ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়

লকডাউনৰ মাজতে আই আই পি এৰ সমাৱৰ্তন অনুষ্ঠানত অনলাইযোগে কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙৰ ভাষণ

Posted On: 30 APR 2020 7:18PM by PIB Guwahati

নতুন এক ইতিহাসৰ সূচনা কৰি লকডাউনৰ মাজতে আজি ভাৰতীয় প্ৰশাসনিক সেৱা প্ৰতিষ্ঠান (আই আই পি এ)ৰ এডভান্সড প্ৰগ্ৰাম ইন পাব্লিক এডমিনিষ্ট্ৰেশ্যন পাঠ্যক্ৰমৰ ৪৫ তম সমাৱৰ্তন অনুষ্ঠানত সমগ্ৰ ভাৰতৰ কেন্দ্ৰীয় সেৱাৰ ৪৫ জন জ্যেষ্ঠ গ্ৰুপ ‘এ’ বিষয়া আৰু সেনাৰ আটাইকেইটা শাখাৰে জ্যেষ্ঠ বিষয়াৰ উপস্থিতিত অনলাইযোগে কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে মূখ্য অতিথিৰ ভাষণ ৰাখে।

ভিডিঅ’ কনফাৰেন্সযোগে অনুষ্ঠিত এই সভাত আই আই পি এৰ সঞ্চালক সুৰেন্দ্ৰ নাথ ত্ৰিপাঠী, কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগৰ সচিৱ চি চন্দ্ৰমৌলী, আই আই পি এৰ পঞ্জীয়ক অমিতাভ ৰঞ্জনৰ লগতে আই আই পি এৰ শিক্ষকসকল তথা নিজৰ নিজৰ বিদ্যায়তনিক পাঠ্যক্ৰমসমূহত সফলতাৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলে অংশ গ্ৰহণ কৰে।

লকডাউন চলি থকাৰ পিছতো নানা বিকল্প পথৰ সন্ধান কৰি প্ৰাৰ্থীৰ ভাইভাকে ধৰি আজিৰ সমাৱৰ্তন অনুষ্ঠানলৈকে আই আই পি এই বিদ্যায়তনিক পাঠ্যক্ৰমসমূহ সম্পূৰ্ণ কৰাৰ লগতে সকলো কাম অনলাইযোগে সময়মতে সমাধা কৰাৰ বাবে ড০ জিতেন্দ্ৰ সিঙে শলাগ লয়।

https://static.pib.gov.in/WriteReadData/userfiles/image/IIPA-DJSSGZS.jpeg

আই আই পি এৰ সামৰ্থ বৃদ্ধিৰ বাবে লোৱা প্ৰচেষ্টাৰ শলাগ লৈ ড০ জিতেন্দ্ৰ সিঙে কয় যে প্ৰতিষ্ঠানটোৱে সময়ৰ দাবী অনুসৰি নিজকে সজাই লৈছে। এক প্ৰাণৱন্ত প্ৰতিষ্ঠানহিচাপে ই অবিৰতভাৱে বিভিন্ন উদ্ভাৱনী চিন্তাৰে নিজৰ উত্তৰণ ঘটাই আহিছে। 

’ভিড-১৯ ৰ বাবে হোৱা লকডাউনৰ সময়ত আই আই পি এই লোৱা পদক্ষেপৰ তেওঁ শলাগ লয় আৰু ’ভিড-১৯ ৰদ্বাৰা সৃষ্ট পৰিস্থিতিৰ পৰা শিক্ষা লৈ প্ৰতিষ্ঠানটোৱে ন ন আৰ্হিৰে অবিৰতভাৱে দেশৰ বাবে প্ৰয়োজনীয় সেৱা আগবঢ়াই যাব পাৰিব বুলি আশা ব্যক্ত কৰে।

ড০ জিতেন্দ্ৰ সিঙে কয় যে ’ভিড-১৯ এ বৰ্তমানৰ চৰকাৰৰ নিম্নতম শাসন আৰু অধিকতম প্ৰশাসনৰ নীতিকেই পুনৰ প্ৰমাণ কৰিলে। ’ভিড-১৯ ৰ বিৰুদ্ধে আমাৰ যুঁজে ভাৰতক বিশ্বৰ সন্মূখত সসন্মানে থিয় কৰালে আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক বিশ্বৰ ভিতৰতে এজন অতি উচ্চমানৰ জনতাৰ নেতা হিচাপে প্ৰতিপন্ন কৰিলে।

সহ-সঞ্চালক ড০ নিতু সিঙে আগবঢ়োৱা শলাগৰ শৰাইৰে এই সমাৱৰ্তন অনুষ্ঠানৰ সামৰণি পৰে।

<><><><><>

VG/SNC/PRK



(Release ID: 1619835) Visitor Counter : 169