মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰীয়ে ‘Psycho-social impact of Pandemic & Lockdown and how to cope with' সম্বন্ধীয় সাতখন গ্ৰন্থৰ সংকলন অনলাইনযোগে মুকলি কৰে

ভাৰতীয় ৰাষ্ট্ৰীয় গ্ৰন্থ ন্যাস (এনবিটি)ৰ দ্বাৰা প্ৰকাশিত ক’ৰোনা অধ্যয়নলানিৰ অধীনত প্ৰকাশ

Posted On: 15 MAY 2020 7:26PM by PIB Guwahati

কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল নিশংকে আজি এনবিটিৰ দ্বাৰা প্ৰকাশিত ক’ৰোনাৰ ওপৰত কৰা এলানি অধ্যয়নৰ অধীনত ‘Psycho-social impact of Pandemic & Lockdown and how to cope with' সম্বন্ধীয় সাতখন গৱেষণা গ্ৰন্থৰ প্ৰিন্ট আৰু অনলাইন সংকলন অনলাইনযোগে মুকলি কৰে।“সমগ্ৰ বিশ্বই সন্মূখীন হোৱা এই ভয়ানক পৰিস্থিতিত এনবিটিয়ে এই অতুলনীয় আৰু উল্লেখনীয় গ্ৰন্থসমূহ প্ৰকাশ কৰি উলিয়াইছে আৰু এইসমূহে মানুহৰ মানসিক সুস্বাস্থ্যৰ লগত জড়িত এক বৃহত্তৰ স্বাৰ্থ পূৰণ কৰিব বুলি মই আশাবাদী,” মন্ত্ৰীগৰাকীয়ে কয়। গ্ৰন্থ উন্মোচনৰ পিছত এনবিটিৰ অধ্যয়নকাৰী দলৰ লিখক তথা গৱেষকসকলৰ লগত অনলাইনযোগে এক মত-বিনিময় অনুষ্ঠানৰো আয়োজন কৰা হয়।

https://static.pib.gov.in/WriteReadData/userfiles/image/image001EZUE.jpg

এনবিটিৰ প্ৰচেষ্টাক অভিনন্দন জনাই শ্ৰী নিশংকে এই গুৰুত্বপূৰ্ণ বিষয়সমূহ সহজবোধ্য কৰি পাঠকলৈ আগবঢ়াই দিয়া গৱেষক/লিখকসকলৰ শলাগ লয়। তেওঁ কয় যে মহামাৰীৰ সৈতে যুঁজ দিয়াৰ সময়ত মানসিক সবলতা অতিকে দৰকাৰী। মানসিক স্বাস্থ্যৰ ওপৰতে ভিত্তি কৰি মানুহৰ জয়-পৰাজয় নিৰ্ণীত হয়।  

অনুষ্ঠানত ভাষণ দি এনবিটিৰ অধ্যক্ষ অধ্যাপক গোবিন্দ প্ৰসাদ শৰ্মাই কয় যে, “মোৰ জীৱন কালত বহু সংক্ৰাংমক ৰোগে পৃথিৱীক প্ৰভাৱিত কৰা দেখিছো। কিন্তু আজিৰ পৰিস্থিতি অতি বেছি প্ৰত্যাহ্বানমূলক, কাৰণ ই ক’ৰোনাৰদ্বাৰা আক্ৰান্ত নোহোৱা মানুহকো মানসিকভাৱে আক্ৰান্ত কৰিছে। সেয়েহে এই গ্ৰন্থসমূহ কেৱল ভাৰতৰ বাবেই নহয়, বিশ্বৰ পাঠকৰ বাবে এই সময়ত অতি উপযোগী হ’ব।” অধ্যাপক শৰ্মাই মননীয় মন্ত্ৰীগৰাকীক ই-শিকনৰ ক্ষেত্ৰত আগবঢ়োৱা নিৰ্দেশনাৰ বাবে ধন্যবাদ দিয় কয় যে, একমাত্ৰ তেওঁৰ এই নিৰ্দেশনাৰ বাবেই দেশৰ শিশুসকল এতিয়াও ক’ৰোনাৰদ্বাৰা আক্ৰান্ত নোহোৱাকৈ আছে।   

https://static.pib.gov.in/WriteReadData/userfiles/image/image002GZ4V.jpg

সমগ্ৰ প্ৰকল্পটোৰ নেত়ত্ব বহন কৰা এনবিটিৰ সঞ্চালক শ্ৰী যুব্ৰাক মালিকে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী আৰু এনবিটিৰ অধ্যক্ষক অবিৰতভাৱে প্ৰদান কৰা দিহা-পৰামৰ্শৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে মাত্ৰ চাৰি সপ্তাহত প্ৰকল্পটো সম্পূৰ্ণ কৰি তোলা এনবিটিৰ সমগ্ৰ দলটোৰ শলাগ লয়। ক’ৰোনাৰ পিছৰ সময়খিনিত পঠনৰ বাবে এনবিটিয়ে অধিক তথ্যসমৃদ্ধ গ্ৰন্থ পিছৰ পৰ্যায়ত প্ৰকাশ কৰিব।

এনবিটিৰ দলটোৰ সদস্যসকলে কেনেদৰে প্ৰযুক্তিৰ সদব্যৱহাৰ কৰি নিজৰ ঘৰতে থাকি গ্ৰন্থ প্ৰস্তুতিৰ কাম কৰিলে সেই সম্পৰ্কে নিজৰ নিজৰ অভিজ্ঞতাৰ কথাও কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰীগৰাকীক জানিবলৈ দিয়ে। ড০ জিতেন্দ্ৰ নাগপাল, শ্ৰীমতী মীনা অৰোৰা, লেফ্টেনেন্ট কৰ্ণেল তৰুণ উপ্পল, ড০ হৰ্ষিতা, শ্ৰীমতী ৰেখা চৌহান, শ্ৰীমতী চ’নি সিধু আৰু শ্ৰীমতী অপৰাজিতা দীক্ষিতে নিজৰ অভিজ্ঞতাৰ  কথা কয়। 

এনবিটিৰ সম্পাদক আৰু প্ৰকল্পটোৰ মূৰব্বী শ্ৰী কুমাৰ বিক্ৰমে এই কামৰ লগত জড়িত সকলো সম্পাদনা বিষয়ৰ সদস্য, অংগসজ্জা, জনসংযোগ, ব্যৱস্থাপনা, বিপণন আদিৰ দায়িত্ব পালন কৰা লোকসকলক ধন্যবাদ জ্ঞাপন কৰে।

এই অধ্যয়ন ২৭ মাৰ্চৰ পৰা ১ মে’ ২০২০ ৰ ভিতৰত সম্পাদন কৰা হৈছিল আৰু অৰ্থনৈতিক আৰু ঘৰুৱা সমস্যাৰ পিছতে সংক্ৰমণৰ ভয়ক এক ডাঙৰ সমস্যা বুলি তেওঁলোকে অভিহিত কৰিছিল। সুন্দৰ ছবিযুক্ত এই গ্ৰন্থসমূহে মহামাৰী আৰু লকডাউনৰ সময়ত মানসিক চাপ কমোৱাত বহতো প্ৰায়োগিক উপদেশ দিব বুলি আশা কৰা হৈছে।

উক্ত সাতখন গ্ৰন্থৰ নামসূহ হ’লঃ ভালনাৰেবল ইন অউট’মঃ আণ্ডাৰষ্টেণ্ডিং দ্য এন্ডাৰলি, দ্য ফিউচাৰ অৱ চ’ছিয়েল ডিচটেন্সিং – নিউ কাৰ্ডিনেলছ ফৰ চিলড্ৰেন, এডোলোচেন্স এণ্ড য়ুথ, দ্য অৰডিল অৱ বিং ক’ৰোনা ৱাৰিঅ’ৰ্ছঃ এন এপ্ৰ’চ্ছ টু মেডিকেল এণ্ড এচেনচিয়েল চাৰ্ভিছ প্ৰ’ভাইডাৰ্ছ, নিউ ফ্ৰন্টিয়াৰ্ছ এট হ’মঃ এন এপ্ৰ’চ্ছ টু ৱ’মেন, মাদাৰ্ছ এণ্ড পেৰেন্টছ, কট ইন ক’ৰোনা কনফ্লিক্টঃ এন এপ্ৰ’চ্ছ টু দ্য ৱৰ্কিং পপ্যুলেশ্যন, মে’কিং চেন্স অৱ ইট অলঃ আণ্ডাৰষ্টেণ্ডিং দ্য কনচা্ৰ্ণচ অৱ পাৰ্ছনছ ৱিথ ডিজেবিলিটীছ, এলিয়েনেশ্যন এণ্ড ৰেজিলিয়েন্সঃ আণ্ডাৰষ্টেণ্ডিং ক’ৰোনা এফেক্টেড ফেমিলিছ। গ্ৰন্থকেইখনৰ সামগ্ৰিক ধাৰণা দিব পৰা সাতটা পৰিপূৰক ভিডিঅ’ও উন্মোচন কৰা হয়।   

গ্ৰন্থকেইখন নতুন দিল্লীৰ বসন্ত কৃঞ্জস্থিত এনবিটিৰ গ্ৰন্থ বিপণীত পোৱা যাব।

এনবিটিৰ অনলাইল গ্ৰন্থ বিপণী www.nbtindia.gov.in/cssbooks ত উপলব্ধ কৰা হৈছে।

যোগাযোগঃ ৯১-৮৮২৬৬১০১৭৪

চি এচ আৰ / এইচ আৰ অনুষ্ঠানৰ বাবে scoord@nbtindia.gov.in ত যোগাযোগ কৰিব পাৰে

আন্তঃৰাষ্ট্ৰীয় বিতৰণৰ বাবে scoord@nbtindia.gov.in ত যোগাযোগ কৰিব পাৰে

আন্তঃৰাষ্ট্ৰীয় ভাষাৰ ক্ষেত্ৰত অনুমোদনৰ বাবে nbtrightscell[at]gmail[dot]com ত যোগাযোগ কৰিব পাৰে

 

*****

NB/AKJ/AK/PRK



(Release ID: 1624253) Visitor Counter : 897