বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণ আৰু নিৰীক্ষণৰ বাবে ডিজিটেল নিৰীক্ষণ

এই নিৰীক্ষণ তিনিটা পৰ্যায়ত হ’বঃ ভাইৰাছ, ৰোগী আৰু ৰোগীৰ চিকিৎসা প্ৰক্ৰিয়া

Posted On: 24 APR 2020 6:31PM by PIB Guwahati

চেণ্টাৰ ফ’ৰ চেলুলাৰ এণ্ড মলিকিউলাৰ বায়’ল’জী (চিচিএমবি) আৰু ইন্সটিটিউট অব্ জেনেটিকছ এণ্ড ইণ্টিগ্ৰেটেড বায়’লজী (আইজিআইবি)য়ে কিছু সংখ্যক সংস্থাৰ সহযোগিতাত ক’ৰোনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ জীৱ বিজ্ঞান, মহামাৰী বিজ্ঞান আৰু ৰোগৰ প্ৰভাৱ অনুধাৱন কৰিবলৈ ডিজিটেল নিৰীক্ষণ আৰু আনৱিক নিৰীক্ষণৰ বাবে কাম কৰি আছে৷

ন’ভেল ক’ৰোনা ভাইৰাছৰ ডিজিটেল আৰু আণৱিক নিৰীক্ষণৰ সৈতে বৈজ্ঞানিকসকলে এই পৰ্যন্ত সন্ধান কৰিব নোৱাৰা বিষয়সমূহ সন্ধান কৰিবলৈ প্ৰয়াস কৰি আছে৷ এই কেন্দ্ৰ আইজিআইবিত স্থাপন কৰা হ’ব য’ত সকলো গৱেষণাগাৰ, অনুসন্ধান কেন্দ্ৰ আৰু চিকিৎসালয়ে ক্লাউড শ্বেয়াৰিঙৰ জৰিয়তে নিজৰ ডাটাসমূহ বিনিময় কৰিব৷

এই নিৰীক্ষণ তিনিটা পৰ্যায়ত সম্পন্ন কৰা হ’বঃ ভাইৰাছ, ৰোগী আৰু ৰোগীৰ চিকিৎসা প্ৰক্ৰিয়া৷ এই সন্দৰ্ভত ডাঃ অগ্ৰৱালে কয় যে এয়া মুকলি প্ৰক্ৰিয়া হ’লেও সকলো গোপনীয় স্তৰত সম্পন্ন কৰা হ’ব৷ ইয়াৰ তথ্যসমূহ ডাউনলোড কৰিব পৰা নহ’ব কিয়নো ইয়াৰ কিছুমান অংশ গোপনীয় হ’ব৷ এই তথ্য চৰকাৰৰ বাবে উপলব্ধ হ’ব৷ ইয়াৰ উদ্দেশ্য হ’ল অধিকতম সংখ্যক লোকক লাভ প্ৰদান কৰা৷ তেওঁ কয় যে যিসকল লোকে এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ বিচাৰে তেওঁলোকক স্বাগতম জনোৱা হৈছে৷

 

****

 

KGS/( DST/(India Science Wire))/MANN



(Release ID: 1618383) Visitor Counter : 166