অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়

দেশৰ সকলো প্ৰান্তৰ নাগৰিকৰ বাবে অত্যাৱশ্যকীয় চিকিত্সা সামগ্ৰী যোগানৰ বাবে ‘লাইফলাইন উড়ান’ৰ অধীনত ৪২২খন কাৰ্গো বিমানৰে সেৱা

Posted On: 02 MAY 2020 3:43PM by PIB Guwahati

ভিড-১৯ৰ বিৰুদ্ধে দেশে অব্যাহত ৰখা যুঁজত সহযোগিতা আগবঢ়াই বিভিন্ন অঞ্চললৈ অত্যাৱশ্যকীয় চিকিত্সা সামগ্ৰী কঢ়িয়াই নিয়াৰ বাবে লাইফলাইন উড়ান কাৰ্গো সেৱা অব্যাহত ৰখা হৈছে। এই সেৱাৰ অধীনত এয়াৰ ইণ্ডিয়া, এলায়েন্স এয়াৰ, ভাৰতীয় বায়ুসেনা বাহিনীৰ লগতে একাংশ ব্যক্তিগত খণ্ডৰ বিমান পৰিবহণ সংস্থাৰ মুঠ ৪২২খন বিমান চলোৱা হৈছে। ইয়াৰে ২৪৪খন বিমান এয়াৰ ইণ্ডিয়া আৰু এলায়েন্স এয়াৰ-ৰ। এইসমূহ বিমানে আজি পৰ্যন্ত মুঠ ৭৯০.২২টন পৰিমাণৰ সা-সামগ্ৰীৰ পৰিবহণ কৰিছে। এইখিনি সামগ্ৰী বিতৰণৰ বাবে বিমানসমূহে এই সময়চোৱাত মুঠ ৪,১৩,৫৩৮কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ-পৰিক্ৰমা সম্পূৰ্ণ কৰিবলগীয়া হৈছে।

ইফালে, পৱন হংস লিমিটেডে অত্যাৱশ্যকীয় চিকিত্সা সামগ্ৰী উত্তৰ-পূৰ্বাঞ্চল, শ্ৰীনগৰ, জম্মু(জে এণ্ডকে), লাডাখ, আন্দামান আদিলৈ কঢ়িয়াই নিয়ে। পৱনহংস-য়ে ১মে,২০২০ পৰ্যন্ত ৭,৫২৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ আকাশীপথ অতিক্ৰমী ২.০৩টন সামগ্ৰী কঢ়িয়াইছে।

 

আভ্যন্তৰীণ কাৰ্গো বিমান- ব্লু ডাৰ্ট, স্পাইচ জেট আৰু ইণ্ডিগোৱে বাণিজ্যক ভিত্তিত কিছু সংখ্যক কাৰ্গো বিমান চলাই আছে। যোৱা ২৪ মাৰ্চৰ পৰা ১মে, ২০২০ পৰ্যন্ত স্পাইচ জেটে ৭৩৪খন কাৰ্গো বিমানৰ জৰিয়তে ১২,৭৭,২১৩কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ পৰিক্ৰমা সম্পূৰ্ণ কৰি ৫,৩২০টন সামগ্ৰীৰ পৰিবহণ কৰিছে। ইয়াৰে ২৭০খন আছিল আন্তঃৰাষ্ট্ৰীয় কাৰ্গো বিমান। সেইদৰে, যোৱা ২৫ মাৰ্চৰ পৰা ১মে, ২০২০ পৰ্যন্ত ব্লু ডাৰ্টে ২৪৫খন কাৰ্গো বিমানৰ জৰিয়তে ২,৬৭,৪১৭কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ পৰিক্ৰমা সম্পূৰ্ণ কৰি ৪,১৭৯টন সামগ্ৰীৰ পৰিবহণ কৰিছে। ইয়াৰ বিপৰীতে, ইণ্ডিগোৱে ৩এপ্ৰিলৰ পৰা ১মে, ২০২০লৈ ৮২খন কাৰ্গো বিমানৰ জৰিয়তে ১,৩৬,০৬০কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ পৰিক্ৰমা সম্পূৰ্ণ কৰি ৩৯৩টন সামগ্ৰীৰ পৰিবহণ কৰিছে। সেইদৰে, ভিষ্টাৰাই ১৯এপ্ৰিলৰ পৰা ১মে, ২০২০ ভিতৰত ৮২খন কাৰ্গো বিমানৰ জৰিয়তে ২৮,৫৯০কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ পৰিক্ৰমা সম্পূৰ্ণ কৰি ১৩৯টন সামগ্ৰীৰ পৰিবহণ কৰিছে।

আন্তঃৰাষ্ট্ৰীয়

পূব এচীয় দেশসমূহৰ সৈতে এক বায়ু-সেঁতু স্থাপন কৰা হৈছে। যোৱা ৪ এপ্ৰিল, ২০২০ তাৰিখৰ পৰা এয়াৰ ইণ্ডিয়াৰ বিমানে ৮৪২টন পৰিমাণৰ চিকিত্সা সামগ্ৰী তথা উপকৰণ কঢ়িয়াই আনে। সেইদৰে, ব্লু ডাৰ্টৰ বিমানে ১৪এপ্ৰিলৰ পৰা ১মে,২০২০ৰ ভিতৰত গুৱানজৌ আৰু চাংহাইৰ পৰা ১১৪টন পৰিমাণৰ চিকিত্সা সামগ্ৰী তথা উপকৰণ কঢ়িয়াই আনে। ইয়াৰ বিপৰীতে, স্পাইচজেটৰ বিমানে ১মে, ২০২০পৰ্যন্ত গুৱানজৌ আৰু চাংহাইৰ পৰা ২০৪টন আৰু হংকং আৰু ছিংগাপোৰৰ পৰা ১৬টন পৰিমাণৰ চিকিত্সা সামগ্ৰী তথা উপকৰণ কঢ়িয়াই আনে।

****

RJ/NG/KB



(Release ID: 1620550) Visitor Counter : 109