদাৰ হোৱাৰ সুযোগ লাভ কৰাৰ বাবে তেওঁ সন্তুষ্টি প্ৰকাশ কৰে।

<><><><><>

VG/SNC/KB



(Release ID: 1625334) Visitor Counter : 189