হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়

‘আৰইআৰএ’-ৰ প্ৰভাৱী ৰূপায়ণে ঘৰ ক্ৰয় কৰা গ্ৰাহক আৰু বিক্ৰেতাৰ মাজৰ বিশ্বাসযোগ্যতা পুনৰ প্ৰতিস্থা কৰিব :হৰদীপ সিং পুৰী

গৃহ-নিৰ্মাণ প্ৰকল্প সম্পূৰ্ণ কৰাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰা ঘৰ কিনোতাসকলক নিশ্চিতি প্ৰদান কৰাই হ’ল প্ৰাথমিক লক্ষ্য :দুৰ্গা শংকৰ মিশ্ৰ

‘আৰইআৰএ’-ৰ অধীনত পঞ্জীয়ণ কৰা হৈছে ৪০,৫১৭ নিৰ্মাণ সংস্থাৰ ৫২,০০০তকৈয়ো অধিক গৃহ-নিৰ্মাণ প্ৰকল্প

Posted On: 16 MAY 2020 4:37PM by PIB Guwahati

‘ৰিয়েল এষ্টেট ৰেগুলেটৰী অ’থৰিটী’(আৰইআৰএ)-ৰ প্ৰভাৱী ৰূপায়ণে ঘৰ ক্ৰয় কৰা গ্ৰাহক আৰু বিক্ৰেতাৰ মাজৰ বিশ্বাসযোগ্যতা পুনৰ প্ৰতিস্থা কৰিব বুলি অভিমত ব্যক্ত কৰিছে কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু চহৰীয়া পৰিক্ৰমা বিভাগৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে। এই সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, এই ব্যৱস্থাই গৃহ নিৰ্মাণ খণ্ডৰ ওপৰত পৰা বৰ্দ্ধিত বোজা হ্ৰাস কৰাৰ লগতে নিৰ্মাতা প্ৰতিষ্ঠানসমূহক প্ৰকল্পসমূহ সম্পূৰ্ণ কৰাৰ বাবে প্ৰয়োজন হোৱা বিত্তীয় সংসাধন আদায়ৰ ক্ষেত্ৰতো সকাহ দিয়াত সহযোগিতা আগবঢ়াব পাৰে। আৰইআৰএ’-ৰ তৃতীয় বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত এক ৱে’বিনাৰত অংশ গ্ৰহণ কৰি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে আজি এই মন্তব্য প্ৰকাশ কৰে।

 

আৰইআৰএ’-ৰ সফল ৰূপায়ণৰ তথ্য দাঙি ধৰি মন্ত্ৰীগৰাকীয়ে কয় যে, ইতিমধ্যে দেশৰ ৩১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে আৰইআৰএ’ সন্দৰ্ভত বিধি অধিসূচিত কৰিছে। ইয়াৰে ৩০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে ৰিয়েল এষ্টেট ৰেগুলেটৰী অ’থৰিটী’ স্থাপন কৰাৰ বিপৰীতে ২৪খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে ‘ৰিয়েল এষ্টেট এপেলেট ন্যায়াধিকৰণ’ স্থাপন কৰিছে। এই পৰ্যন্ত ‘আৰইআৰএ’-ৰ অধীনত দেশৰ ৪০,৫১৭টা নিৰ্মাণ সংস্থাৰ ৫২,০০০তকৈয়ো অধিক গৃহ-নিৰ্মাণ প্ৰকল্প পঞ্জীয়ণ কৰা হৈছে প্ৰসংগক্ৰমে তথ্য দাঙি ধৰে মন্ত্ৰীগৰাকীয়ে।।

 

ইফালে, ‘আৰইআৰএ’-ৰ প্ৰাসংগিকতা সন্দৰ্ভত বা্খ্যা দাঙি ধৰি ‘গৃহ নিৰ্মাণ আৰু চহৰীয়া পৰিক্ৰমা বিভাগ’ৰ সচিব দুৰ্গা শংকৰ মিশ্ৰই কয় যে, গৃহ-নিৰ্মাণ প্ৰকল্প সম্পূৰ্ণ কৰাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি অহা ঘৰ কিনোতাসকলক নিশ্চিতি প্ৰদান কৰাই হ’ল ইয়াৰ প্ৰাথমিক লক্ষ্য। প্ৰসংগক্ৰমে তেওঁ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শেহতীয়া ভাবে ঘোষণা কৰা ‘আত্মনিৰ্ভৰ ভাৰত অভিযান’ত গৃহ নিৰ্মাণ খণ্ডৰ প্ৰকল্পসমূহৰ কাম-কাজ সম্পূৰ্ণ কৰি তোলাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ কথা বিশেষ ভাবে উল্লেখ কৰে।

 

****

RJ/NG/KB



(Release ID: 1624545) Visitor Counter : 133