ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়

ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে ‘কেভিআইচি’ৰ কুমাৰসকলৰ অভিনৱ প্ৰয়াস

प्रविष्टि तिथि: 11 MAY 2020 5:23PM by PIB Guwahati

ভিড-১৯ৰ বিৰুদ্ধে অব্যাহত থকা যুদ্ধখনত আগবঢ়োৱা অৰিহণা যিমানেই সামান্য নহওঁক কিয় আজিৰ প্ৰেক্ষাপটত সেয়াই গুৰুত্বপূৰ্ণ বুলি চিহ্নিত হোৱাৰ মুহূৰ্তত খাদী গ্ৰামোদ্যোগ আয়োগ(কেভিআইচি)ৰ কুমাৰসকলে কভিড-১৯ প্ৰতিৰোধৰ লক্ষ্যৰে কৰা এক অভিনৱ প্ৰয়াসে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। শেহতীয়াভাবে ৰাজস্থানৰ বৰণ জিলাৰ কিষাণগঞ্জ গাঁৱত থকা কেভিআইচি কেন্দ্ৰৰ কুমাৰসকলে তৈয়াৰ কৰি উলিওৱা মাটিৰ পাত্ৰসমূহত, বিশেষকৈ কলহসমূহৰ গাত কৰোনা-প্ৰতিৰোধী বাৰ্তা লিখি তৈয়াৰ কৰাৰ দিহা কৰা হৈছে। সাধাৰণ হলেও কুমাৰসকলৰ এই কাৰ্যৰ ফলত ৰাজ্যখনৰ গাঁৱে গাঁৱে, ঘৰে ঘৰে এই কলহসমূহৰ জৰিয়তে কভিড-১৯ৰ বিৰুদ্ধে লবলগীয়া সাৱধানতাৰ বাৰ্তা প্ৰচাৰিত হোৱাৰ থল ওলাইছে। এই সমূহ কলহত ৰখা পানী খাৱলৈ লোৱাৰ সময়তে খাওতাসকলে কলহসমূহৰ গাত লিখি ৰখা বাৰ্তাসমূহ পঢ়ি প্ৰতিবাৰতে সাৱধানতা গ্ৰহণৰ বাবে সচেষ্ট হব পাৰিব।

কুমাৰৰসকলে প্ৰস্তুত কৰা কলহসমূহত মাস্ক ব্যৱহাৰ কৰক, ঘৰতে থাকক, নিৰাপদে থাকক, নিবাৰণেই আৰোগ্যৰ সঁচাৰ-কাঠী আৰু ৰোণাৰ পৰা সতৰ্ক হওঁক আদি বাৰ্তাসমূহ ছপাই দিয়া হৈছে। ৰাজস্থানত ক্ৰমাত্ গৰমৰ প্ৰকোপ বাঢ়িবলৈ ধৰাৰ লগে লগে কলহৰ বিক্ৰীও বাঢ়িবলৈ ধৰাৰ মুহূৰ্তত স্বাভাৱিকতেই দ্ৰুতগতিত বাঢ়িছে এইসমূহ কলহৰ বিক্ৰীও।

উল্লেখ্য যে দেশৰ কুম্ভকাৰসকলক উপকৃত কৰাৰ লক্ষ্যেৰে কেভিআইচি-য়ে গ্ৰহণ কৰা কুমাৰ সশক্তিকৰণ কাৰ্যক্ৰমৰ অধীনত কিষাণগঞ্জ গাঁৱৰ কুমাৰসকলৰো অৰ্থনৈতিক ভেটি টনকিয়াল কৰাৰ প্ৰয়াস কৰা হৈছে। ইতিমধ্যে এই কাৰ্যক্ৰম উত্তৰপ্ৰদেশ, মধ্যপ্ৰদেশ, হিমাচলপ্ৰদেশ, মহাৰাষ্ট্ৰ, জম্মু-কাশ্মীৰ, হাৰিয়াণা, ৰাজস্থান, পশ্চিমবংগ, অসম, গুজৰাট, তামিলনাডু, ওড়িশা, তেলেংগাণা আৰু বিহাৰতো আৰম্ভ কৰা হৈছে। 

*****

RCJ/SKP/IA/KB


(रिलीज़ आईडी: 1623335) आगंतुक पटल : 194
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Punjabi , Odia , Tamil , Telugu , Kannada