ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়

সংকট অতিক্ৰমণৰ বাবে সকলো পক্ষই সমন্বিত প্ৰয়াসত ব্ৰতী হ’ব লাগিব : শ্ৰী নীতীন গাড়কাৰী

Posted On: 03 MAY 2020 4:24PM by PIB Guwahati

কেন্দ্ৰীয় স্থলপথ পৰিবহণ-ঘাইপথ আৰু ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ(এমএছএমই)দপ্তৰৰ মন্ত্ৰী শ্ৰী নীতীন গাড়কাৰীয়ে আজি ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে দলিত ইণ্ডিয়ান চেম্বাৰ অফ কমাৰ্চ আৰু ইণ্ডাষ্ট্ৰীজ(ডিআইচিচিআই)ৰ প্ৰতিনিধিবৰ্গৰে অনুসূচিত জাতি আৰু জনজাতিসকলৰ মালিকানাধীন এমএছএমই উদ্যোগসমূহৰ ওপৰত কভিড-১৯ৰ নেতিবাচক প্ৰভাৱ সন্দৰ্ভত এক আলোচনাত মিলিত হয়। সভাত প্ৰতিনিধিসকলে সাম্প্ৰতিক প্ৰেক্ষাপটত মহামাৰীয়ে সৃষ্টি কৰা পৰিস্থিতিত এমএছএমই উদ্যোগসমূহে সন্মুখীন হোৱা অনাহূত ক্ষতিৰ পৰা সকাহ পোৱাৰ বাবে চৰকাৰৰ সহযোগিতা কামনা কৰে।

মন্ত্ৰী গাড়কাৰীয়ে কভিড-১৯ৰ সংক্ৰমণ ৰোধৰ বাবে উদ্যোগখণ্ডই সকলো প্ৰকাৰৰ সতৰ্কতামূলক পদক্ষেপ গ্ৰহণ কৰাৰ লগতে এই সন্দৰ্ভত ইতিমধ্যে আগবঢ়োৱা বিধি-নিৰ্দেশসমূহ কঠোৰ ভাবে পালনৰ দিহা কৰিবলৈ আহ্বান জনায়। ইফালে, উদ্যোগসমূহৰ কাম-কাজ চলোৱাৰ সময়ত ব্যক্তিগত সুৰক্ষা উপকৰণ-মাস্ক, ছেনিটাইজাৰ আদিৰ নিয়মীয়া ব্যৱহাৰ আৰু সামাজিক ব্যৱধানবিধি মানি চলোতো নিশ্চিত কৰাতো গুৰুত্ব আৰোপ কৰে।

প্ৰসংগক্ৰমে, সংকট অতিক্ৰমণৰ বাবে সকলো পক্ষই সমন্বিত প্ৰয়াসত ব্ৰতী হোৱাত বিশেষ গুৰুত্ব আৰোপ কৰে শ্ৰী গাড়কাৰীয়ে। তেওঁ দেশৰ উদ্যোগখণ্ডক ৰপ্তানীৰ পৰিসৰ বৃদ্ধিৰ কৰাৰ লগতে বিদেশী সামগ্ৰী আমদানীৰ পৰিৱৰ্তে দেশতে তেনে সামগ্ৰীৰ উত্পাদনত মনোনিৱেশ কৰিবলৈ যাৱতীয় পদক্ষেপ গ্ৰহণৰ আহ্বান জনায়। উদ্যোগখণ্ডই উদ্ভাৱন, উদ্যম, বিজ্ঞান আৰু প্ৰযুক্তি, গৱেষণা দক্ষতা আৰু অভিজ্ঞতাৰে অৰ্জন কৰা জ্ঞানক সম্পদলৈ ৰূপান্তৰিত কৰাৰ ব্ৰতত ব্ৰতী হোৱা উচিত বুলিও অভিমত ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে।

মন্ত্ৰীগৰাকীয়ে কালি এফআইচিচিআইৰ মহিলা গোটে আয়োজন কৰা ১০০গৰাকী সফল মহিলা উদ্যোগীৰ সৈতে এক ৱেবিনাৰতো বক্তব্য প্ৰদান কৰিছিল।

*****

RCJ/SKP/IA/KB



(Release ID: 1620826) Visitor Counter : 138